--°C
Loading...
Listen to Article
2 min read
80%

জয়পুৰ : বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট। বিগত ৭০ বছৰে কংগ্ৰেছে কি কৰিলে বুলি বিজেপিয়ে কৰি অহা প্ৰশ্নৰ প্ৰত্যুত্তৰ দি জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৱে গণতন্ত্ৰ অটুট ৰাখিছে আৰু দেশক অবিভাজিত ৰূপত ধৰি ৰাখিছে। যাৰ ফলতে আজি নতুন চৰকাৰ প্ৰতিষ্ঠা হ’ব পাৰিছে।

তেওঁ লগতে কয় যে, কংগ্ৰেছ নেতাসকলৰ ত্যাগ তথা তেওঁলোকৰ কাৰাবৰণৰ কাৰণেই দেশে স্বাধীনতা লাভ কৰিছিল। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিৱস উপলক্ষে আয়োজিক এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে গেহলটে। তেওঁ কয় যে, এই প্ৰশ্ন কৰা সহজ যে, বিগত ৭০ বছৰে কি কৰিলে? এই ৭০ বছৰত কংগ্ৰেছে দেশ আৰু গণতন্ত্ৰ অটুট ৰাখিছে।

যাৰ বাবে পাকিস্তানৰ দৰে ভাৰত সামৰিক শাসকৰ অধীনলৈ যাবলগীয়া হোৱা নাই। তেওঁ লগতে কয় যে, চৰকাৰ আহি থাকিব গৈ থাকিব। বৰ্তমানৰ চৰকাৰখনো এইবাবেই প্ৰতিষ্ঠা হৈছে যে, দেশত গণতন্ত্ৰ শক্তিশালী হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু