--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা-পৰিচালক সতীশ কৌশিকৰ আকস্মিক মৃত্যুত দুখত ভাগি পৰিছিল অনুপম খেৰ। অনুপম খেৰৰ  বেষ্ট ফ্ৰেণ্ড আছিল সতীশ কৌশিক। সতীশ কৌশিকে হঠাতে এই পৃথিৱী এৰি গুচি যোৱাত অনুপম খেৰ দুখৰ সাগৰত ডুব গৈছিল। 

ইয়াৰ লগতে সতীশ কৌশিকৰ মৃত্যুত তেওঁৰ পত্নীৰ অৱস্থা বেয়া হৈ পৰিছিল আৰু কন্যা বংশিকাও বেয়াকৈ ভাঙি গৈছিল। ২০২৩ চনৰ ৯ মাৰ্চত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ সতীশ কৌশিকৰ মৃত্যু হয়। তেতিয়াৰ পৰা অনুপম খেৰে কন্যা বংশিকাক চোৱা-চিতা কৰি আহিছে। অনুপম খেৰ যিমানেই ব্যস্ত নাথাকক কিয়, তেওঁ নিশ্চিতভাৱে বংশিকাৰ বাবে সময় উলিয়ায়। 

তেওঁ প্ৰায়ে ইনষ্টাগ্ৰামত বংশিকাৰ সৈতে ৰিল আৰু ভিডিঅ’ শ্বেয়াৰ কৰে। অনুপম খেৰে কয় যে তেওঁ সতীশক ঘূৰাই আনিব নোৱাৰে, কিন্তু নিশ্চিতভাৱে সতীশৰ কন্যাৰ পিতৃ হ’ব পাৰে। অনুপম খেৰে কয় যে ‘‘মই বংশিকাৰ জীৱনত পিতৃ সতীশ কৌশিকৰ অনুপস্থিতি পূৰণ কৰিবলৈ চেষ্টা কৰিছো।’’ অনুপম খেৰে লগতে কৈছিল যে ‘‘সতীশক হেৰুৱাই ময়ো মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হেৰুৱালো। তেওঁক মই সদায় মিছ কৰোঁ।’’

অনুপম খেৰে লগতে কয় যে, ‘‘বংশিকাৰ জীৱনত মই সতীশৰ ঠাই ল’ব নোৱাৰো। বৰং কোনেও নোৱাৰে। কিন্তু বংশিকাক আৱেগিক শক্তি নিশ্চয় দিব পাৰিম। যাতে বংশিকাই অনুভৱ কৰিব পাৰে যে তাইৰ জীৱনত পিতৃৰ দৰে কোনোবা এজন আছে।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক