--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড হওক বা দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে হওক যদি ছবিখনত ডাঙৰ ডাঙৰ তাৰকা থাকে তেন্তে ছবিখনৰ বাজেট ১০০ কোটি টকাৰ ওপৰত হয়। ভালদৰে চলিলে সেই ছবিখনে ৫০০ কোটি টকাৰো অধিক ব্যৱসায় কৰিব পাৰে।

ছবিখনৰ বাজেট বৃদ্ধিৰ কাৰণ কেৱল তাৰকা অভিনেতা-অভিনেত্ৰীসকলৰ পাৰিশ্ৰমিক নহয়, ইয়াৰ উপৰিও চিনেমাখনৰ চেট ডিজাইন আৰু কাপোৰৰ বাবেও বহু টকা খৰচ কৰিবলগীয়া হয়। বিশেষকৈ নায়িকাৰ কাপোৰৰ বাবে অধিক ধন খৰচ কৰিব লগা হয়।

বহু জনপ্ৰিয় ছবিত অভিনেত্ৰীসকলে লাখটকীয়া, কোটিটকীয়া সাজ-পোছাক পৰিধান কৰা দেখা যায়। গতিকে এতিয়া প্ৰশ্ন উঠিব পাৰে, এই কাপোৰবোৰ ক’লৈ যায়?

আচলতে এই দামী কাপোৰবোৰ চিনেমাখন মুক্তি পোৱাৰ পাছত নিলামৰ বাবে পঠিওৱা হয়। জনা যায় যে ‘দেৱদাস’ ছবিত মাধুৰী দীক্ষিতে পিন্ধা সেউজীয়া লেহেংগা ৩ কোটি টকাত বিক্ৰী হৈছিল। আনহাতে, ‘মুঝছে ছাদি কৰোগী’ ছবিখনত ছলমান খানে যি টাৱেল পিন্ধিছিল, সেই টাৱেলখনো নিলাম কৰা হ’ল। এই টাৱেলখন প্ৰায় ৪৫ হাজাৰ টকাত বিক্ৰী হৈছিল। কেৱল এয়াই নহয়, বহু সময়ত এই ছবিৰ কাপোৰ আন চিনেমাত ব্যৱহাৰ কৰা হয়। অৱশ্যে এই পোছাক তেতিয়া মুখ্য অভিনেতা বা মুখ্য অভিনেত্ৰীক দিয়া নহয়। এই পোছাক বেকগ্ৰাউণ্ড ডান্সাৰসকলে পিন্ধে।

বলীউডৰ জনপ্ৰিয় ছবি ‘বাণ্টী ঔৰ বাবলি’ৰ ঐশ্বৰ্য ৰায় বচ্চনৰ লেহেংগা ‘বেণ্ড বাজা বাৰাত’ ছবিৰ এটা গীতত এগৰাকী বেকগ্ৰাউণ্ড ডান্সাৰক দিয়া হৈছিল। লগতে বহুতো প্ৰডাকচন হাউছে সাজ-পোছাক ভাড়াত লয়। শ্বুটিং শেষ হ’লে কাপোৰবোৰ ঘূৰাই দিয়া হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?