--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নীতি আয়োগে আজি সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যিক স্বাস্থ্য সূচকাংকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে৷ তেওঁলোকে ২০১৯-২০ বৰ্ষৰ ভিত্তিত এই ৰেংকিং প্ৰকাশ কৰিছে৷ ২০১৯-২০ বৰ্ষত যৌগিক সূচকৰ নম্বৰৰ আধাৰত প্ৰকাশিত সামগ্ৰিক ৰেংকিঙত দেশৰ ভিতৰতে কেৰালাই পুনৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, স্বাস্থ্য সূচকাংকত উত্তৰ প্ৰদেশে লাভ কৰিছে অন্তিম স্থা


প্ৰতিবেদনখনে আঙুলিয়াই দিছে যে, একেৰাহে চতুৰ্থ ৰাউণ্ডৰ বাবে কেৰালা সামগ্ৰিক প্ৰদৰ্শনৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি প্ৰকাশিত এই প্ৰতিবেদনত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে তামিলনাডু আৰু তেলেংগানাই৷ একেদৰে চতুৰ্থ স্থানত অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰই পঞ্চম স্থান লাভ কৰে৷
নীতি আয়োগৰ প্ৰতিবেদনত উত্তৰ প্ৰদেশে সৰ্বনিম্ন ১৯সংখ্যক স্থান কৰাৰ লগতে অসমে লাভ কৰিছে ১২সংখ্যক স্থান৷

নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে আজি প্ৰতিবেদনখন প্ৰকাশ কৰি কয় যে, ৰাজ্যসমূহে ৰাজ্যিক স্বাস্থ্য সূচকাংকৰ দৰে সূচকাংকসমূহৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে আৰু সেইবোৰ তেওঁলোকৰ নীতি নিৰ্ধাৰণ আৰু সম্পদ আবণ্টনত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।
এই প্ৰতিবেদন প্ৰতিযোগিতামূলক আৰু সহযোগিতামূলক ফেডাৰেলিজম দুয়োটাৰ এক উদাহৰণ বুলি কুমাৰে লগতে কয়। উল্লেখযোগ্য যে, বিশ্ব বেংকৰ কাৰিকৰী সহায়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সহযোগত প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে।

আজি প্ৰকাশিত নীতি আয়োগৰ স্বাস্থ্য সূচকাংকৰ প্ৰতিবেদনত স্থান লাভ কৰা দেশৰ ১৯খন ৰাজ্যৰ ভিতৰত শীৰ্ষ পাঁচোখন ৰাজ্যতে চলি আছে অবিজেপি চৰকাৰ৷ লগতে, মহাৰাষ্ট্ৰক বাদ দি বাকী চাৰিখন ৰাজ্য দাক্ষিণাত্যৰ৷ বাঁওপন্থী দলৰ চৰকাৰ চলি থকা কেৰালাই স্বাস্থ্য আৰু শিক্ষাক গুৰুত্ব দি অহা প্ৰতিফলিত হৈছে৷ একেদৰে, এই প্ৰতিবেদনত সৰ্বনিম্ন ফলাফল প্ৰদৰ্শন কৰা বিজেপি শাসিত উত্তৰ প্ৰদেশত স্বাস্থ্য সূচকাংকৰ নিম্ন ফলাফলে কেতবোৰ নতুন দিশৰ উন্মোচন কৰিছে৷ কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত ঋণৰ ক্ষেত্ৰত কেৰালাৰ উদাহৰণ দি কেৰালাক আদৰ্শ ৰাজ্য হিচাপে ল’ব পৰা যায় বুলি মন্তব্য কৰিছিল৷ আজিৰ প্ৰতিবেদনত অসমে লাভ কৰিছে দ্বাদশ স্থান৷ আজিৰ এই প্ৰতিবেদন প্ৰকাশৰ পাছত অসমে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কেৰালাৰ উদাহৰণ ল’ব পাৰে বুলি সামাজিক মাধ্যমত চৰ্চা চলা পৰিলক্ষিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি