--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ ছবি ‘পাঠানে' বক্স অফিচ এতিয়াও প্ৰচণ্ড অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আৰু মুক্তিৰ ৯ দিনৰ পাছতো ছবিখনে কেৱল আমিৰ খানৰ ছবিখনৰ অভিলেখ ভংগ কৰাই নহয়, বৰঞ্চ ই ১০০০ কোটিৰ সংখ্যা অতিক্ৰম কৰাৰ অতি ওচৰ চাপিছে । এই ছবিখনৰ বক্স অফিচ আপডেট জানো আহক।

শ্বাহৰুখ খান, দীপিকা পাডুকন, জন আব্ৰাহাম, ডিম্পল কাপাড়িয়া আৰু আশুতোষ ৰানা অভিনীত ছবি 'পাঠান' ২০২৩ চনৰ ২৫ জানুৱাৰীত মুক্তি লাভ কৰে। মুক্তিৰ ৯ দিনৰ পাছতো ইয়াৰ উন্মাদনা যেন কমি যোৱা নাই আৰু ছবিখনে বক্স অফিচত হুলস্থুলৰ সৃষ্টি কৰিছে! বক্স অফিচৰ কেইবাটাও অভিলেখ ভংগ কৰি ব্লকবাষ্টাৰ ছবিখনে এতিয়া ১০০০ কোটি টকাৰ সীমাৰ অতি ওচৰ চাপিছে। কেৱল এয়াই নহয় শ্বাহৰুখ খানৰ এই ছবিখনেও আমিৰ খানৰ ছবিৰ অভিলেখ ভংগ কৰিছে! 

আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে মুক্তিৰ মাত্ৰ এসপ্তাহৰ পাছত ‘পাঠানে' ভাৰতত ৩০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল আৰু এতিয়া বিশেষজ্ঞসকলৰ মতে আজি নিশালৈকে এই ছবিখনে আমিৰ খানৰ ছবি ‘দংগল’ৰ সীমা অতিক্ৰম কৰিব। ৩৮৭.৩৮ কোটিৰ অভিলেখো ভংগ কৰিব। 

ইফালে মুক্তিৰ ৮ দিনৰ অন্তত বিশ্বজুৰি ৭০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে পাঠানে আৰু এতিয়া, ছবিখনে ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ পথত দ্ৰুতগতিত আগবাঢ়িছে আৰু অতি সোনকালে ই ১০০০ কোটিৰ সংখ্যা অতিক্ৰম কৰিব।

শেহতীয়াকৈ পাঠানৰ অভিনেতা-অভিনেত্ৰীসকলে সফলতাৰ পিছত এখন প্ৰেছ মিট অনুষ্ঠিত কৰিছিল, য’ত ছবিখনৰ পৰৱৰ্তী অংশ নিৰ্মাণৰ কথা চৰ্চা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক