--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেলছিয়ামৰ অভাৱক হাইপোকেলচেমিয়া বুলিও কোৱা হয়। যেতিয়া যিকোনো লোকৰ শৰীৰে পৰ্যাপ্ত পৰিমাণে কেলছিয়াম নাপায়, তেতিয়া হাইপোকেলচিমেয়া হয়। সেয়েহে সু-স্বাস্থ্যৰ বাবে কেলছিয়ামৰ গুৰুত্বৰ বিষয়ে সকলোৱে জনা উচিত। বয়সৰ সৈতে কেলছিয়ামৰ অভাৱ সচৰাচৰ হোৱা দেখা যায়। শৰীৰৰ বেছিভাগ কেলছিয়াম হাড়ত সংৰক্ষণ পোৱা যায়। বয়সৰ সৈতে হাড় পাতল আৰু কম ঘন হৈ পৰাৰ ফলত শৰীৰক কেলছিয়ামৰ প্ৰয়োজন হয়। কেলছিয়ামসমৃদ্ধ খাদ্য গ্ৰহণ কৰি এই অভাৱ পূৰণ কৰিব পাৰি।

 কেলছিয়ামৰ অভাৱত হ’ব পৰা এইকেইটা সমস্যা-

১. পেশীৰ সংকোচন-

যেতিয়াই শৰীৰে পৰ্যাপ্ত পৰিমাণৰ হিমোগ্লোবিন আৰু উপযুক্ত পৰিমাণৰ পানীৰ পৰিমাণ থকা স্বত্তেও মানুহে নিয়মীয়াকৈ পেশীৰ সংকোচন হয়, তেনেহ’লে ই কেলছিয়ামৰ অভাৱৰ এটা লক্ষণ বুলি

২. হাড়ৰ ঘনত্ব হ্ৰাস-

বয়স বৃদ্ধি হোৱাৰ লগে লগে হাড়ৰ খনিজকৰণৰ বাবে কেলছিয়াম অত্যাৱশকীয় হৈ পৰে। কেলছিয়ামৰ অভাৱত মানুহৰ হাড়ৰ সমস্যাই স্বাস্থ্যক পোনপটীয়াকৈ প্ৰভাৱিত কৰে আৰু অষ্টিঅ’পোৰোচিছ আৰু হাড় ভঙাৰ আশংকা বাঢ়িবলৈ ধৰে।

৩. নখৰ সমস্যা হোৱা-

নখৰ বাবেও কেলছিয়ামৰ প্ৰয়োজন। কেলছিয়ামৰ অভাৱৰ বাবে নখবোৰ দুৰ্বল হোৱাৰ লগতে ভাঙিবলৈ আৰম্ভ কৰে।

৪. দাঁতৰ বিষ-

শৰীৰৰ ৯০ শতাংশ কেলছিয়াম দাঁত আৰু হাড়ত থাকে। ইয়াৰ অভাৱৰ ফলত দাঁত আৰু হাড়ৰ ক্ষমতা হ্ৰাস পাবলৈ ধৰে।

৫. মাহেকীয়া সময়ৰ বিষ-

কেলছিয়ামৰ অভাৱ থকা নাৰীসকলে ঋতুস্রাৱৰ সময়ত তীব্র বিষ অনুভৱ কৰে। কিয়নো পেশীৰ কাৰ্যত কেলছিয়ামে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

৬. ৰোগ প্ৰতিৰোধকাৰী ক্ষমতাৰ অভাৱ-

কেলছিয়ামে শৰীৰত ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা শক্তিশালী কৰে। যেতিয়া কেলছিয়ামৰ অভাৱ হয়, শৰীৰৰ বীজাণুৰ আক্রমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা হ্ৰাস হয়। 

৭. স্নায়ু সমস্যা-

কেলছিয়ামৰ অভাৱৰ ফলত স্নায়বিক সমস্যা, হতাশা, অনিদ্ৰা, আৰু ডিমেনচিয়া দৰে সমস্যাও হ’ব পাৰে। কেলছিয়ামে হৃদযন্ত্রক তেজ যোগান ধৰাত সহায় কৰে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু