--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসহ্যকৰ গৰমৰ বাবে হীট ষ্ট্ৰ'ক হৈ বুধবাৰে আন দুজন লোকে প্রাণ হেৰুওৱাৰ খবৰ পোৱা গৈছে দুলীয়াজান আৰু গোৱালপাৰাত দুজন লোকে হীট ষ্ট্র'কত আক্ৰান্ত হৈ প্রাণ হেৰুৱায়

ডিজিটেল ডেস্ক : প্রচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। উৎকট গৰমৰ বাবে আনকি বিদ্যালয়ৰ পাঠদানৰ সময় পর্যন্ত সলনি কৰিবলগীয়া হৈছে। আনহাতে আগন্তুক দুদিন ধৰি ৰাজ্যৰ পৰিৱেশ একেই থকাৰ আগলি বতৰা দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এই আগলি বতৰা অনুসৰি ৰাজ্যৰ প্ৰায় সকলো স্থানতে আগন্তুক দুটা দিনত পাৰাস্তম্ভ ৩৫ ডিগ্রী চেলছিয়াছৰ অধিক থাকিব আৰু সকলো স্থানতে পাৰাস্তম্ভ স্বাভাৱিক পৰিমাণতকৈ ৩-৫ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাব। 


ইফালে ৰাজ্যত অসহ্যকৰ গৰমৰ বাবে হীট ষ্ট্ৰ'ক হৈ বুধবাৰে আন দুজন লোকে প্রাণ হেৰুওৱাৰ খবৰ পোৱা গৈছে। দুলীয়াজান আৰু গোৱালপাৰাত দুজন লোকে হীট ষ্ট্র'কত আক্ৰান্ত হৈ প্রাণ হেৰুৱায়। 


ইয়াকে ধৰি চলিত বছৰত এইপর্যন্ত হীট ষ্ট্ৰ'কত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে ৰাজ্যত দৈনিক পাৰাস্তম্ভ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিক জীবনযাত্রা ব্যাহত হৈ পৰিছে। আনকি ৰাজ্যৰ ঠাইবিশেষে পাৰাস্তম্ভ ৩৮ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰিছে। উৎকট গৰমৰ বাবেই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। 


বুধবাৰৰ পৰা পুৱা সোনকালে বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰি দুপৰীয়া ১২-৩০ বজাৰ ভিতৰত ছুটী দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইফালে ৰাজ্যৰ প্ৰায়বোৰ স্থানতে পাৰাস্তম্ভ স্বাভাৱিক তাপমানতকৈ ৪ৰ পৰা ৬ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি পোৱাত পৰিৱেশ অসহনীয় হৈ পৰিছে। ইফালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগলি বতৰা অনুসৰি আগন্তুক দুটা দিনতো ৰাজ্যৰ কেইবাটাও স্থানত তাপমান স্বাভাৱিকতকৈ ৩ৰ পৰা ৫ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। অৱশ্যে ১৪ জুনৰ পৰা তাপমান ২-৩ ডিগ্রী চেলছিয়াছ হ্রাস পাব বুলিও আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্রই। উল্লেখযোগ্য যে বুধবাৰৰ দিনটোত পাৰাস্তম্ভ সর্বোচ্চ থকা স্থান আছিল মাজবাট। এই স্থানত বুধবাৰৰ সৰ্বোচ্চ তাপমান আছিল ৩৮.৮ ডিগ্রী চেলছিয়াছ। মাজবাটত বুধবাৰে স্বাভাৱিকতকৈ তাপমান ৭.২ ডিগ্রী চেলছিয়াছ অধিক আছিল। 


আনহাতে চাপৰমুখত তাপমান আছিল ৩৮.৬ ডিগ্রী চেলছিয়াছ। ইয়াত স্বাভাৱিক তাপমানতকৈ পাৰাস্তম্ভ ৮ ডিগ্রী চেলছিয়াছ বৃদ্ধি পায়। ৰঙিয়াত ৩৭.৬ ডিগ্রী চেলছিয়াছ আছিল আৰু ইয়াত স্বাভাৱিক তাপমানতকৈ ৭ ডিগ্রী চেলছিয়াছ অধিক আছিল। একেদৰে গুৱাহাটীত সর্বোচ্চ তাপমান আছিল ৩৭.৪ ডিগ্রী চেলছিয়াছ আছিল আৰু এয়া স্বাভাৱিক তাপমানতকৈ ৪.৯ ডিগ্রী চেলছিয়াছ অধিক আছিল। লামডিঙতো বুধবাৰে সর্বোচ্চ তাপমান আছিল ৩৭.৪ ডিগ্রী চেলছিয়াছ। ডিব্ৰুগড়ত সর্বোচ্চ তাপমান ৩৭.৭ ডিগ্রী চেলছিয়াছ আছিল আৰু স্বাভাৱিক তাপমানতকৈ এয়া ৬.৬ ডিগ্রী চেলছিয়াছ অধিক আছিল। তেজপুৰত ৩৭.৫ ডিগ্রী চেলছিয়াছ, শিলচৰত ৩৭.৮ ডিগ্রী চেলছিয়াছ, ধুবুৰীত ৩৬.১ ডিগ্রী চেলছিয়াছ, যোৰহাটত ৩৭.৬ ডিগ্রী চেলছিয়াছ, গোৱালপাৰাত ৩৬.৪ ডিগ্রী চেলছিয়াছ আৰু গোলাঘাটত ৩৬ ডিগ্রী চেলছিয়াছ আছিল বুধবাৰৰ দিনটোৰ সর্বোচ্চ তাপমান। ইফালে ৰাজ্যত প্ৰচণ্ড গৰমৰ বাবে বুধবাৰে গোৱালপাৰাত এজন যুৱকৰ হীট ষ্ট্ৰ'ক হৈ মৃত্যু ঘটে। পেছাত ব্যৱসায়ী নিহত যুৱকজনক সিধাবাৰী ৰণুৱাৰ নকিবুজ জামান (৩২) বুলি চিনাক্ত কৰা হৈছে। 


দুলীয়াজানতো একেদৰে হীট ষ্ট্ৰ'ক হৈ এজন লোকে প্রাণ হেৰুওৱাৰ খবৰ পোৱা গৈছে। অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ কাষত থকা জিৰণি চ'ৰাত এই লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে লোকজনক এইপর্যন্ত চিনাক্ত কৰিব পৰা নাই। আনহাতে ৰাজ্যৰ উৎকট গৰমৰ সময়তে কটা ঘাত চেঙা তেল দিয়াৰ দৰে ৰাজ্যৰ বিদ্যুৎ বিভাগে কৰা ল'ড শ্বেডিঙে সৰ্বসাধাৰণক জলা-কলা খুৱাইছে। তাৰ মাজতে বৰপেটা আৰু হাউলীত ৩০ দিন ধৰি পুৱা ৪ বজাৰ পৰা ৮ বজালৈ ল'ড শ্বেডিং কৰাৰ ঘোষণা কৰিছে। কাৰিকৰী কাৰণত এই ল'ড শ্বেডিং কৰিবলগীয়া হোৱা বুলি প্ৰকাশ কৰিলেও এমাহজুৰি হ'বলগীয়া এই কাৰ্যই ৰাইজক তীব্র সমস্যাৰ সন্মুখীন কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী