--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লকডাউনৰ বিধি ভংগ কৰি জনতাৰ ৰোষত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন। কৰ’না মহামাৰী প্ৰথম ঢৌত সৰ্বস্ৰান্ত হোৱা ব্ৰিটেইনে এইবাৰো তেনে পৰিস্থিতিৰ মুখামুখী হ’বলগীয়া নহওক বুলিয়ে লকডাউনৰ ঘোষণা কৰিছিল। ২০২০ চনৰ মে’ মাহত কৰ’না সংক্ৰমিতৰ হাৰ অবাধ গতিত বৃদ্ধি পোৱা সময়তে নিয়ম ভংগ কৰিছিল প্ৰধানমন্ত্ৰী বৰিছ জনছনে। বিশ্বত কাল কৰ’নাৰ উপদ্ৰৱ চলি থকা সময়তে ১০ ডাউনিং ষ্ট্ৰীটৰ বাগিচাত বিশাল পাৰ্টীৰ আয়োজন কৰিছিল বুলি অভিযোগ উঠিছে বৰিছৰ বিৰুদ্ধে। পাৰ্টীৰ ছবিখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বিতৰ্কত সোমাই পৰিছে প্ৰধানমন্ত্ৰীগৰাকী। বিৰোধীপক্ষৰ আক্ৰমণৰ উপৰি কনজাৰ্ভেটিভ পাৰ্টীৰো নিৰন্তৰ লক্ষ্য হৈ পৰিছে ৫৭ বছৰীয়া জনছন। ৰাজহুৱা স্পষ্টীকৰণ,সংসদত ক্ষমা বিচাৰিও জনতাক বুজাব পৰা পাই জনছনে। এক কথাত, লকডাউন পাৰ্টীৰ বাবে সিংহাসন হেৰুৱাৰ দিশে বৰিছ জনছন। আমলা ছু গ্ৰেয়ে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ পোৱা গৈছে। বৰিছৰ ক্ষমাপ্ৰাৰ্থনাক একেমুখে অস্বীকাৰ কৰিছে জনতাই। ক্ষমা নহয় বৰিছৰ বিৰুদ্ধে এতিয়া পদত্যাগৰ দাবী সজোৰে উঠা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীৰ সমান্তৰালকৈ কোন হ’ব বৰিছৰ উত্তৰাধিকাৰী তাক লৈও এতিয়া প্ৰশ্ন উঠিছে। সঘনে আহিছে ভাৰতীয় বংশোদ্ভূত ঋষি চুনাকেৰ নাম। ৪১ বছৰীয়া চুনাক বৰ্তমান বৰিছৰ আটাইতকৈ সবল প্ৰতিদ্বন্দী বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বৰিছ জনছনে বুধবাৰে সংসদত সুৰাৰ পাৰ্টীৰ কথা উল্লেখ কৰি বিচাৰিছিল ক্ষমা। প্ৰধানমন্ত্ৰীয়ে ক্ষমা বিচৰা প্ৰসংগৰ আওতাত চুনাকে কয়, ‘বৰিছে কৰা ভুলৰ বাবে সংসদত ক্ষমা বিচাৰি ভাল কামে কৰিছে। কিন্তু অনুসন্ধানলৈ বাট চোৱাৰ বাবে তেওঁ ধৈৰ্য ধৰিবলৈ কৰা আবেদনকো মই সমৰ্থন কৰিছো।‘ ভাৰতীয় বংশোদ্ভূত ঋষি চুনাকৰ উপৰিও বৈদেশিক সচিব লিজ ট্ৰাছ, কেন্দ্ৰীয় মন্ত্ৰী মাইকেল গোৱে বৰিছৰ স্থান লোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, বৰিছ জনছনে ২০১৯ চনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী থকাকালীন সময়তে সপ্তমবাৰৰ বাবে পিতৃ হৈছিল বৰিছ। ২০২১ চনৰ ডিচেম্বৰ মাহত ব্ৰিটিছ ফাৰ্ষ্ট লেডী কেৰী জনছনে এটি কন্যা সন্তান জন্ম দিছিল। শপত গ্ৰহণৰ পাছৰে পৰা কেৰী ১০ ডাউনিং ষ্ট্ৰীটত বৰিছ জনছনৰ সৈতে সহবাস কৰি আছিল। ৫৬ বছৰীয়া বৰিছ আৰু ৩৩ বছৰীয়া কেৰীৰ বিবাহো হৈছিল কৰ’নাৰ সময়তে। কেৰীৰ পূৰ্বেও বৰিছে দুবাৰ বিবাহ পাশত আৱদ্ধ হৈছিল। ২০১৮ চনত দ্বিতীয় পত্নীৰে বিবাহ বিচ্ছেদ হৈছিল বৰিছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু