--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘মইতো আগতেই আপোনালোকক কৈছিলোঁ যে, সিদ্ধু এজন স্থিৰতাহীন লোক আৰু তেওঁ পঞ্জাৱ কংগ্ৰেছক নেতৃত্ব দিয়াৰ বাবে উপযুক্ত নহয়।’ পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰপৰা আকস্মিকভাৱে পদত্যাগ কৰাৰ পাছত নৱজ্যোৎ সিং সিদ্ধুক লৈ প্ৰাক্তন মুখ্যমমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে এনে তীৰ্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। সিঙৰ এই তীৰ্যক প্ৰতিক্ৰিয়াই প্ৰকৃততে পঞ্জাৱ কংগ্ৰেছত চলি থকা অস্থিৰ আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ ইংগিত দিছে। মূলতঃ সিদ্ধুৰ বিসম্বাদৰ বাবেই পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ বাধ্য হৈছিল কেপ্টেইন অমৰিন্দৰ সিং। অভিজ্ঞ আৰু ধীৰ-স্থিৰ ব্যক্তিত্বৰ অমৰিন্দৰ সিঙক আঁতৰাই কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধুৰ হাতত পঞ্জাৱ কংগ্ৰেছৰ ভৱিষ্যৎ অৰ্পন কৰিছিল। কিন্তু দুমাহৰ ভিতৰতে সিদ্ধুৱে হাইকমাণ্ডকে বেকফুটলৈ থেলি দিলে।

বিসম্বাদৰেৰে তেওঁ অমৰিন্দৰ সিঙৰ উইকেটৰ পতন ঘটালে ঠিকেই কিন্তু তেওঁ নিজকো ক্ৰিজত সুৰক্ষিত কৰি ৰাখিব নোৱাৰিলে। কি অসন্তুষ্টিৰ বাবে তেওঁ এনে চৰম সিদ্ধান্ত ল’বলগীয়া হ’ল সেয়া এতিয়াও স্পষ্ট নহয় যদিও ছোনিয়া গান্ধীলৈ লিখা পত্ৰত সিদ্ধুৱে উল্লেখ কৰিছে যে, তেওঁ ‘কম্প্ৰমাইজ’ কৰি কাম কৰিব নোৱাৰে। নতুন মুখ্যমন্ত্ৰী চন্নীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈয়ে সিদ্ধুৰ অসন্তুষ্টি আৰম্ভ হোৱা বুলি ধাৰণা কৰা হৈছে যদিও সভাপতিৰ দৰে এক দায়িত্বপূৰ্ণ পদ এৰিবলগীয়া পৰিস্থিতি হোৱাটো একেবাৰে ভাবিব নোৱৰা কথা। তাকো দুটা মাহৰ ভিতৰতে।

উল্লেখ্য যে, অমৰিন্দৰ সিঙক আঁতৰাই সিদ্ধুক দায়িত্ব অৰ্পনৰ জৰিয়তে কংগ্ৰেছ হাইকমাণ্ডে এক ‘কেলকুলেটিভ ৰিস্ক’ বা ‘পৰিকল্পিত ৰিস্ক’ লোৱা বুলি বিভিন্ন ৰাজনৈতিক বিশ্লেষকে মত পোষণ কৰিছিল যদিও সিদ্ধুই নিজেই হাইকমাণ্ডৰ সিদ্ধান্ত তথা পদক্ষেপক ভুল বুলি প্ৰমাণ কৰিলে। অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত কংগ্ৰেছৰ এই স্বসৃষ্ট অস্থিৰতা অতি ক্ষতিকাৰক বিবেচিত হ’ব পাৰে। ইতিমধ্যে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি তীব্ৰ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে অমৰিন্দৰ সিঙে। ‘কুটিল আৰু অকলশৰীয়া মনোবৃত্তি’ৰ সিদ্ধুক তেওঁ শৈশৱৰে পৰা চিনি পায় বুলি মন্তব্য কৰি সিঙে কৈছে যে, তেওঁ দলৰ লগত খেলিব পৰা মানুহেই নহয়।

এনে পৰিপ্ৰেক্ষিতত হাইকমাণ্ডেও বিশেষকৈ ছোনিয়া ৰাহুলৰ বাবে পৰিস্থিতি চম্ভালাটো অতি প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰাৰ সম্ভাৱনা আছে। অমৰিন্দ সিং ইতিমধ্যে দিল্লীত উপস্থিত হৈছে আৰু তেওঁ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে সম্পৰ্কত থকা বুলি জানিবপৰা গৈছে। যদি এয়া সঁচা হয় তেন্তে পঞ্জাৱ ধৰি ৰখাটো কংগ্ৰেছৰ কাৰণে প্ৰৱল প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিব পাৰে। নতুন মুখ্যমন্ত্ৰী চন্নীৰ বাবেও পৰিস্থিতি প্ৰতিকূল হৈ ধৰা দিব। কৃষক বিদ্ৰোহে উত্তাল কৰি ৰখা পঞ্জাৱৰ শাসকীয় দলৰ এই অস্থিৰতাই ক্ষমতাকাংক্ষী আম আদমী পাৰ্টী আৰু বিজেপিৰ বাবেও আশাৰ সঞ্চাৰ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক