--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ যুদ্ধৰ সময়ছোৱাত ইউক্ৰেইনে বিদেশী শক্তিৰ পৰা আৰ্থিক আৰু সামৰিক সাহায্য বিচাৰিছে। আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহেও তেওঁলোকক সহায় কৰিছে। কিন্তু শেহতীয়াকৈ সাহায্য হ্ৰাস পাইছে। যুদ্ধৰ ব্যয়ক লৈ আমেৰিকান কংগ্ৰেছৰ মাজত বিভাজন ঘটিছে। বিদেশী সাহায্যৰ বিল বাকী আছে। এই সন্দৰ্ভত ভোটদান কৰা হ’ব। 

এনে পৰিস্থিতিত ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ডেনিছ শ্বমিহালে বিশেষ মন্তব্য কৰিছে। ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে যদি ইউক্ৰেইন জয়ী নহয় তেন্তে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব বুলিও তেওঁ কয়।


ডেনিছে আশাবাদী যে ইউক্ৰেইনে অৱশেষত আমেৰিকান কংগ্ৰেছৰ ভোটত “জিকিব”। কিয়েভক দিয়া হ’ব কমেও ৬১ বিলিয়ন ডলাৰ। কিন্তু ক’ৰবাত যি সন্দেহ আছে সেয়া ডেনিছৰ কথাত স্পষ্ট। 

শনিবাৰে আমেৰিকাৰ প্ৰতিনিধি সদনে দুৰ্দশাগ্ৰস্ত দেশসমূহক সাহায্য প্ৰদানৰ ক্ষেত্ৰত ভোটদান কৰে। ইউক্ৰেইনৰ উপৰিও ইয়াত ইজৰাইল, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল অন্তৰ্ভুক্ত।

ইউক্ৰেইনৰ মুখত যুদ্ধৰ পৰাজয় বা বিশ্বযুদ্ধৰ ভাবুকি শুনাটো প্ৰথমবাৰৰ বাবে নহয়। যোৱা বছৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কৈছিল যে যদিহে ৰাছিয়াই এই যুদ্ধত জয়ী হয় তেন্তে পোলেণ্ড তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য হ’ব। তেতিয়া তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব। ক্ৰেমলিনে অৱশ্যে ইউক্ৰেইনৰ এই দাবীক সদায় “হাস্যকৰ” বুলি উলাই কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক