--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এগৰাকী  পোলিং এজেণ্টৰ  ছবি এতিয়া সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। এনে পৰিস্থিতিত, সকলোৱে জানিব বিচাৰে যে এই পোলিং এজেণ্টগৰাকী কোন। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাএই গৰাকী পোলিং এজেণ্ট হৈছে ঈশা অৰোৰা।  উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ লোকসভা আসনৰ এটা  ভোটকেন্দ্ৰত কৰ্তব্যৰত হৈ আছিল তেওঁ । 

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ  ভোটগ্ৰহণ  আজি অনুষ্ঠিত হয় ।ঈশা  অৰোৰাই কয়, "যদি আমি কোনো কৰ্তব্য পালনৰ দায়িত্ব লাভ কৰো , আমি সময়সীমাৰ ভিতৰত সেয়া কৰা  উচিত। কোনো কামকে  সহজভাৱে ল'ব নালাগে। মই মোৰ সঠিক সময়ত কৰ্তব্যত উপস্থিত হৈছো। সকলো পুৰুষ আৰু মহিলা কৰ্মচাৰীয়ে সময়মতে তেওঁলোকৰ কৰ্তব্য পালন কৰিব লাগে যাতে সকলো কাম সহজে কৰিব পৰা যায়।" 

ছ'চিয়েল মিডিয়াত তেওঁৰ কৰ্তব্যনিষ্ঠাকলৈ  মানুহে কৰা মন্তব্যত  ঈশাই হাঁহি হাঁহি কয়, "মই এই মুহূৰ্তত মন্তব্য পঢ়িব পৰা নাই, কাৰণ মই সময় পোৱা নাই।" মই ইয়াৰ বিষয়ে নাজানো, কাৰণ ব্যস্ততাৰ বাবে মই ম'বাইলটো  চাব পৰা নাই ।" তেওঁ ভাইৰেল হৈ পৰাৰ কাৰণটো হৈছে তেওঁ সময়মতে ভোটকেন্দ্ৰলৈ আহি এবাৰ ওপৰলৈ মূৰ নদঙাকৈ কেৱল কামেই কৰি গৈছিল। সেই ছবি কোনোবাই হয়তো সামাজিক মাধ্যমত এৰি দিছিল।  সৌন্দৰ্যৰ বাবে নহয়, কিন্তু সময়ানুবৰ্তিতাৰ  বাবে তেওঁ এতিয়া ভাইৰেল হৈ পৰিছে। তেওঁ সম্পূৰ্ণ নিষ্ঠাৰে  তেওঁৰ কৰ্তব্য পালন কৰিছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ