--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ জীৱনত এটা সুস্বাস্থ্যৱান শৰীৰৰ অতি প্ৰয়োজন। মানুহে সদায় নিজকে সুস্থ-সবল কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত। বহু মানুহে কোন সময়ত কি খাব লাগে নাজানে বা কি বস্তুৰ লগত কি খোৱাটো নিষিদ্ধ নাজানে ফলত স্বাস্থ্যৰ বিঘিনি ঘটিবলৈ আৰম্ভ কৰে। সেইবাবে আমি খোৱা খাদ্যবোৰত গুৰুত্ব দিব লাগিব। স্বাস্থ্য ভালে থাকিলে মন ভালে থাকে। টকা-পইচাতকৈও ডাঙৰ সম্পদ স্বাস্থ্য, সেয়েহে স্বাস্থ্যক পৰম ধন বুলি কোৱা হয়।

ৰাতি কিছুমান খাদ্য খোৱা একেবাৰে উচিত নহয়। জানো আহক ৰাতি কি কি খাদ্য খাব নালাগেঃ-

১) ৰাতি শাক খাব নালাগে। কাৰণ শাকে কেতিয়াবা পাচন ক্রিয়াত খেলিমেলি সৃষ্টি কৰিব পাৰে, গেছ, এচিডিটি বা বদহজম হ’ব পাৰে৷ ৰাতি শাক খোৱাটো বন্ধ কৰক। গেছৰ সমস্যা থকা সকলৰ বাবে ৰাতি শাক খালে অতিকে বেয়া।

২) ৰাতি তিয়ঁহ, বিলাহী, গাজৰ আদিৰ কেঁচা চালাড খাব নালাগে। কেঁচা চালাড হজম হওঁতে অলপ সময় লাগে৷

৩) ৰাতি ফুলকবি, ব্রকলি, তিতাকেৰেলা,তিয়ঁহ, অত্যধিক টেঙা, তিতা, জলা বা খাৰযুক্ত খাদ্যও পৰাপক্ষত খাব নালাগে। এইবোৰ খাদ্যই পেটৰ সমস্যা হোৱাৰ উপৰিও টোপনিত ব্যাঘাত হোৱাৰ সম্ভাৱনা থাকে৷

৪) ৰাতি কফী, ডার্ক চকলেট আৰু চাহ বিশেষকৈ গাখীৰ চাহ কমাই খাব লাগে৷ কাৰণ এইবিলাক খাদ্যত কেফেইন নামৰ ৰাসায়নিক পদার্থ থাকে যিয়ে হয়তো টোপনিত ব্যাঘাত জন্মাব পাৰে৷

৫) চীজ, বাটাৰ বা অন্য চর্বিযুক্ত খাদ্য ৰাতি কমাই খাব লাগে৷ ফেট বা চর্বি হজম হওঁতে যথেষ্ট সময় লাগে।

৬) ৰাতি দৈ খাব নালাগে৷ দৈ এবিধ পুষ্টিকৰ খাদ্য কিন্তু ৰাতি সেৱন কৰিলে পার্শ্বক্রিয়া হ’ব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ