--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবছৰমানৰ পৰা ক্ৰিকেট খেলপথাৰত বাংলাদেশ আৰু শ্ৰীলংকাৰ মুখামুখি হৈছে যাৰ অৰ্থ হৈছে অতিৰিক্ত উত্তেজনা। যোৱা বিশ্বকাপত বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছানে শ্ৰীলংকাৰ অভিজ্ঞ অলৰাউণ্ডাৰ এঞ্জেলো মেথিউছক টাইম আউট কৰিছিল। আফগানিস্তানৰ বিৰুদ্ধে টেষ্ট মেচখনত তেওঁ ফ’ৰ মাৰিও আউট হৈছিল!

আন্তঃৰাষ্ট্ৰীয় মেচত টাইম আউট হোৱা বিশ্বৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় মেথিউছ। কলম্বোত তেওঁ ব্যক্তিগত স্ক’ৰ ১৪১ত নিজেই নিজকে আউট কৰে। আফগানিস্তানৰ লেগ স্পিনাৰ কায়েছ আহমেদে বলিং কৰি আছিল। লেগ ষ্টাম্পৰ বাহিৰত মেথিউছে বলটো ছুইপ কৰে। তেওঁৰ ফ’ৰ মাৰে। তথাপিও আউট হৈছে শ্ৰীলংকাৰ অভিজ্ঞ অলৰাউণ্ডাৰ।

লেগ ষ্টাম্পৰ বাহিৰত ছুইপ শ্বট, কিন্তু মেথিউছৰ বেটটোৱে উইকেটত আঘাত কৰে। উইকেটৰ ওপৰত থকা দুয়োডাল বেল পৰি গ’ল। স্বাভাৱিকতে তেওঁ হিট উইকেট হিচাপে আউট হৈছিল। ৪ ৰানও হেৰুৱাইছিল। অন্ত পৰিল মেথিউছৰ ১৪১ ৰানৰ ইনিংছ। তেওঁৰ আউটৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ক্ৰিকেট প্ৰেমীৰ মাজত বিয়পি পৰিছে।

আফগানিস্তানে প্ৰথম ইনিংছত ১৯৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত দ্বিতীয় দিনৰ শেষত শ্ৰীলংকাই ৬ উইকেটত ৪১০ ৰান সংগ্ৰহ কৰে। মেথিউছৰ বাহিৰেও দীনেশ চাণ্ডিমালে ১০৭ ৰান কৰি শতক অৰ্জন কৰে। আয়োজক দলটোৱে ২১২ ৰানত আগবাঢ়ি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক