--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ চুৰু জিলাৰ ছালাচাৰৰ কোলাচাৰ গাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। গাঁওখনৰ এখন ব্যক্তিগত বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক এগৰাকী ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰে। ১৩ বছৰীয়া শিশুটিৰ একমাত্ৰ দোষটো আছিল যে তেওঁ হোমৱৰ্ক কৰা নাছিল। যাৰ বাবে শিক্ষকজনে শিশুটিক প্ৰদান কৰিলে কঠোৰ শাস্তি। শিক্ষকৰ কঠোৰ শাস্তিৰ ফলতেই মৃত্যুমুখত পৰিল ১৩বছৰীয়া ছাত্ৰজন৷ ছালাছাৰ আৰক্ষীৰ এছ.এইচ.সন্দীপ বিষ্ণুয়ে উল্লেখ কৰা মতে, কোলাছাৰনিবাসী ওম প্ৰকাশে অভিযোগ দাখিল কৰিছে যে তেওঁৰ পুত্ৰ গণেশ কোলাচাৰ মডাৰ্ণ পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ।

গণেশ দুই-তিনি মাহ ধৰি বিদ্যালয়লৈ গৈ আছিল। গণেশে যোৱা ১৫ দিনত তেওঁৰ দেউতাকৰ ওচৰত তিনি-চাৰিবাৰ অভিযোগ উ্থাপন কৰিছিল যে তেওঁৰ শিক্ষক মনোজে তেওঁক অপ্ৰয়োজনীয়ভাৱে আক্ৰমণ কৰিছিল।যোৱা বুধবাৰৰ দিনাও বিদ্যালয়লৈ গৈছিল গণেশ। পুৱা প্ৰায় ৯.১৫ বজাত, গণেশৰ দেউতাক ওমপ্ৰকাশে বিদ্যালয়ৰ অভিযুক্ত শিক্ষক মনোজৰ পৰা ফোন পাইছিল যে, গণেশে তেওঁক হোমৱৰ্ক জমা দিয়া নাছিল, সেয়েহে তেওঁক প্ৰহাৰ কৰা হৈছিল, যাৰ ফলত তেওঁ মূৰ্ছা গৈছে। খেতি-পথাৰত কাম কৰা দেউতাকে স্কুলত উপস্থিত হৈ অভিযুক্ত শিক্ষকজনক সুধিছিল যে তেওঁ মূৰ্চ্ছা গৈছিল নে মৃত্যুবৰণ কৰিছিল।

অভিযুক্ত শিক্ষকজনে কয় যে গণেশে মৃত্যুৰ ভাও ধৰি আছিল। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও অভিযুক্ত শিক্ষক মনোজে গণেশক নিৰ্মমভাৱে লাথি মাৰিছিল আৰু মাটিত বগৰাই প্ৰহাৰ কৰিছিল বুলি জনায়। গণেশৰ ৰক্তক্ষৰণ হৈছিল, তাৰপাছতে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনৰ পৰিয়ালৰ সদস্যসলক খবৰ দিয়ে। ছাত্ৰজনক ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য'ত চিকিৎসকে গণেশক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে, শিক্ষক মনোজ কুমাৰৰ বিৰুদ্ধে ৩০২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়