--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিদেশত বৰষা ৰাণী বিষয়াৰ বিহু শিকিবলৈ উত্তৰ আমেৰিকাৰ বিভিন্ন প্ৰান্তৰৰ যুৱতী-মহিলাৰ লগতে যুৱকসকলেও অংশ লয়৷

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ছিকাগ’ত অনুষ্ঠিত ৪৬ সংখ্যক অসম অভিৱৰ্তনৰ ৫ জুলাইত সফল সামৰণি হয়৷ ৩ -৫ জুলাইলৈ আয়োজিত এই অভিৱৰ্তনৰ শেষৰ দিনটোত পুৱাৰ ভাগত শিশুসকলৰ কুইজ প্ৰতিযোগিতাৰ লগতে Assam Association of North America চমুকৈ আনাৰ এখন বিশেষ সভা অনুষ্ঠিত হয়৷


বৰষা ৰাণী বিষয়াৰ এখনি বিহু কৰ্মশালাও আয়োজিত হয়৷ বিদেশত বৰষাৰ বিহু শিকিবলৈ উত্তৰ আমেৰিকাৰ বিভিন্ন প্ৰান্তৰৰ যুৱতী-মহিলাৰ লগতে যুৱকসকলেও অংশ লয়৷ লগতে Invest in Assam নামৰ এখনি বিশেষ আলোচনাচক্ৰও আয়োজিত হয় ৷ য’ত অসমত বিনিয়োগ কৰি কিদৰে অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগতে পৰ্যটন উদ্যোগটো আগুৱাই নিব পাৰি সেই বিষয়ে বিষদভাৱে আলোচনা কৰা হয় ৷


এই আলোচনাত আমেৰিকাৰ অন্যতম উদ্যোগপতি ছিদ চৌধুৰী, অসমৰ উদ্যোগপতি ড° সঞ্জীৱ নাৰায়ণ, ডাঃ নৱ গোস্বামী উপস্থিত থাকে৷ সত্ৰীয়া নৃত্য, আধুনিক নৃত্যৰ লগতে বিভিন্ন গীত পৰিৱেশন কৰা হয় ৷ লগতে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱনভিত্তিক এখনি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় ৷ AEC, JECৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ লগতে চিকিৎসকসকলৰো এখন সন্মিলন অনুষ্ঠিত হয় ৷ লগতে বিখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ ফেশ্বন শ্ব’ অনুষ্ঠিত হয় ৷ য’ত অসমৰ অভিনেত্ৰী আইমী বৰুৱাই Showstopper হিচাপে অংশগ্ৰহণ কৰে ৷


অনুষ্ঠানটোলৈ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে পাপনক আমন্ত্ৰণ জনোৱা হয় ৷ পাপনে সহশিল্পীসকলৰ সৈতে এইবছৰৰ অসম অভিৱৰ্তনত গীত পৰিৱেশন কৰে ৷ উল্লেখযোগ্য যে পাপনে বহু বছৰৰ পাছত তেওঁৰ পুৰণি সহশিল্পী ৰেহানা আৰু গীটাৰিষ্ট জিণ্টি দত্তৰ সৈতেও গীত পৰিৱেশন কৰে ৷ অনুষ্ঠানৰ আঁত ধৰে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু