--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ’ল ভাৰত-পাকিস্তানৰ খেল যুদ্ধ। ভাৰত আৰু পাকিস্তান দুয়োটা দলেই আজি  আত্মবিশ্বাসী। সেয়ে আজিৰ খেলখন হ’ব  ক্ৰিকেট দক্ষতাৰ যুঁজ । আফগানিস্তানৰ মেচখন জিকাৰ পিছত ৰোহিত শৰ্মাই কৈছিল যে তেওঁ আন দলৰ দৰেই পাকিস্তানৰ বিৰুদ্ধেও সহজভাবে খেলিব। পাকিস্তানক কোনো পৃথক গুৰুত্ব দিয়া নহ'ব। 

পাকিস্তানৰ অপেনাৰ আব্দুল্লাহ চফিক আৰু ইমাম-উল-হক এতিয়া  ক্ৰীজত আছে।

পাকিস্তানৰ খেলুৱৈসকলঃ  আব্দুল্লাহ চফিক, ইমাম-উল-হক, বাবৰ আজম (গ), মহম্মদ ৰিজৱান (ৱিকে), চাউদ চাকিল, ইফতেখাৰ আহমেদ, শাদাব খান, মহম্মদ নাৱাজ, হাছান আলী, শ্বাহিন শ্বাহ আফ্ৰিদি, হাৰিছ ৰউফ

 ভাৰতৰ খেলুৱৈসকলঃ  ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (ৱিকে), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ


ৰোহিত শৰ্মাই টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। তেওঁ কয়  যে তেওঁলোকৰ লক্ষ্য হ'ব ৰাণ অনুসৰণ কৰা। টছৰ পিছত ৰোহিতে কয়, "এই খেলখন আমাৰ বাবে সপোনৰ দৰে।  আমি সকলোৱে এইটো অনুভৱ কৰি আছো।  গতিকে আমি ৰাণ  কৰিব বিচাৰো। আমি আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা অব্যাহত ৰাখিম। আমি ভাল আৰম্ভণি কৰিব বিচাৰো আৰু ভাল খেলিব বিচাৰো। " উল্লেখ্য এতিয়ালৈকে, ভাৰতীয় দলে বিশ্বকাপ পৰ্যায়ত সাতবাৰ বিজয়ী হৈছে। বিশ্ব মঞ্চত বাইশ গজৰ যুঁজত পাকিস্তানে কেতিয়াও ভাৰতক পৰাস্ত কৰা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু