--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত যদি বিদ্যুৎ নাথাকে তেন্তে আমাৰ বহু কাম আধৰুৱা হৈয়েই থাকি যাব । এচি, ফ্ৰীজ, টিভিৰ পৰা আৰম্ভ কৰি মিক্সাৰ আৰু মোবাইল ফোনলৈকে সকলো প্ৰয়োজনীয় সঁজুলি বিদ্যুতৰ ভিত্তিত। কিন্তু কেতিয়াবা ঘৰত শ্বৰ্ট চাৰ্কিটৰ বহু ঘটনা সংঘটিত হয় , কিন্তু তথাপিও বিদ্যুতৰ গুৰুত্বক আমি আওকাণ কৰিব নোৱাৰো। কেতিয়াবা শ্বৰ্ট চাৰ্কিট ইমান ডাঙৰ হয় যে ইয়াৰ ফলত ডাঙৰ জুই লগাৰ ঘটনাও প্ৰায় চৰ্চাত থাকে।

কেতিয়াবা এই শ্বৰ্ট চাৰ্কিটবোৰ নিজে নিজে হয় আৰু কেতিয়াবা আমাৰ গাফিলতিৰ বাবেই হয়। বিদ্যুতৰ ক্ষেত্ৰত আপোনাৰ সৰু ভুল এটাই ডাঙৰ ক্ষতি কৰিব পাৰে। সেয়ে আজি জানি লওক যে কেনেকৈ শ্বৰ্ট চাৰ্কিট হয় আৰু ঘৰৰ ক'ত শ্বৰ্ট চাৰ্কিটৰ আশংকা বেছি হয়। লগতে শ্বৰ্ট চাৰ্কিটৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

শ্বৰ্ট চাৰ্কিট কেনেকৈ হয়?
যেতিয়া বৈদ্যুতিক তাঁৰবোৰত থকা কাৰেণ্ট প্ৰয়োজনতকৈ বেছি হয় তেতিয়া তাঁৰবোৰে সহ্য কৰিব নোৱাৰে আৰু অতি গৰম হৈ পৰে। এনে ক্ষেত্ৰত যদি সময়মতে গুৰুত্ব দিয়া নহয়, তেন্তে তাঁৰবোৰত বিপদজনক জুইৰ সৃষ্টি হ’ব পাৰে। ধৰি লওক আপোনাৰ ঘৰত স্থাপন কৰা গিজাৰটোৰ অপাৰেটিং কাৰেণ্ট ১৫ এম্পিয়াৰ। এইদৰে যদি তাঁৰবোৰত ১৫ এম্পিয়াৰতকৈ অধিক ১ এম্পিয়াৰত কাৰেণ্ট পোৱা যায় তেন্তে এই পৰিস্থিতিত তাঁৰবোৰত শ্বৰ্ট চাৰ্কিটৰ আশংকা বৃদ্ধি পাব।

ঘৰত শ্বৰ্ট চাৰ্কিটৰ বিপদ ক'ত?

• যদি আপুনি একেটা বৈদ্যুতিক চকেটত একাধিক ইলেক্ট্ৰনিক ডিভাইচ ব্যৱহাৰ কৰে, তেন্তে লোড বৃদ্ধিৰ বাবে শ্বৰ্ট চাৰ্কিটৰ আশংকা বৃদ্ধি পায়।

• যদি তাঁৰবোৰ বেছি পুৰণি হয় তেন্তে তাঁৰবোৰত শ্বৰ্ট চাৰ্কিটৰ আশংকা থাকে। তাঁৰত সদায় ভাল মানৰ আৰু ব্ৰেণ্ডেড তাঁৰ ব্যৱহাৰ কৰক।

• যদি তাঁৰবোৰৰ বহু ঠাইত কটা- চিঙা থাকে তেন্তে সদায় শ্বৰ্ট চাৰ্কিটৰ আশংকা থাকে। এই ক্ষেত্ৰত এই তাঁৰবোৰ তৎক্ষণাত সলনি কৰক।

• বাথৰুমত যদি চুইচটো তলত ৰখা হয় তেন্তে পানীৰ ছিটিকনিৰ বাবে শ্বৰ্ট চাৰ্কিটৰ আশংকা থাকে। গতিকে বাথৰুমৰ চুইচটো সদায় ওপৰত ৰাখক।

• যদি ঘৰত এচি থাকে আৰু আপুনি এচিটো সাধাৰণ চুইচত প্লাগ কৰি চলায় তেন্তে ই শ্বৰ্ট চাৰ্কিটৰ কাৰণ হ’ব পাৰে। এচিৰ বাবে পৃথক এমচিবি চুইচ ব্যৱহাৰ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা