--°C
Loading...
Listen to Article
2 min read
80%

জয়পুৰ : বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট। বিগত ৭০ বছৰে কংগ্ৰেছে কি কৰিলে বুলি বিজেপিয়ে কৰি অহা প্ৰশ্নৰ প্ৰত্যুত্তৰ দি জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৱে গণতন্ত্ৰ অটুট ৰাখিছে আৰু দেশক অবিভাজিত ৰূপত ধৰি ৰাখিছে। যাৰ ফলতে আজি নতুন চৰকাৰ প্ৰতিষ্ঠা হ’ব পাৰিছে।

তেওঁ লগতে কয় যে, কংগ্ৰেছ নেতাসকলৰ ত্যাগ তথা তেওঁলোকৰ কাৰাবৰণৰ কাৰণেই দেশে স্বাধীনতা লাভ কৰিছিল। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিৱস উপলক্ষে আয়োজিক এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে গেহলটে। তেওঁ কয় যে, এই প্ৰশ্ন কৰা সহজ যে, বিগত ৭০ বছৰে কি কৰিলে? এই ৭০ বছৰত কংগ্ৰেছে দেশ আৰু গণতন্ত্ৰ অটুট ৰাখিছে।

যাৰ বাবে পাকিস্তানৰ দৰে ভাৰত সামৰিক শাসকৰ অধীনলৈ যাবলগীয়া হোৱা নাই। তেওঁ লগতে কয় যে, চৰকাৰ আহি থাকিব গৈ থাকিব। বৰ্তমানৰ চৰকাৰখনো এইবাবেই প্ৰতিষ্ঠা হৈছে যে, দেশত গণতন্ত্ৰ শক্তিশালী হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ