--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমূৰৰ বিষে  বহুতকে কাবু কৰি আহিছে। মূৰৰ বিষৰ যন্ত্ৰণা কিমান অসহ্যকৰ সেয়া ভুক্তভোগীয়েহে জানে।মূৰৰ বিষ সদায় মূৰৰ এটা অংশতে নহয়। কেতিয়াবা যদি কপাল বিষায় , কেতিয়াবা আকৌ মূৰৰ মাজ ভাগত বিষ হয়। পেইনকিলাৰে মূৰৰ বিষ  হ্ৰাস কৰে যদিও সদায় পেইনকিলাৰ খোৱাও বেয়া। চিকিৎসকসকলে কয় যে এনে ঔষধ বাৰে বাৰে গ্ৰহণ কৰাটো শৰীৰৰ বাবে একেবাৰে ভাল নহয়।

মূৰৰ বিষৰ বিভিন্ন কাৰণ আছে। সকলো সময়তে নিৰন্তৰ টিভি চাই থকা বা গেছৰ  ফলত বিষ হোৱা বুলি ধাৰণা কৰাৰো সেয়ে  কোনো কাৰণ নাই। বিষৰ কাৰণ আৰম্ভণিতে মূৰৰ সঠিক অংশটো চাই বহু খিনি বুজিব পাৰি।জানো আহক মূৰৰ কোন অংশৰ বিষ কি কাৰণত হ’ব পাৰে-

১) বহুসময়ত মূৰৰ বিষ ডিঙিৰ পৰা আৰম্ভ হয় আৰু মূৰৰ পিছফাললৈ বিয়পি পৰে। চিকিৎসকসকলে কৈছে যে এইটো চাৰ্ভোজেনিক মূৰৰ বিষৰ লক্ষণ। আন যিকোনো শাৰীৰিক ৰোগৰ বাবে  এনে ধৰণৰ বিষৰ জন্ম দিয়ে। সময়ৰ লগে লগে এই বিষ বৃদ্ধি হয়। শেহতীয়া এক অধ্যয়ন অনুসৰি, এই লক্ষণবোৰ মাইগ্ৰেইনৰ বিষৰ ক্ষেত্ৰতো প্ৰায় একে  হয়। মাইগ্ৰেইনৰ ক্ষেত্ৰত বিষ ডিঙিৰ পিছফালৰ পৰা আৰম্ভ হয়।

২) যদি মূৰৰ তালুত বিষ হয়, ইয়াক যিকোনো মানসিক চাপ বা উদ্বেগৰ পৰা হোৱা বুলি গণ্য কৰা হয়। বিষৰ তীব্ৰতা মৃদুৰ পৰা মধ্যমীয়া হয়। যেতিয়া কোনো কাৰণত মানসিক চিন্তা হয় তেতিয়াই এনে ধৰণৰ মূৰৰ বিষ হ’ব পাৰে। যদি আপুনি বিশ্ৰাম লয়, যদি আপুনি পৰ্যাপ্ত টোপনি যাব পাৰে তেন্তে এনে বিষৰ পৰা ঔষধ নোখোৱাকৈয়ে যথেষ্ট সকাহপাব পাৰে।

৩)যদি চৰ্দি গোট মাৰি থাকে তেন্তে কপালৰ এপিনে বিষ আৰম্ভ হ’ব পাৰে। এনে অৱস্থাত গুড় খালে জমা হোৱা কফ আদি ওলাই যোৱাত সুবিধা হয়৷ গুড়ে শৰীৰৰ ভিতৰত জমা হোৱা চৰ্দি, ধূলি-মাকতি আদি উলিয়াই দিব পাৰে৷ সেয়ে কয়লা খনিত কাম কৰা লোকসকলক নিয়মিত গুড় খাবলৈ দিয়া হয়৷চৰ্দি ওলাই গ’লে মূৰৰ বিষৰ পৰাও আৰাম পাব৷

মূৰৰ বিষ হ্ৰাস কৰিবলৈ ঔষধ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। অৱশ্যে কি ঔষধ গ্ৰহণ কৰিব লাগে সেয়া চিকিৎসকৰ পৰা জানি লোৱাটো  প্ৰয়োজন। যদি মূৰৰ বিষ হঠাতে আৰম্ভ হয় আপুনি কোঠাটো আন্ধাৰ কৰি বিশ্ৰাম ল'ব । আপুনি মূৰ আৰু ডিঙিত গৰম বা ঠাণ্ডা পানীও লগাব  পাৰে। এনে কৰিলে বিষ কিছু পৰিমাণে হ্ৰাস হ'ব পাৰে। ঘৰুৱা বিধান হিচাবে আমৰ পাত আৰু বেলৰ পাত সিজাই সেই পানীৰে মূৰ ধুলেও বহুদিনলৈ মূৰৰ বিষৰ পৰা ৰক্ষা পৰি থাকিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ