--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ’না মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰা দেশবাসীলৈ সুখবৰ! ভাৰতে কৰ’না প্ৰতিৰোধৰ জৰুৰী ব্যৱহাৰৰ বাবে বিশ্বৰ প্ৰথম ডিএনএ ভেকচিনৰ অনুমোদন জনাইছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক ডিচিজিআই-এ জাইডাছ কেডিলাৰ দ্বাৰা প্ৰস্তুত কৰা তিনিপালিৰ জাইকভ-ডি ভেকচিনৰ জৰুৰী ব্যৱহাৰৰ অনুমতি দিছে। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ১২বছৰৰ ঊৰ্ধ্বৰ সকলোৱে এই ভেকচিন গ্ৰহণ কৰিব পাৰিব। দেশৰ কেন্দ্ৰীয় চৰকাৰে মুঠ ৬টা ভেকচিন কাৰ্যকৰী কৰাৰ বাবে জৰুৰী অনুমতি প্ৰদান কৰিছে।


গুজৰাটৰ কোম্পানী জাইডাছ কেডিলাই সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে এই ডিএনএ ভেকচিনটো প্ৰস্তুত কৰি উলিয়াইছে। নিৰ্মাণ কোম্পানীটোৱে তিনিটা পালিৰ ভেকচিনৰ ৬৬.৬ শতাংশলৈকে কৰ’না মহামাৰীক প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে।


টুইটাৰযোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদৰী কৰিছে যে, বিশ্বৰ প্ৰথমটো ডিএনএ ক’ভিড ভেকচিন ভাৰতীয় বিজ্ঞানীসকলৰ বাবে এক কৃতিত্ব। ইয়াৰ জৰিয়তে ভাৰতে সম্পূৰ্ণ শক্তিৰে কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হ’ব।
ইফালে, চিকিৎসকসকলেও জাইকভ-ডি ভেকচিনৰ অনুমোদন লাভ কৰি সুখী। কেডিলা হেলথকেয়াৰে প্ৰকাশ কৰা মতে, ভাৰতত ভেকচিনৰ বাবে চলা এইটো আটাইতকৈ বৃহৎ পৰীক্ষণ। এই পৰীক্ষণকাৰ্যত দেশৰ ২৮হাজাৰ স্বেচ্ছাসেৱকে ৫০টাতকৈ অধিক কেন্দ্ৰত অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে, প্ৰতিবছৰে ১২০ নিযুত ডিএনএ ভেকচিনৰ পালি প্ৰস্তুত কৰিব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই আশ্বাস প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ