--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : ড’নাল্ড ট্ৰাম্পৰ বিদায় আৰু হোৱাইট হাউছত ডেম’ক্ৰেট জো বাইডেনৰ প্ৰশাসন সক্ৰিয় হোৱাৰ পাছতে ভালেমান স্পৰ্শকাতৰ বিষয়ত নতুন নীতি প্ৰণয়নৰ দিশে অগ্ৰসৰ হৈছে আমেৰিকা। জো বাইডেনৰ এগৰাকী সহযোগীয়ে প্ৰকাশ কৰা মতে, শপতগ্ৰহণৰ পাছতে ১৭টাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনাত স্বাক্ষৰ কৰিব বাইডেনে। পেৰিছ পৰিৱেশ চুক্তি আৰু বিশ্ব স্বাস্থ্য সংস্থাত আমেৰিকা পুনৰ অন্তুৰ্ভুক্ত হোৱাটোও এইসমূহৰ ভিতৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ।

আৰু পঢ়িব পাৰিব : প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীসকলেও ল’ব ক’ভিড প্ৰতিষেধক

ড’নাল্ড ট্ৰাম্পৰ ভালেমান নিৰ্দেশনা তথা সিদ্ধান্ত বাতিলৰ জৰিয়তে প্ৰব্ৰজনকাৰী সম্পৰ্কতো নতুন নীতি গ্ৰহণ কৰিব দেশখনে। ট্ৰাম্পে কেইবাখনো ইছলামিক দেশৰ পৰিব্ৰাজকৰ প্ৰৱেশত বাধা আৰোপ কৰাৰ নীতিৰ বিৰুদ্ধে প্ৰথমটো দিনতে পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে প্ৰব্ৰজনকাৰীক বাধা দিবলৈ আমেৰিকা-মেক্সিকো সীমান্তত দেৱাল নিৰ্মাণৰ বাবে ট্ৰাম্পে দিয়া নিৰ্দেশো তেওঁ বাতিল কৰিব বুলি প্ৰকাশ কৰিছে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ সহযোগীয়ে। দেশখনত ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰো নীতি প্ৰণয়ন কৰিব বাইডেনে।

আৰু পঢ়িব পাৰিব : নুনমাটিত বিচাৰৰ নামত তালিবানী কাৰবাৰ: গণপ্ৰহাৰত মৃত্যু যুৱকৰ

দেশখনৰ প্ৰব্ৰজন সম্পৰ্কীয় নীতি সলনি কৰা তথা দেশখনত বসবাস কৰি থকা পঞ্জীয়নৰ বাহিৰৰ প্ৰব্ৰজিত লোকসকলক নাগৰিকত্ব প্ৰদানৰ কোনো পথ উদ্ভাৱনৰ বাবেও তেওঁ কংগ্ৰেছলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে। ট্ৰাম্প প্ৰশাসনে এইসকল লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল।বাইডেনক সহযোগীয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত কয় যে, ‘ৰাষ্ট্ৰপতি বাইডেনে কেৱল ট্ৰাম্প প্ৰশাসনৰ সময়ত হোৱা ব্যাপক ক্ষতি পূৰণ কৰাৰ বাবেই নহয়, দেশক আগবঢ়াই নিয়াৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ