--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা ‘উৰছ’ অনুষ্ঠানত তিনিদিন ধৰি সাধাৰণ জনতাৰ বাবে তাজমহলৰ দুৱাৰ মুকলি কৰা হয়। এইবাৰ শ্বাহজাহানৰ ‘উৰছ’ নিষিদ্ধ কৰাৰ দাবীত আদালতৰ কাষ চাপিছিল এটা হিন্দু সংগঠন।

অখিল ভাৰত হিন্দু মহাসভাই শনিবাৰে আগ্ৰাৰ চাৰ্কিট কোৰ্টত এখন আৱেদন দাখিল কৰে। আদালতে গোচৰটো মানি ল’লে। ৪ মাৰ্চত শুনানিৰ দিন নিৰ্ধাৰণ কৰা হৈছে।

হিন্দু সংগঠনটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সঞ্জয় জাটে কয় যে ‘উৰ্চ’ উদযাপনৰ কোনো অনুমতি আছে নে নাই সেই বিষয়ে তথ্যৰ অধিকাৰৰ অধীনত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ পৰা তথ্য বিচাৰিছিল। অনুমতি থাকিলে কোনে দিলে, মোগল, ব্ৰিটিছ চৰকাৰ, নে ভাৰত চৰকাৰে? তেওঁ আৰু কয় যে এ এছ আইয়ে উত্তৰ দিছিল যে ‘উৰ্ছ’ আয়োজক সমিতিক এনে কোনো অনুমতি দিয়া হোৱা নাই। সেয়েহে অখিল ভাৰত হিন্দু মহাসভাই এই প্ৰথা বন্ধ কৰিবলৈ আদালতৰ কাষ চাপিছিল।

হিন্দু মহাসভাৰ হৈ মীনা দিবাকৰ আৰু সৌৰভ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, “এ এছ আইৰ অধীনত কোনো কীৰ্তিচিহ্নত এনেধৰণৰ কোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।” গতিকে তাজমহলৰ ভিতৰত শ্বাহজাহানৰ ‘উৰছ’ পালন কৰাটো আইনৰ বিৰুদ্ধে।

চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ তাজমহলৰ ভিতৰত ‘উৰ্ছ’ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা। শ্বাহজাহানৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তাজমহলত প্ৰতি বছৰে তিনিদিনকৈ জনসাধাৰণৰ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা আছে। এই সময়ছোৱাত দৰ্শনাৰ্থীসকলে প্ৰথা অনুসৰি শ্বাহজাহানৰ কীৰ্তিচিহ্নত ‘চাদৰ’ লগাব পাৰে। এটা গোচৰ থাকিলেও এইবাৰ শ্বাহজাহানৰ ‘উৰছ’ পালন কৰিবলৈ কোনো বাধা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক