--°C
Loading...
Listen to Article
2 min read
80%

মহাৰাষ্ট্ৰ : কালৰো কাল বিপৰীত কাল সুৰাপায়ীয়ে চেলেকে ছেনিটাইজাৰ।প্ৰথমবাৰৰ নিচিনা কৰনাৰ দ্বিতীয় ঢৌতো সৰ্বাধিক সংক্ৰমণৰ হাৰ মহাৰাষ্ট্ৰত। ক’ভিড সংক্ৰমণ ৰোধৰ বাবে মহাৰাষ্ট্ৰত ইতিমধ্যে লকডাউন ঘোষণা কৰা হৈছে। লকডাউনৰ বাবে বন্ধ হৈ পৰিছে সুৰাৰ দোকান। কিন্তু, একাংশ সুৰাপায়ীয়ে সুৰাৰ নাপাই ছেনিটাইজাৰ পান কৰিবলৈও কুণ্ঠাবোধ কৰা নাই। নিজৰ প্ৰাণকো বিপদাপন্ন কৰি ছজনকৈ লোকে মৃত্যুক আকোঁৱালি লোৱা এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ইয়াভাতমল জিলাৰ ৱানি তেহছিল।

আৰু পঢ়িব পাৰিব : ৫৪ বছৰীয়াৰ কামনাৰ বলি নাবালিকা, গ্ৰেপ্তাৰ অভিযুক্ত


সুৰা বিচাৰি নোপোৱাত কেইজনমান বাসিন্দাই ছেনিটাইজাৰ পান কৰিছিল।গুৰুতৰভাৱে অসুস্থ হৈ পৰা লোককেইজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰাৰ কিছুসময়ৰ পাছতেই তেওঁলোক মৃত্যুমুখত পৰে। ইয়াভাতমলৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা দিলীপ ভুজবলে এই ঘটনা সন্দৰ্ভত জনায় যে, ৱানিৰ কেইজনমান শ্ৰমিকে সুৰাৰ পৰিৱৰ্তে ছেনিটাইজৰ পান কৰিছিল।

আৰু পঢ়িব পাৰিব : ‘যাদু’ৰ যাদুকৰী : কথমপি ৰক্ষা পৰিল ক্ৰিছ গেইল!

তিনিজনৰ স্বাস্থ্যৰ অৱনতিৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও কিছুসময়ৰ পাছতেই তিনিওজনৰ মৃত্যু হয় আৰু বাকী ৩জনৰ নিজ বাসগৃহতে মৃত্যুঘটে। স্থানীয় প্ৰশাসনে ৱানিত মৃত্যু হোৱা শ্ৰমিককেইজনৰ নাম প্ৰকাশ কৰিছে। শ্ৰমিককেইজন হৈছে ক্ৰমে, সুনীল ধেংলে(৩২), দত্ত লঞ্জেওয়াৰ (৫৭), ভৰত ৰুইকৰ(৩৮),গণেশ চেলাৰ(৪৫),সন্তোষ মেহেৰ(৩৫) আৰু ৰাহুল পাৰ্থতকৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ