--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশাখাপট্টনমত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত দ্বিতীয় স্থানলৈ আগবাঢ়ে। কিন্তু দুদিন পিছত পইণ্টৰ তালিকাখন পুনৰ সলনি হ’ল। দেশৰ মাটিত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক ২৮১ ৰাণত পৰাস্ত কৰে। ফলত পইণ্ট তালিকাৰ শীৰ্ষলৈ উন্নীত হৈছে কেন উইলিয়ামছনবাহিনী। নিউজিলেণ্ড শীৰ্ষত আৰোহণ কৰাৰ লগে লগে ভাৰত তিনি নম্বৰলৈ নামি আহিল।

এতিয়ালৈকে খেলা তিনিখন টেষ্টৰ ভিতৰত দুখনত জয়লাভ কৰিছে নিউজিলেণ্ডে। এখনত পৰাস্ত হৈছিল। ফলত তেওঁলোকৰ পইণ্ট হৈছে ২৪। পইণ্টৰ শতকৰা হাৰ হৈছে ৬৬.৬৬। এই শতাংশ পইণ্টৰ হিচাপ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত কৰা হয়। দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়া। পেট কামিন্সে ১০খন টেষ্টৰ ভিতৰত ৬খন টেষ্টত জয়লাভ কৰে। তিনিখন মেচত পৰাস্ত। এখন ড্ৰ’ হৈছে। অষ্ট্ৰেলিয়া পইণ্ট ৬৬। তেওঁলোকৰ পইণ্টৰ শতকৰা হাৰ ৫৫.০০।

তৃতীয় স্থানত থকা ভাৰতে খেলা ৬খন টেষ্টৰ ভিতৰত তিনিখন টেষ্টত জয়লাভ কৰিছে। ৰোহিতবাহিনীয়ে দুখন 
টেষ্ট মেচৰ বিজয় হেৰুৱাইছে। এখন ড্ৰ’ কৰা হৈছে। ভাৰতৰ পইণ্ট ৩৮। পইণ্টৰ শতকৰা হাৰ হৈছে ৫২.৭৭।

দক্ষিণ আফ্ৰিকা পৰাস্ত হোৱাত বাংলাদেশে চতুৰ্থ স্থান লাভ কৰে। তেওঁলোকৰ পইণ্টৰ শতকৰা হাৰ ৫০.০০। পাঁচ নম্বৰ স্থানত পাকিস্তানৰ পইণ্ট শতাংশ ৩৬.৬৬। ব্রিজবেনত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পাছত পইণ্ট তালিকাত ছয় নম্বৰ স্থানত আৰোহণ কৰে৷ তেওঁলোকৰ পইণ্টৰ শতাংশ ৩৩.৩৩।

দক্ষিণ আফ্ৰিকা এটা আঘাততে ৭ নম্বৰলৈ নামি আহিল। তেওঁলোকৰ পইণ্টৰ শতাংশ ৩৩.৩৩ লৈ হ্ৰাস পাইছে। ইংলেণ্ড আঠ নম্বৰত আছে। ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছতো তেওঁলোকৰ স্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। কিন্তু পইণ্টৰ শতকৰা হাৰ হ্ৰাস পাইছে। বেন ষ্ট’কছৰ পইণ্টৰ শতাংশ এতিয়া ২৫.০০। ন নম্বৰ স্থানত থকা শ্ৰীলংকাৰ পইণ্ট শতাংশ ০.০০।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিয়ালত প্ৰেমিকৰ সৈতে বিয়াৰ দাবী; মোবাইল টাৱাৰত উঠিল কিশোৰী
‘ডার্ক ঈগল’ৰে ইৰানত মোক্ষম আঘাত হানিব আমেৰিকাই!
জৌনপুৰত বিবাহৰ আনন্দ পৰিণত হ’ল বিষাদলৈ: বৰযাত্ৰীৰ মাজতে দৰাক গুলীয়াই হত্যা
আপোনাৰ ফোনলৈও আহিছে নেকি 'Extremely Severe Alert'? জানক ইয়াৰ প্ৰকৃত কাৰণ
অন্তর্ধান হ’ব ৮০% হিমবাহ; হিন্দুকুশ-হিমালয় অঞ্চললৈ অশনি সংকেত
কাজিৰঙাৰ চাৰিটা ম’হ মধ্য প্ৰদেশৰ কানহা বনাঞ্চললৈ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু