--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মনসা দেৱীৰ মন্দিৰটো শিৱালিক পৰ্বত শ্ৰেণীৰ বিল্ব পর্বতত আছে। ঘটনাস্থলীত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ লোক উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান চলায়।

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ প্ৰখ্যাত মনসা মন্দিৰত আজি হোৱা ঠেলা-হেঁাঁচাত পদপিষ্ট হৈ ছজন লোক নিহত হোৱাৰ লগতে আন ২৯জন লোক আহত হয়।


আহতসকলৰ ৫জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। এই ঘটনাটো ঘটে কালি পুৱা ৯-৩০ বজাত।


উল্লেখযোগ্য যে মনসা দেৱী মন্দিৰটো পাহাৰৰ ওপৰত আছে আৰু ইয়ালৈ যাবলৈ প্ৰায় ৮০০টা ছিৰি বগাব লাগে। এজন প্রত্যক্ষদর্শীয়ে জনোৱা মতে, আজি মন্দিৰ দৰ্শনৰ বাবে ভক্তৰ যথেষ্ট ভিৰ হৈছিল। একাংশ ভক্তই ছিৰিত লগোৱা তাঁৰত ধৰি ওপৰলৈ উঠিছিল। সেই সময়তে একাংশ তাঁৰৰ ওপৰৰ তৰপটো এৰাই যায় আৰু তাত বিদ্যুৎ প্ৰৱাহিত হোৱা বুলি এটা খবৰ বিয়পি পৰে। ফলত ছিৰিয়েদি ওপৰলৈ উঠা ভক্তসকলৰ মাজত হুৱা-দুৱা লাগে আৰু ঠেলা-হেঁচাৰ সৃষ্টি হয়। অৱশ্যে, স্থানীয় আৰক্ষীয়ে উক্ত তাঁৰত বিদ্যুৎ প্ৰৱাহিত হোৱাৰ বাতৰিক অস্বীকাৰ কৰিছে। আৰক্ষীৰ মতে, ই এক উৰা বাতৰি আছিল।


গড়ৱাল মহকুমাৰ আয়ুক্ত বিনয় শংকৰ পাণ্ডেই কয় যে মন্দিৰ যথেষ্ট ভিৰ হোৱাৰ বাবে এই দুর্ঘটনাটো ঘটে। হৰিদ্বাৰৰ এছ এছপি প্রমেন্দ্র সিং ডোভালে কয় যে মনসা দেৱী মন্দিৰত হোৱা ঠেলা-হেঁচাত পদপিষ্ট হৈ ৩৫জন লোক আহত হোৱাৰ তথ্য লাভ কৰা হৈছিল। পাছত ছয়জন লোকৰ মৃত্যু হয়।


ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নির্দেশ দিয়ে। তেওঁ কয় যে বিদ্যুৎ প্ৰৱাহিত হোৱাৰ উৰা বাতৰি কেনেকৈ আৰু কিয় বিয়পি পৰিল সেই বিষয়ে অনুসন্ধান কৰি থকা হৈছে। দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ কয়।


উল্লেখযোগ্য যে মনসা দেৱীৰ মন্দিৰটো শিৱালিক পৰ্বত শ্ৰেণীৰ বিল্ব পর্বতত আছে। স্থানীয় প্রশাসনে জনোৱা মতে ঘটনাস্থলীত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ লোক উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান চলায়। ঘটনাস্থলীৰ পৰা ভিৰ আঁতৰোৱা হয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক