--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৫ চনৰ ১৬ জুলাইত প্ৰিয়াক ফাঁচী দিয়াৰ কথা আছিল যদিও এদিন পূৰ্বে ভাৰতৰ গ্ৰেণ্ড মুফতি এ পি আবুবকাৰ মুছলিয়াৰে য়েমেন চৰকাৰক ব্যক্তিগত অনুৰোধ জনাইছিল

ডিজিটেল ডেস্ক : য়েমেনত কাৰাবন্দী কেৰালাৰ নাৰ্ছ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিলৰ দাবী কান্থাপুৰম এ পিৰ গ্ৰেণ্ড মুফতি আবুবকাৰ মুছলিয়াৰৰ কাৰ্যালয়ৰ । অৱশ্যে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই দাবীক ভুৱা তথ্য বুলি অভিহিত কৰিছে।


মুছলিয়াৰৰ কাৰ্যালয়ে কয় যে, "পূৰ্বতে য়েমেনৰ ৰাজধানী ছানায়াত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল, য'ত নিমিষা প্ৰিয়াৰ মৃত্যু সাময়িকভাৱে স্থগিত ৰখা হৈছিল। অৱশ্যে এতিয়া নতুন সিদ্ধান্তত তেওঁৰ শাস্তি সম্পূৰ্ণৰূপে বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।"


২০২৫ চনৰ ১৬ জুলাইত প্ৰিয়াক ফাঁচী দিয়াৰ কথা আছিল যদিও এদিন পূৰ্বে ভাৰতৰ গ্ৰেণ্ড মুফতি এ পি আবুবকাৰ মুছলিয়াৰে য়েমেন চৰকাৰক ব্যক্তিগত অনুৰোধ জনাইছিল। ফলত সাময়িকভাৱে ফাঁচী বন্ধ কৰা হয়। ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে নিমিষা প্ৰিয়াৰ সৈতে জড়িত ফাঁচী বাতিলৰ সন্দৰ্ভত যি সূত্ৰই শ্বেয়াৰ কৰিছে সেয়া ভুল।


চাকৰি বিচাৰি য়েমেনলৈ গৈছিল নিমিষা


২০০৮ চনত কেৰালাৰ ৩৮ বছৰীয়া নাৰ্ছ নিমিষা প্ৰিয়া চাকৰি বিচাৰি য়েমেনলৈ গৈছিল। খ্ৰীষ্টান পৰিয়ালৰ পৰা অহা নিমিষাই য়েমেনৰ নাগৰিক তালাল আব্দো মাহদিৰ সৈতে ছানাত এখন ক্লিনিক মুকলি কৰে। এই সময়ছোৱাত মাহদীয়ে প্ৰিয়াক হাৰাশাস্তি কৰিবলৈ ধৰিলে। মাহদীয়ে ৰাজহুৱাভাৱে নিজকে স্বামী বুলি ঘোষণা কৰিছিল। জব্দ কৰিলে নিমিষাৰ পাছপ’ৰ্ট। য়েমেনত থাকিবলৈ বাধ্য কৰালে। অৱশ্যে প্ৰিয়াই ভাৰতলৈ উভতি যাব বিচাৰিছিল, কিন্তু পাছপ’ৰ্ট অবিহনে এইটো সম্ভৱ নহ’ল। ২০১৭ চনত মাহদীক অচেতন কৰি পাছপ’ৰ্ট ঘূৰাই পাবলৈ চেষ্টা কৰাত পৰিস্থিতি ভয়াৱহ হৈ পৰে যদিও ড্ৰাগছৰ অতিমাত্ৰা সেৱনৰ বাবে মাহদিৰ মৃত্যু হয় আৰু নিমিষাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হয়।


আইনী প্ৰক্ৰিয়া আৰু মৃত্যুদণ্ড নিশ্চিত কৰা


২০১৮ চনত নিমিষা প্ৰিয়াৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত ২০২০ চনত য়েমেনৰ আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ২০২৪ চনৰ ডিচেম্বৰ মাহত য়েমেনৰ ৰাষ্ট্ৰপতি ৰাছাদ আল আলিমীয়ে আৰু ২০২৫ চনৰ জানুৱাৰী মাহত হাউথী নেতা মাহদি আল মাছাটে মৃত্যুদণ্ডৰ আনুষ্ঠানিকভাৱে অনুমোদন জনাইছিল।এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় শিৰোনামলৈ আহিছিল যেতিয়া বিভিন্ন মানৱ অধিকাৰ সংগঠন, ভাৰতীয় সামাজিক কৰ্মী আৰু সংবাদ মাধ্যমে ইয়াৰ বিৰুদ্ধে মাত মাতিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক