--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাস্থ্য ভালে ৰাখিবলৈ সদায় পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো ভাল। হৃদযন্ত্ৰৰ শক্তিয়ে মানুহৰ স্বাস্থ্যসন্মত সমস্যাবোৰ দূৰ কৰাত সহায় কৰে।  হৃদস্পন্দন হঠাৎ বন্ধ হ’লে কাৰ্ডিয়াক এৰেষ্ট বোলা হয়। যিটো কোনো ইংগিত বা সতৰ্কবাণী নোহোৱাকৈ হঠাতে ঘটে। হৃদযন্ত্ৰৰ বিসংগতিৰ বাবে এই আক্ৰমণ হয়। ই ঠিক এটা কম্পিউটাৰ চিষ্টেমৰ দৰেই, কম্পিউটাৰৰ তাঁৰবোৰ যিদৰে সংযোগ হৈ থাকি কাম কৰি থাকে, সেইদৰে হৃদযন্ত্ৰয়েও কৰে। 

কাৰ্ডিয়াক এৰেষ্ট কি?

বহুতে ভাবে যে কাৰ্ডিয়াক এৰেষ্ট হৈছে হাৰ্ট এটেকৰ এক প্ৰকাৰ। কিন্তু তেনেকুৱা একেবাৰেই নহয়। হৃদযন্ত্ৰৰ ভিতৰৰ অংশবোৰ ক্ষতিগ্ৰস্ত হ’লে কাৰ্ডিয়াক এটেক হয়। অৰ্থাৎ হৃদযন্ত্ৰৰ কাম হ’ল তেজ শুদ্ধ কৰি ৰখা। সমগ্ৰ শৰীৰত তেজ চলাচল কৰাত ই সহায় কৰে। তেজত কিবা সমস্যা হ’লে হৃদস্পন্দনত প্ৰত্যক্ষ প্ৰভাৱ পৰে। হাৰ্ট এটেকৰ বিষৰ পৰা ইতিমধ্যে সুস্থ হৈ উঠা লোকসকলৰ হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা বেছি।
 
হৃদযন্ত্ৰ বন্ধ হোৱাৰ লক্ষণ

দ্ৰুত হৃদস্পন্দন

বুকুৰ বিষ অনুভৱ 

মূৰ ঘুৰণি

শ্বাস-প্ৰশ্বাসৰ সমস্যা

সোনকালে ভাগৰুৱা অনুভৱ কৰা
 
হাৰ্ট এটেক কি?

আজিকালিৰ জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে হাৰ্ট এটেকৰ ফলত হোৱা মৃত্যুৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। যাৰ বাবে বহুতে নিজৰ জীৱনশৈলীক ভাল কৰি তোলাত নিয়োজিত হৈ আছে। 

হৃদযন্ত্ৰৰ কিছুমান অংশলৈ তেজৰ সোঁত কমি গ’লে হাৰ্ট এটেক হয়। কিন্তু কাৰ্ডিয়াক এটেকত হঠাতে তেজ চলাচল বন্ধ হৈ পৰে। হাৰ্ট এটেকৰ পিছতো শৰীৰৰ কিছুমান অংশত তেজ চলাচল কৰি থাকে। কিন্তু কাৰ্ডিয়াক এটেক হ’লে সমগ্ৰ শৰীৰত তেজৰ সঞ্চালন বন্ধ হৈ যায়।

গতিকে ওপৰত উল্লেখ কৰা ৫টা লক্ষণে দেখা দিলেই তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপক। অলপ দেৰি হ’লেই কেতিয়াবা হ’ব পাৰে বিপদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু