--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা ‘উৰছ’ অনুষ্ঠানত তিনিদিন ধৰি সাধাৰণ জনতাৰ বাবে তাজমহলৰ দুৱাৰ মুকলি কৰা হয়। এইবাৰ শ্বাহজাহানৰ ‘উৰছ’ নিষিদ্ধ কৰাৰ দাবীত আদালতৰ কাষ চাপিছিল এটা হিন্দু সংগঠন।

অখিল ভাৰত হিন্দু মহাসভাই শনিবাৰে আগ্ৰাৰ চাৰ্কিট কোৰ্টত এখন আৱেদন দাখিল কৰে। আদালতে গোচৰটো মানি ল’লে। ৪ মাৰ্চত শুনানিৰ দিন নিৰ্ধাৰণ কৰা হৈছে।

হিন্দু সংগঠনটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সঞ্জয় জাটে কয় যে ‘উৰ্চ’ উদযাপনৰ কোনো অনুমতি আছে নে নাই সেই বিষয়ে তথ্যৰ অধিকাৰৰ অধীনত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ পৰা তথ্য বিচাৰিছিল। অনুমতি থাকিলে কোনে দিলে, মোগল, ব্ৰিটিছ চৰকাৰ, নে ভাৰত চৰকাৰে? তেওঁ আৰু কয় যে এ এছ আইয়ে উত্তৰ দিছিল যে ‘উৰ্ছ’ আয়োজক সমিতিক এনে কোনো অনুমতি দিয়া হোৱা নাই। সেয়েহে অখিল ভাৰত হিন্দু মহাসভাই এই প্ৰথা বন্ধ কৰিবলৈ আদালতৰ কাষ চাপিছিল।

হিন্দু মহাসভাৰ হৈ মীনা দিবাকৰ আৰু সৌৰভ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, “এ এছ আইৰ অধীনত কোনো কীৰ্তিচিহ্নত এনেধৰণৰ কোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।” গতিকে তাজমহলৰ ভিতৰত শ্বাহজাহানৰ ‘উৰছ’ পালন কৰাটো আইনৰ বিৰুদ্ধে।

চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ তাজমহলৰ ভিতৰত ‘উৰ্ছ’ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা। শ্বাহজাহানৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তাজমহলত প্ৰতি বছৰে তিনিদিনকৈ জনসাধাৰণৰ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা আছে। এই সময়ছোৱাত দৰ্শনাৰ্থীসকলে প্ৰথা অনুসৰি শ্বাহজাহানৰ কীৰ্তিচিহ্নত ‘চাদৰ’ লগাব পাৰে। এটা গোচৰ থাকিলেও এইবাৰ শ্বাহজাহানৰ ‘উৰছ’ পালন কৰিবলৈ কোনো বাধা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু