--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লকডাউনৰ বিধি ভংগ কৰি জনতাৰ ৰোষত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন। কৰ’না মহামাৰী প্ৰথম ঢৌত সৰ্বস্ৰান্ত হোৱা ব্ৰিটেইনে এইবাৰো তেনে পৰিস্থিতিৰ মুখামুখী হ’বলগীয়া নহওক বুলিয়ে লকডাউনৰ ঘোষণা কৰিছিল। ২০২০ চনৰ মে’ মাহত কৰ’না সংক্ৰমিতৰ হাৰ অবাধ গতিত বৃদ্ধি পোৱা সময়তে নিয়ম ভংগ কৰিছিল প্ৰধানমন্ত্ৰী বৰিছ জনছনে। বিশ্বত কাল কৰ’নাৰ উপদ্ৰৱ চলি থকা সময়তে ১০ ডাউনিং ষ্ট্ৰীটৰ বাগিচাত বিশাল পাৰ্টীৰ আয়োজন কৰিছিল বুলি অভিযোগ উঠিছে বৰিছৰ বিৰুদ্ধে। পাৰ্টীৰ ছবিখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বিতৰ্কত সোমাই পৰিছে প্ৰধানমন্ত্ৰীগৰাকী। বিৰোধীপক্ষৰ আক্ৰমণৰ উপৰি কনজাৰ্ভেটিভ পাৰ্টীৰো নিৰন্তৰ লক্ষ্য হৈ পৰিছে ৫৭ বছৰীয়া জনছন। ৰাজহুৱা স্পষ্টীকৰণ,সংসদত ক্ষমা বিচাৰিও জনতাক বুজাব পৰা পাই জনছনে। এক কথাত, লকডাউন পাৰ্টীৰ বাবে সিংহাসন হেৰুৱাৰ দিশে বৰিছ জনছন। আমলা ছু গ্ৰেয়ে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ পোৱা গৈছে। বৰিছৰ ক্ষমাপ্ৰাৰ্থনাক একেমুখে অস্বীকাৰ কৰিছে জনতাই। ক্ষমা নহয় বৰিছৰ বিৰুদ্ধে এতিয়া পদত্যাগৰ দাবী সজোৰে উঠা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীৰ সমান্তৰালকৈ কোন হ’ব বৰিছৰ উত্তৰাধিকাৰী তাক লৈও এতিয়া প্ৰশ্ন উঠিছে। সঘনে আহিছে ভাৰতীয় বংশোদ্ভূত ঋষি চুনাকেৰ নাম। ৪১ বছৰীয়া চুনাক বৰ্তমান বৰিছৰ আটাইতকৈ সবল প্ৰতিদ্বন্দী বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বৰিছ জনছনে বুধবাৰে সংসদত সুৰাৰ পাৰ্টীৰ কথা উল্লেখ কৰি বিচাৰিছিল ক্ষমা। প্ৰধানমন্ত্ৰীয়ে ক্ষমা বিচৰা প্ৰসংগৰ আওতাত চুনাকে কয়, ‘বৰিছে কৰা ভুলৰ বাবে সংসদত ক্ষমা বিচাৰি ভাল কামে কৰিছে। কিন্তু অনুসন্ধানলৈ বাট চোৱাৰ বাবে তেওঁ ধৈৰ্য ধৰিবলৈ কৰা আবেদনকো মই সমৰ্থন কৰিছো।‘ ভাৰতীয় বংশোদ্ভূত ঋষি চুনাকৰ উপৰিও বৈদেশিক সচিব লিজ ট্ৰাছ, কেন্দ্ৰীয় মন্ত্ৰী মাইকেল গোৱে বৰিছৰ স্থান লোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, বৰিছ জনছনে ২০১৯ চনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী থকাকালীন সময়তে সপ্তমবাৰৰ বাবে পিতৃ হৈছিল বৰিছ। ২০২১ চনৰ ডিচেম্বৰ মাহত ব্ৰিটিছ ফাৰ্ষ্ট লেডী কেৰী জনছনে এটি কন্যা সন্তান জন্ম দিছিল। শপত গ্ৰহণৰ পাছৰে পৰা কেৰী ১০ ডাউনিং ষ্ট্ৰীটত বৰিছ জনছনৰ সৈতে সহবাস কৰি আছিল। ৫৬ বছৰীয়া বৰিছ আৰু ৩৩ বছৰীয়া কেৰীৰ বিবাহো হৈছিল কৰ’নাৰ সময়তে। কেৰীৰ পূৰ্বেও বৰিছে দুবাৰ বিবাহ পাশত আৱদ্ধ হৈছিল। ২০১৮ চনত দ্বিতীয় পত্নীৰে বিবাহ বিচ্ছেদ হৈছিল বৰিছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু