--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মূলৰ আমেৰিকাৰ মহাকাশচাৰী সুনীতা উইলিয়াম্‌ছে যোৱা বছৰ ৮ জুনত মাত্র ৮ দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ গৈ ৯ মাহ ১৪ দিন মহাকাশত কটোৱাৰ পাছত কালি নিৰাপদে উভতি অহাৰ লগে লগে সকলোৱে আনন্দ-উল্লাস প্রকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পেও সন্তোষ প্ৰকাশ কৰিছে। ইয়াৰ লগতে সুনীতা পৃথিৱীলৈ সফলতাৰে উভতি অহাৰ কৃতিত্বও তেওঁ দাবী কৰে। 

ট্রাম্পে আমেৰিকাৰ সংবাদ মাধ্যমৰ আগত কয়, 'মই যেতিয়া কার্যালয়লৈ (ৰাষ্ট্ৰপতিৰ) আহিছিলোঁ তেতিয়া ইলন মাস্কক কৈছিলোঁ তেওঁলোকক (সুনীতা আৰু বুচ উইলমাৰ) ঘূৰাই আনিব লাগিব। বাইডেনে (আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ' বাইডেন) তেওঁলোকক মহাকাশত এৰি দিলে। তেওঁ তেওঁলোকক ত্যাগ কৰিলে। এতিয়া সুনীতা, বুচ উভতি আহিল। তেওঁ এতিয়া শাৰীৰিকভাৱে সক্ষম হৈ উঠিব লাগিব। তেওঁ যেতিয়া শাৰীৰিকভাৱে সক্ষম হৈ উঠিব তেতিয়া তেওঁ অভেল কাৰ্যাললৈ (ৰাষ্ট্ৰপতিৰ কাৰ্যালয়) আহিব।' ইয়াৰ আগতে হোৱাইট হাউছে সামাজিক মাধ্যমত কয়, 'যি প্রতিশ্রুতি দিছিল তাক পূৰণ কৰিলে। 

ৰাষ্ট্ৰপতি ট্রাম্পে মহাকাশত ৯ মাহ আবদ্ধ হৈ থকা মহাকাশযাত্রী কেইগৰাকীক নিৰাপদে ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল। আজি তেওঁলোকে নিৰাপদে অৱতৰণ কৰে। ইফালে সুনীতা আৰু বাচ্চ উইলমোৰ পৃথিৱীলৈ সফলতাৰে উভতি অহাৰ বাবে স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে তেওঁৰ কোম্পানীটোৰ লগতে নাছাৰ টীমক অভিনন্দন জনাইছে। মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰতিও কৃতজ্ঞতা প্রকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্রাম্পে মহাকাশচাৰী দুগৰাকীৰ প্ৰত্যাৱৰ্তনত সৰ্বাধিক গুৰুত্ব দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু