--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই‌গৰাকী চলনাময়ী বোৱাৰীৰ কাণ্ডই জলাকলা খুৱাইছে নগাঁও-মৰিগাঁৱৰ বহু যুৱক আৰু বহুকেইটা পৰিয়ালক। মহিলা গৰাকী বিবাহিত আৰু এটি সন্তানৰ মাতৃ।

ডিজিটেল ডেস্ক : এগৰাকী বিশেষ সুন্দৰী বোৱাৰী । নাম প্ৰিয়ংকা বৰ্মন । ঘৰ ধিঙৰ অকৰাবৰীত ।এইগৰাকী সুন্দৰী বোৱাৰীৰ কাহিনী শুনিলে চকু কপালত উঠিব আপোনাৰো । 


এই‌গৰাকী চলনাময়ী বোৱাৰীৰ কাণ্ডই জলাকলা খুৱাইছে নগাঁও-মৰিগাঁৱৰ বহু যুৱক আৰু বহুকেইটা পৰিয়ালক। মহিলা গৰাকী বিবাহিত আৰু এটি সন্তানৰ মাতৃ। কেতিয়াবা ভাড়াঘৰ বিচাৰি আকৌ কেতিয়াবা কাম বিচাৰি মহিলা গৰাকীয়ে বিভিন্ন ধৰনৰ জালিয়াতিৰে মিছা কথা কৈ মানুহৰ ঘৰত প্ৰৱেশ কৰি সংঘটিত কৰে চুৰি আৰু ডকাইতি কাণ্ড।  


জানিব পৰা মতে মহিলা গৰাকীয়ে স্বামী থকা অৱস্থাতো নগাঁৱৰ বহু যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি বেলেগ বেলেগ ভাড়া ঘৰত কিছুদিন লিভিঙত থাকি যুৱক সকলৰ লগত বিয়া হব বুলি মিছা প্ৰলোভন দি শেষত টকা পইচা ,সোনৰ গহনা যি পাৰে লুট পাট কৰি নিয়ে আৰু ওলোটাই সেই যুৱক সকলক ব্লেক মেইল কৰে।  


এই মহিলা গৰাকীয়ে মানুহৰ ঘৰত চলনাৰে প্ৰবেশ কৰি পৰিয়ালৰ লোক সকলক নিচাজাতীয় দ্ৰৱ্য কলড্ৰিংচৰ লগত বা অন্য খোৱা বস্তুৰ লগত মিহলাই খোৱাই বেহুচ কৰি মানুহৰ ঘৰৰ পৰা সোনৰ অলংকাৰ ,টকা পইচা আৰু মুল্যবান সামগ্ৰী লোটপাত কৰি লৈ যায়। 


কেইবাটাও ডকাইতি গেঙৰ লগত মিলি এই চুৰি আৰু ডকাইতি সমূহ কৰে বুলি জানিব পৰা গৈছে। ইতিমধ্যে নগাঁও, মৰিগাঁও ধিং থানাত ৰুজো হৈ আছে কেইবাটাও গোচৰ ,জানিব পৰা মতে নগাঁও আদালতত PRC 358/23 Under Section 457/380 ipc আৰু মৰিগাঁও আদালতত PRC 219/2024 Under Section 143/380/328 ipc ত গোচৰ চলি আছে।


এইবাৰ আকৌ নগাঁৱৰ চাহিন্দৰ চাহ নামৰ এজন ব্যক্তিক বিয়া হোৱাৰ প্ৰলোভন দি প্ৰায় দুই বছৰ সম্পৰ্ক ৰাখি শেষত সেই ব্যক্তি গৰাকীৰ ঘৰৰ পৰাও সোনৰ অলংকাৰ,টকা পইচা চোৰ কৰি লৈ পলাই যায়।ইতিমধ্যে ভুক্তভুগীয়ে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰিছে । 


উল্লেখ্য যে বহু দিন ধৰি সহজ সৰল যুৱকক প্ৰলোভন দি লুটপাট চলোৱাৰ বৃহৎ অভিযোগ উত্থাপন কৰিছে ভুক্তভূগী ৰাইজে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা