--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে কয় যে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনা, তেওঁৰ পৰিয়াল আৰু সহযোগীসকলৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ চলোৱা হ'ব। এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰত এই কথা সদৰী কৰে ইউনুছে। কেৱল তেওঁৰ বিৰুদ্ধেই নহয়, বৰং তেওঁৰ সৈতে জড়িত সকলো লোক, তেওঁৰ পৰিয়ালৰ সদস্য, তেওঁৰ সহযোগী আদি সকলোৰে বিৰুদ্ধে গোচৰ চলিব।' 

উল্লেখযোগ্য যে দেশখনত যোৱা বছৰ হোৱা ছাত্র আন্দোলনৰ সময়ত শ্বেখ হাছিনাই বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্রয় লয়। ইফালে, ৰাষ্ট্ৰসংঘৰ এক তদন্তৰ প্ৰতিবেদনতো শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ কৰা হৈছে। প্রতিবেদনখনত কোৱা হৈছিল যে হিংসাত্মক আন্দোলনৰ সময়ত ১৪০০তকৈ অধিক লোকক হত্যা কৰা হয়, যাৰ বিৰুদ্ধে শ্বেখ হাছিনাৰ আৰক্ষী-বিষয়াসকলে মানৱাধিকাৰৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত কৰিছিল। 

শ্বেখ হাছিনাৰ বিৰুদ্ধে দুবাৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে বুলি উল্লেখ কৰি ইউনুছে কয় যে ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰীগৰাকীৰ প্রত্যর্পণৰ বাবে ভাৰতক আনুষ্ঠানিভাৱে অনুৰোধ জনোৱা হৈছে। অৱশ্যে ভাৰতে ইয়াৰ উত্তৰ দিয়া নাই বুলিও তেওঁ লগতে কয়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ