--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবছৰমানৰ পৰা ক্ৰিকেট খেলপথাৰত বাংলাদেশ আৰু শ্ৰীলংকাৰ মুখামুখি হৈছে যাৰ অৰ্থ হৈছে অতিৰিক্ত উত্তেজনা। যোৱা বিশ্বকাপত বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছানে শ্ৰীলংকাৰ অভিজ্ঞ অলৰাউণ্ডাৰ এঞ্জেলো মেথিউছক টাইম আউট কৰিছিল। আফগানিস্তানৰ বিৰুদ্ধে টেষ্ট মেচখনত তেওঁ ফ’ৰ মাৰিও আউট হৈছিল!

আন্তঃৰাষ্ট্ৰীয় মেচত টাইম আউট হোৱা বিশ্বৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় মেথিউছ। কলম্বোত তেওঁ ব্যক্তিগত স্ক’ৰ ১৪১ত নিজেই নিজকে আউট কৰে। আফগানিস্তানৰ লেগ স্পিনাৰ কায়েছ আহমেদে বলিং কৰি আছিল। লেগ ষ্টাম্পৰ বাহিৰত মেথিউছে বলটো ছুইপ কৰে। তেওঁৰ ফ’ৰ মাৰে। তথাপিও আউট হৈছে শ্ৰীলংকাৰ অভিজ্ঞ অলৰাউণ্ডাৰ।

লেগ ষ্টাম্পৰ বাহিৰত ছুইপ শ্বট, কিন্তু মেথিউছৰ বেটটোৱে উইকেটত আঘাত কৰে। উইকেটৰ ওপৰত থকা দুয়োডাল বেল পৰি গ’ল। স্বাভাৱিকতে তেওঁ হিট উইকেট হিচাপে আউট হৈছিল। ৪ ৰানও হেৰুৱাইছিল। অন্ত পৰিল মেথিউছৰ ১৪১ ৰানৰ ইনিংছ। তেওঁৰ আউটৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ক্ৰিকেট প্ৰেমীৰ মাজত বিয়পি পৰিছে।

আফগানিস্তানে প্ৰথম ইনিংছত ১৯৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত দ্বিতীয় দিনৰ শেষত শ্ৰীলংকাই ৬ উইকেটত ৪১০ ৰান সংগ্ৰহ কৰে। মেথিউছৰ বাহিৰেও দীনেশ চাণ্ডিমালে ১০৭ ৰান কৰি শতক অৰ্জন কৰে। আয়োজক দলটোৱে ২১২ ৰানত আগবাঢ়ি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু