--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মূলৰ আমেৰিকাৰ মহাকাশচাৰী সুনীতা উইলিয়াম্‌ছে যোৱা বছৰ ৮ জুনত মাত্র ৮ দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ গৈ ৯ মাহ ১৪ দিন মহাকাশত কটোৱাৰ পাছত কালি নিৰাপদে উভতি অহাৰ লগে লগে সকলোৱে আনন্দ-উল্লাস প্রকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পেও সন্তোষ প্ৰকাশ কৰিছে। ইয়াৰ লগতে সুনীতা পৃথিৱীলৈ সফলতাৰে উভতি অহাৰ কৃতিত্বও তেওঁ দাবী কৰে। 

ট্রাম্পে আমেৰিকাৰ সংবাদ মাধ্যমৰ আগত কয়, 'মই যেতিয়া কার্যালয়লৈ (ৰাষ্ট্ৰপতিৰ) আহিছিলোঁ তেতিয়া ইলন মাস্কক কৈছিলোঁ তেওঁলোকক (সুনীতা আৰু বুচ উইলমাৰ) ঘূৰাই আনিব লাগিব। বাইডেনে (আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ' বাইডেন) তেওঁলোকক মহাকাশত এৰি দিলে। তেওঁ তেওঁলোকক ত্যাগ কৰিলে। এতিয়া সুনীতা, বুচ উভতি আহিল। তেওঁ এতিয়া শাৰীৰিকভাৱে সক্ষম হৈ উঠিব লাগিব। তেওঁ যেতিয়া শাৰীৰিকভাৱে সক্ষম হৈ উঠিব তেতিয়া তেওঁ অভেল কাৰ্যাললৈ (ৰাষ্ট্ৰপতিৰ কাৰ্যালয়) আহিব।' ইয়াৰ আগতে হোৱাইট হাউছে সামাজিক মাধ্যমত কয়, 'যি প্রতিশ্রুতি দিছিল তাক পূৰণ কৰিলে। 

ৰাষ্ট্ৰপতি ট্রাম্পে মহাকাশত ৯ মাহ আবদ্ধ হৈ থকা মহাকাশযাত্রী কেইগৰাকীক নিৰাপদে ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল। আজি তেওঁলোকে নিৰাপদে অৱতৰণ কৰে। ইফালে সুনীতা আৰু বাচ্চ উইলমোৰ পৃথিৱীলৈ সফলতাৰে উভতি অহাৰ বাবে স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে তেওঁৰ কোম্পানীটোৰ লগতে নাছাৰ টীমক অভিনন্দন জনাইছে। মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰতিও কৃতজ্ঞতা প্রকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্রাম্পে মহাকাশচাৰী দুগৰাকীৰ প্ৰত্যাৱৰ্তনত সৰ্বাধিক গুৰুত্ব দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ