--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেলছিয়ামৰ অভাৱক হাইপোকেলচেমিয়া বুলিও কোৱা হয়। যেতিয়া যিকোনো লোকৰ শৰীৰে পৰ্যাপ্ত পৰিমাণে কেলছিয়াম নাপায়, তেতিয়া হাইপোকেলচিমেয়া হয়। সেয়েহে সু-স্বাস্থ্যৰ বাবে কেলছিয়ামৰ গুৰুত্বৰ বিষয়ে সকলোৱে জনা উচিত। বয়সৰ সৈতে কেলছিয়ামৰ অভাৱ সচৰাচৰ হোৱা দেখা যায়। শৰীৰৰ বেছিভাগ কেলছিয়াম হাড়ত সংৰক্ষণ পোৱা যায়। বয়সৰ সৈতে হাড় পাতল আৰু কম ঘন হৈ পৰাৰ ফলত শৰীৰক কেলছিয়ামৰ প্ৰয়োজন হয়। কেলছিয়ামসমৃদ্ধ খাদ্য গ্ৰহণ কৰি এই অভাৱ পূৰণ কৰিব পাৰি।

 কেলছিয়ামৰ অভাৱত হ’ব পৰা এইকেইটা সমস্যা-

১. পেশীৰ সংকোচন-

যেতিয়াই শৰীৰে পৰ্যাপ্ত পৰিমাণৰ হিমোগ্লোবিন আৰু উপযুক্ত পৰিমাণৰ পানীৰ পৰিমাণ থকা স্বত্তেও মানুহে নিয়মীয়াকৈ পেশীৰ সংকোচন হয়, তেনেহ’লে ই কেলছিয়ামৰ অভাৱৰ এটা লক্ষণ বুলি

২. হাড়ৰ ঘনত্ব হ্ৰাস-

বয়স বৃদ্ধি হোৱাৰ লগে লগে হাড়ৰ খনিজকৰণৰ বাবে কেলছিয়াম অত্যাৱশকীয় হৈ পৰে। কেলছিয়ামৰ অভাৱত মানুহৰ হাড়ৰ সমস্যাই স্বাস্থ্যক পোনপটীয়াকৈ প্ৰভাৱিত কৰে আৰু অষ্টিঅ’পোৰোচিছ আৰু হাড় ভঙাৰ আশংকা বাঢ়িবলৈ ধৰে।

৩. নখৰ সমস্যা হোৱা-

নখৰ বাবেও কেলছিয়ামৰ প্ৰয়োজন। কেলছিয়ামৰ অভাৱৰ বাবে নখবোৰ দুৰ্বল হোৱাৰ লগতে ভাঙিবলৈ আৰম্ভ কৰে।

৪. দাঁতৰ বিষ-

শৰীৰৰ ৯০ শতাংশ কেলছিয়াম দাঁত আৰু হাড়ত থাকে। ইয়াৰ অভাৱৰ ফলত দাঁত আৰু হাড়ৰ ক্ষমতা হ্ৰাস পাবলৈ ধৰে।

৫. মাহেকীয়া সময়ৰ বিষ-

কেলছিয়ামৰ অভাৱ থকা নাৰীসকলে ঋতুস্রাৱৰ সময়ত তীব্র বিষ অনুভৱ কৰে। কিয়নো পেশীৰ কাৰ্যত কেলছিয়ামে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

৬. ৰোগ প্ৰতিৰোধকাৰী ক্ষমতাৰ অভাৱ-

কেলছিয়ামে শৰীৰত ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা শক্তিশালী কৰে। যেতিয়া কেলছিয়ামৰ অভাৱ হয়, শৰীৰৰ বীজাণুৰ আক্রমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা হ্ৰাস হয়। 

৭. স্নায়ু সমস্যা-

কেলছিয়ামৰ অভাৱৰ ফলত স্নায়বিক সমস্যা, হতাশা, অনিদ্ৰা, আৰু ডিমেনচিয়া দৰে সমস্যাও হ’ব পাৰে। কেলছিয়ামে হৃদযন্ত্রক তেজ যোগান ধৰাত সহায় কৰে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ