--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই‌গৰাকী চলনাময়ী বোৱাৰীৰ কাণ্ডই জলাকলা খুৱাইছে নগাঁও-মৰিগাঁৱৰ বহু যুৱক আৰু বহুকেইটা পৰিয়ালক। মহিলা গৰাকী বিবাহিত আৰু এটি সন্তানৰ মাতৃ।

ডিজিটেল ডেস্ক : এগৰাকী বিশেষ সুন্দৰী বোৱাৰী । নাম প্ৰিয়ংকা বৰ্মন । ঘৰ ধিঙৰ অকৰাবৰীত ।এইগৰাকী সুন্দৰী বোৱাৰীৰ কাহিনী শুনিলে চকু কপালত উঠিব আপোনাৰো । 


এই‌গৰাকী চলনাময়ী বোৱাৰীৰ কাণ্ডই জলাকলা খুৱাইছে নগাঁও-মৰিগাঁৱৰ বহু যুৱক আৰু বহুকেইটা পৰিয়ালক। মহিলা গৰাকী বিবাহিত আৰু এটি সন্তানৰ মাতৃ। কেতিয়াবা ভাড়াঘৰ বিচাৰি আকৌ কেতিয়াবা কাম বিচাৰি মহিলা গৰাকীয়ে বিভিন্ন ধৰনৰ জালিয়াতিৰে মিছা কথা কৈ মানুহৰ ঘৰত প্ৰৱেশ কৰি সংঘটিত কৰে চুৰি আৰু ডকাইতি কাণ্ড।  


জানিব পৰা মতে মহিলা গৰাকীয়ে স্বামী থকা অৱস্থাতো নগাঁৱৰ বহু যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি বেলেগ বেলেগ ভাড়া ঘৰত কিছুদিন লিভিঙত থাকি যুৱক সকলৰ লগত বিয়া হব বুলি মিছা প্ৰলোভন দি শেষত টকা পইচা ,সোনৰ গহনা যি পাৰে লুট পাট কৰি নিয়ে আৰু ওলোটাই সেই যুৱক সকলক ব্লেক মেইল কৰে।  


এই মহিলা গৰাকীয়ে মানুহৰ ঘৰত চলনাৰে প্ৰবেশ কৰি পৰিয়ালৰ লোক সকলক নিচাজাতীয় দ্ৰৱ্য কলড্ৰিংচৰ লগত বা অন্য খোৱা বস্তুৰ লগত মিহলাই খোৱাই বেহুচ কৰি মানুহৰ ঘৰৰ পৰা সোনৰ অলংকাৰ ,টকা পইচা আৰু মুল্যবান সামগ্ৰী লোটপাত কৰি লৈ যায়। 


কেইবাটাও ডকাইতি গেঙৰ লগত মিলি এই চুৰি আৰু ডকাইতি সমূহ কৰে বুলি জানিব পৰা গৈছে। ইতিমধ্যে নগাঁও, মৰিগাঁও ধিং থানাত ৰুজো হৈ আছে কেইবাটাও গোচৰ ,জানিব পৰা মতে নগাঁও আদালতত PRC 358/23 Under Section 457/380 ipc আৰু মৰিগাঁও আদালতত PRC 219/2024 Under Section 143/380/328 ipc ত গোচৰ চলি আছে।


এইবাৰ আকৌ নগাঁৱৰ চাহিন্দৰ চাহ নামৰ এজন ব্যক্তিক বিয়া হোৱাৰ প্ৰলোভন দি প্ৰায় দুই বছৰ সম্পৰ্ক ৰাখি শেষত সেই ব্যক্তি গৰাকীৰ ঘৰৰ পৰাও সোনৰ অলংকাৰ,টকা পইচা চোৰ কৰি লৈ পলাই যায়।ইতিমধ্যে ভুক্তভুগীয়ে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰিছে । 


উল্লেখ্য যে বহু দিন ধৰি সহজ সৰল যুৱকক প্ৰলোভন দি লুটপাট চলোৱাৰ বৃহৎ অভিযোগ উত্থাপন কৰিছে ভুক্তভূগী ৰাইজে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক