ডিজিটেল ডেস্ক: এয়া খ্ৰীষ্টানধৰ্মীসকলৰ প্ৰতি থকা আক্ৰোশ নেকি? ভাৰতত মাদাৰ টেৰেছা মিশ্যনেৰীসমূহৰ বেংক একাউণ্টবোৰ মোদী চৰকাৰে বন্ধ কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইয়াকে লৈ এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ।
মোদী চৰকাৰৰ নিৰ্দেশত মাদাৰ টেৰেছাৰ মিশ্যনেৰী অব চেৰিটীৰ সকলো বেংক একাউণ্ট বন্ধ কৰোৱা বুলি অভিযোগ উত্থাপিত হৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত টুইটাৰত মাত মাতে। তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কয় যে, 'এয়া শুনি স্তব্ধ হৈ পৰিছো যে কেন্দ্ৰীয় মন্ত্ৰালয়ে ভাৰতত মাদাৰ টেৰেছাৰ মিশ্যনেৰী অব চেৰিটীৰ সকলো বেংক একাউণ্ট বন্ধ কৰাই দিছে। তেওঁলোকৰ ২২,০০০ ৰোগী তথা কৰ্মচাৰীক আহাৰ আৰু ঔষধ অবিহনে এৰি দিয়া হৈছে।' লগতে ইয়াৰ উচিত ন্যায়ৰো দাবী কৰে মমতাই। কিন্তু ইয়াৰ পাছতেই সৃষ্টি হয় বিতৰ্কৰ। মাদাৰ টেৰেছাৰ মিশ্যনেৰী অব চেৰিটীয়ে মমতাৰ এই অভিযোগ খণ্ডন কৰি কয় যে তেওঁলোকৰ কোনো বেঃক একাউণ্ট বন্ধ কৰোৱা হোৱা নাই। এক সংবাদ মেলযোগে মিশ্যনেৰী অব চেৰিটীয়ে মমতা বেনাৰ্জীৰ সকলো অভিযোগ খণ্ডন কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েও পোনচাতে নাকচ কৰে মমতাৰ অভিযোগ।