--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ চুৰু জিলাৰ ছালাচাৰৰ কোলাচাৰ গাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। গাঁওখনৰ এখন ব্যক্তিগত বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক এগৰাকী ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰে। ১৩ বছৰীয়া শিশুটিৰ একমাত্ৰ দোষটো আছিল যে তেওঁ হোমৱৰ্ক কৰা নাছিল। যাৰ বাবে শিক্ষকজনে শিশুটিক প্ৰদান কৰিলে কঠোৰ শাস্তি। শিক্ষকৰ কঠোৰ শাস্তিৰ ফলতেই মৃত্যুমুখত পৰিল ১৩বছৰীয়া ছাত্ৰজন৷ ছালাছাৰ আৰক্ষীৰ এছ.এইচ.সন্দীপ বিষ্ণুয়ে উল্লেখ কৰা মতে, কোলাছাৰনিবাসী ওম প্ৰকাশে অভিযোগ দাখিল কৰিছে যে তেওঁৰ পুত্ৰ গণেশ কোলাচাৰ মডাৰ্ণ পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ।

গণেশ দুই-তিনি মাহ ধৰি বিদ্যালয়লৈ গৈ আছিল। গণেশে যোৱা ১৫ দিনত তেওঁৰ দেউতাকৰ ওচৰত তিনি-চাৰিবাৰ অভিযোগ উ্থাপন কৰিছিল যে তেওঁৰ শিক্ষক মনোজে তেওঁক অপ্ৰয়োজনীয়ভাৱে আক্ৰমণ কৰিছিল।যোৱা বুধবাৰৰ দিনাও বিদ্যালয়লৈ গৈছিল গণেশ। পুৱা প্ৰায় ৯.১৫ বজাত, গণেশৰ দেউতাক ওমপ্ৰকাশে বিদ্যালয়ৰ অভিযুক্ত শিক্ষক মনোজৰ পৰা ফোন পাইছিল যে, গণেশে তেওঁক হোমৱৰ্ক জমা দিয়া নাছিল, সেয়েহে তেওঁক প্ৰহাৰ কৰা হৈছিল, যাৰ ফলত তেওঁ মূৰ্ছা গৈছে। খেতি-পথাৰত কাম কৰা দেউতাকে স্কুলত উপস্থিত হৈ অভিযুক্ত শিক্ষকজনক সুধিছিল যে তেওঁ মূৰ্চ্ছা গৈছিল নে মৃত্যুবৰণ কৰিছিল।

অভিযুক্ত শিক্ষকজনে কয় যে গণেশে মৃত্যুৰ ভাও ধৰি আছিল। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও অভিযুক্ত শিক্ষক মনোজে গণেশক নিৰ্মমভাৱে লাথি মাৰিছিল আৰু মাটিত বগৰাই প্ৰহাৰ কৰিছিল বুলি জনায়। গণেশৰ ৰক্তক্ষৰণ হৈছিল, তাৰপাছতে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনৰ পৰিয়ালৰ সদস্যসলক খবৰ দিয়ে। ছাত্ৰজনক ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য'ত চিকিৎসকে গণেশক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে, শিক্ষক মনোজ কুমাৰৰ বিৰুদ্ধে ৩০২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক