--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আফগানিস্তানৰ পৰা তালিবানৰ দুঃস্বপ্নৰ পৰিসীমা পাৰ হৈ ভাৰতলৈ উভতিল ১৬৮জনকৈ লোক। দেশখনত তালিবান সন্ত্ৰাসবাদীয়ে আকাস্মিকভাৱে ক্ষমতা দখল কৰাৰ পাছত তাত থকা বিভিন্ন দেশৰ নাগৰিকসকলৰ অৱস্থা হৈ পৰিছিল অতি শোচনীয়। ভাৰতৰো সহস্ৰাধিক লোক আবদ্ধ হৈ পৰিছে দেশখনত। এতিয়াও আন্তঃৰাষ্ট্ৰীয় বাহিনীৰ দখলত থকা কাবুল এয়াৰপৰ্টৰ পৰা এতিয়া চলিছে উদ্ধাৰকাৰী বিশেষ বিমান।

ভাৰতৰ প্ৰায় ডেৰশ লোকক তালিবানে আবদ্ধ কৰাৰ দৰে উদ্বেগজনকৰ খবৰৰ মাজতে দেওবাৰে ১৬৮জনকৈ যাত্ৰীক কঢ়িয়াই এখন বিশেষ বিমান ভাৰতত অৱতৰণ কৰিছে। ১০৭গৰাকী ভাৰতীয় নাগৰিক থকা ভাৰতীয় বায়ুসেনাৰ এই বিমানখন কাবুলৰ পৰা দিল্লীৰ সমীপৰ হিন্দন বায়ুসেনা ঘাটীত অৱতৰণ কৰে।

ইয়াৰ উপৰি এয়াৰ ইণ্ডিয়া, ইণ্ডিগো আৰু ভিষ্টাৰাৰ তিনিখন বিমান তাজিকিস্তানৰ ৰাজধানী ডুছানবে আৰু কাটাৰৰ ৰাজধানী দোহাৰ হৈ দেওবাৰে পুৱা ভাৰতত অৱতৰণ কৰে। এই বিমানকেইখনতো তালিবান অধ্যুষিত দেশখনত আবদ্ধ লোকক কঢ়িয়াই অনা হৈছ। দেশৰ বহিঃপৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই এয়াৰলিফ্টৰ প্ৰচেষ্টাৰ আলোকচিত্ৰ আৰু ভিডিঅ শ্বেয়াৰ কৰে। ভাৰতে নিজৰ নাগৰকিৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ চেষ্টা অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ