--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনা বসন্ত পঞ্চমী উৎসৱ পালন কৰা হয়। শিক্ষা আৰু সংগীতৰ দেৱী মাতৃ সৰস্বতীক উৎসৰ্গা কৰা হয় বসন্ত পঞ্চমী উৎসৱ। এই দিনটোত মাতৃ সৰস্বতীৰ আনুষ্ঠানিক পূজাৰ দ্বাৰা মানৱ জীৱনত চলি থকা সকলো বিপদ নিৰ্মূল কৰা হয়। এইবাৰ ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী উৎসৱ পালন কৰা হ’ব। জ্যোতিষীসকলৰ মতে যদি কোনো শিশুৱে পঢ়া-শুনা কৰিবলৈ মন নকৰে বা তেওঁৰ একাগ্ৰতা দুৰ্বল হয়, তেন্তে বসন্ত পঞ্চমীৰ দিনা বাস্তুৰ কিছুমান বিশেষ উপায় গ্ৰহণ কৰিলে যথেষ্ট উপকাৰ হয়।

সৰস্বতীৰ ছবি

বসন্ত পঞ্চমীৰ দিনা শিশুৰ অধ্যয়ন কক্ষত মাতৃ সৰস্বতীৰ এখন ছবি বা প্ৰতিমূৰ্তি ৰাখক। এই ছবি বা মূৰ্তিটো ল’ৰা-ছোৱালীৰ ঠিক সন্মুখত ৰাখক। এনে কৰিলে তেওঁলোকৰ একাগ্ৰতা আৰু জ্ঞান বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে ভাল ফলাফল পাব পাৰে। অধ্যয়নৰ টেবুলত দেৱীৰ সৰু মূৰ্তি এটাও ৰাখিব পাৰে।

১) এই দিশত মুখ কৰি পঢ়িব লাগেঃ পঢ়াৰ সময়ত ল’ৰা-ছোৱালীৰ মুখখন পূব বা উত্তৰ দিশলৈ হ’ব লাগে। লগতে মনত ৰাখিব যে মেৰুদণ্ড পোন হ’ব লাগে। বসন্ত পঞ্চমীৰ পাছ দিনাৰে পৰা এই নিয়মৰ সঞ্চাৰ কৰক। সৰস্বতী পূজাত কিতাপ নপঢ়া এক নিয়মো আছে, সেয়েহে পাছদিনাৰ পৰা এই নিয়ম কৰিলে নিশ্চিতভাৱে ভাল ফলাফল পাব।

২) অধ্যয়ন টেবুলঃ অধ্যয়ন কক্ষত অধ্যয়নৰ টেবুলখন সম্পূৰ্ণৰূপে বেৰত লাগি থাকিব নালাগে। দুয়োৰে মাজত যথেষ্ট মুক্ত ঠাই থাকিব লাগে। যদি তেনেকুৱা নহয়, তেন্তে নিশ্চয়কৈ বসন্ত পঞ্চমীৰ দিনা অধ্যয়ন কক্ষত এই পৰিৱৰ্তন কৰক। 

৩) চাকৰিৰ প্ৰস্তুতিঃ যদি আপুনি পঢ়া-শুনা সম্পূৰ্ণ কৰি এতিয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে সদায় উত্তৰ দিশত বহি পঢ়া-শুনা কৰক। এই বাস্তু টিপছে আপোনাক কেতিয়াও পেছাদাৰী জীৱনত ভাল চাকৰি বিচাৰি পোৱাৰ দিশত ব্যৰ্থ হ'বলৈ নিদিয়ে।

৪) অধ্যয়ন কক্ষঃ অধ্যয়নত ভাল ফলাফল পাবলৈ অধ্যয়নৰ সৈতে জড়িত পৰিৱৰ্তনো প্ৰয়োজনীয়। যদি আপুনি এই পৰিৱৰ্তনসমূহ বসন্ত পঞ্চমীত কৰে তেন্তে ই আৰু ভাল হ’ব। অধ্যয়নৰ টেবুলখন আয়তাকাৰ হ’ব লাগে। তাৰ ওপৰত কিতাপ দম বান্ধি নাৰাখিব। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লওক। অধ্যয়ন কক্ষটো সদায় পৰিষ্কাৰ কৰি ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী