--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • খুতুৰা শাক এণ্টি-অক্সিডেণ্ট, ভিটামিন (A, C, K) আৰু মেগনেছিয়াম, কেলছিয়াম, পটাছিয়াম, আইৰণ আদিৰ চহকী উৎস।

ডিজিটেল ডেস্ক: খুতুৰা শাক (Amaranthus viridis) অসমীয়া সমাজত অতি জনপ্ৰিয়। খুতুৰা শাকৰ ভাজি, খুতুৰা শাকৰ জোল খাই অসমীয়া মানুহে বহুত ভালপায়। দাইলৰ লগতো খুতুৰা শাক ৰান্ধি খোৱা হয়। এই শাক এক অতি পুষ্টিকৰ বনৌষধি, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। ব’হাগ বিহুৰ সময়ত ১০১ বিধ শাকৰ ভিতৰত ই অন্যতম। 


খুতুৰা শাক এণ্টি-অক্সিডেণ্ট, ভিটামিন (A, C, K) আৰু মেগনেছিয়াম, কেলছিয়াম, পটাছিয়াম, আইৰণ আদিৰ চহকী উৎস। খুতুৰা শাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। ই হজমশক্তি বৃদ্ধি, কোষ্ঠকাঠিন্য দূৰ, হাড় মজবুত কৰা, ৰক্তহীনতা নিৰাময়, আৰু পাইলছৰ সমস্যাত উপকাৰী। ইয়াত থকা অমেগা-৩ ফেটি এচিড হৃদৰোগ প্ৰতিৰোধ কৰে আৰু উচ্চ কেলচিয়ামৰ বাবে দাঁত আৰু নখৰ বাবে উপকাৰী। 


খুতুৰা শাকৰ প্ৰধান উপকাৰিতা:


১) ৰোগ প্ৰতিৰোধ: এণ্টি-অক্সিডেণ্ট গুণেৰে ভৰপূৰ হোৱাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।


২) হজম আৰু পেটৰ সমস্যা: হজম শক্তি বঢ়ায়, পেটৰ আলচাৰ দূৰ কৰে আৰু কোষ্ঠকাঠিন্য নিৰাময়ত সহায় কৰে।


৩) ৰক্তহীনতা দূৰ: আইৰণ আৰু ভিটামিন C-ৰ উপস্থিতিৰ বাবে ৰক্তহীনতা বা হিম’গ্ল’বিনৰ নাটনি দূৰ কৰে।


৪) হাড় আৰু দাঁতৰ যত্ন: প্ৰচুৰ পৰিমাণৰ কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছ থকাৰ বাবে হাড়, নখ আৰু দাঁত মজবুত কৰে।


৫) হৃদৰোগ প্ৰতিৰোধ: ইয়াত থকা ওমেগা-৩ ফেটি এচিড হৃদযন্ত্ৰৰ বাবে উপকাৰী।


৬) দৃষ্টিশক্তি বৃদ্ধি: ভিটামিন A-ৰ উৎস হোৱাৰ বাবে চকুৰ দৃষ্টিশক্তি উন্নত কৰে।


৭) ডায়েবেটিছ নিয়ন্ত্ৰণ: মধুমেহ ৰোগীৰ বাবে ই উপকাৰী বুলি গণ্য কৰা হয়।


৮) কটা-ছিঙা: কটা-ছিঙাৰ তেজ বন্ধ কৰাত সহায় কৰে।


৯) প্ৰস্ৰাৱৰ সমস্যা: প্ৰস্ৰাৱৰ জ্বলা-পোৰা বা কমকৈ প্ৰস্ৰাৱ হোৱা সমস্যা দূৰ কৰে। 


১০) ইয়াৰ দ্বাৰা চৰ্মৰোগ, কোষ্ঠকাঠিন্য আৰু তেজ আমাশয় আদি ৰোগৰ উপশম পোৱা যায়।


গতিকে আপোনাৰ খাদ্য তালিকাত খুতুৰা শাক সংযোগ কৰক আৰু সুস্বাস্থ্যৰ অধিকাৰী হওক। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি