--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মনসা দেৱীৰ মন্দিৰটো শিৱালিক পৰ্বত শ্ৰেণীৰ বিল্ব পর্বতত আছে। ঘটনাস্থলীত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ লোক উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান চলায়।

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ প্ৰখ্যাত মনসা মন্দিৰত আজি হোৱা ঠেলা-হেঁাঁচাত পদপিষ্ট হৈ ছজন লোক নিহত হোৱাৰ লগতে আন ২৯জন লোক আহত হয়।


আহতসকলৰ ৫জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। এই ঘটনাটো ঘটে কালি পুৱা ৯-৩০ বজাত।


উল্লেখযোগ্য যে মনসা দেৱী মন্দিৰটো পাহাৰৰ ওপৰত আছে আৰু ইয়ালৈ যাবলৈ প্ৰায় ৮০০টা ছিৰি বগাব লাগে। এজন প্রত্যক্ষদর্শীয়ে জনোৱা মতে, আজি মন্দিৰ দৰ্শনৰ বাবে ভক্তৰ যথেষ্ট ভিৰ হৈছিল। একাংশ ভক্তই ছিৰিত লগোৱা তাঁৰত ধৰি ওপৰলৈ উঠিছিল। সেই সময়তে একাংশ তাঁৰৰ ওপৰৰ তৰপটো এৰাই যায় আৰু তাত বিদ্যুৎ প্ৰৱাহিত হোৱা বুলি এটা খবৰ বিয়পি পৰে। ফলত ছিৰিয়েদি ওপৰলৈ উঠা ভক্তসকলৰ মাজত হুৱা-দুৱা লাগে আৰু ঠেলা-হেঁচাৰ সৃষ্টি হয়। অৱশ্যে, স্থানীয় আৰক্ষীয়ে উক্ত তাঁৰত বিদ্যুৎ প্ৰৱাহিত হোৱাৰ বাতৰিক অস্বীকাৰ কৰিছে। আৰক্ষীৰ মতে, ই এক উৰা বাতৰি আছিল।


গড়ৱাল মহকুমাৰ আয়ুক্ত বিনয় শংকৰ পাণ্ডেই কয় যে মন্দিৰ যথেষ্ট ভিৰ হোৱাৰ বাবে এই দুর্ঘটনাটো ঘটে। হৰিদ্বাৰৰ এছ এছপি প্রমেন্দ্র সিং ডোভালে কয় যে মনসা দেৱী মন্দিৰত হোৱা ঠেলা-হেঁচাত পদপিষ্ট হৈ ৩৫জন লোক আহত হোৱাৰ তথ্য লাভ কৰা হৈছিল। পাছত ছয়জন লোকৰ মৃত্যু হয়।


ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নির্দেশ দিয়ে। তেওঁ কয় যে বিদ্যুৎ প্ৰৱাহিত হোৱাৰ উৰা বাতৰি কেনেকৈ আৰু কিয় বিয়পি পৰিল সেই বিষয়ে অনুসন্ধান কৰি থকা হৈছে। দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ কয়।


উল্লেখযোগ্য যে মনসা দেৱীৰ মন্দিৰটো শিৱালিক পৰ্বত শ্ৰেণীৰ বিল্ব পর্বতত আছে। স্থানীয় প্রশাসনে জনোৱা মতে ঘটনাস্থলীত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ লোক উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান চলায়। ঘটনাস্থলীৰ পৰা ভিৰ আঁতৰোৱা হয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা