--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিদেশত বৰষা ৰাণী বিষয়াৰ বিহু শিকিবলৈ উত্তৰ আমেৰিকাৰ বিভিন্ন প্ৰান্তৰৰ যুৱতী-মহিলাৰ লগতে যুৱকসকলেও অংশ লয়৷

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ছিকাগ’ত অনুষ্ঠিত ৪৬ সংখ্যক অসম অভিৱৰ্তনৰ ৫ জুলাইত সফল সামৰণি হয়৷ ৩ -৫ জুলাইলৈ আয়োজিত এই অভিৱৰ্তনৰ শেষৰ দিনটোত পুৱাৰ ভাগত শিশুসকলৰ কুইজ প্ৰতিযোগিতাৰ লগতে Assam Association of North America চমুকৈ আনাৰ এখন বিশেষ সভা অনুষ্ঠিত হয়৷


বৰষা ৰাণী বিষয়াৰ এখনি বিহু কৰ্মশালাও আয়োজিত হয়৷ বিদেশত বৰষাৰ বিহু শিকিবলৈ উত্তৰ আমেৰিকাৰ বিভিন্ন প্ৰান্তৰৰ যুৱতী-মহিলাৰ লগতে যুৱকসকলেও অংশ লয়৷ লগতে Invest in Assam নামৰ এখনি বিশেষ আলোচনাচক্ৰও আয়োজিত হয় ৷ য’ত অসমত বিনিয়োগ কৰি কিদৰে অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগতে পৰ্যটন উদ্যোগটো আগুৱাই নিব পাৰি সেই বিষয়ে বিষদভাৱে আলোচনা কৰা হয় ৷


এই আলোচনাত আমেৰিকাৰ অন্যতম উদ্যোগপতি ছিদ চৌধুৰী, অসমৰ উদ্যোগপতি ড° সঞ্জীৱ নাৰায়ণ, ডাঃ নৱ গোস্বামী উপস্থিত থাকে৷ সত্ৰীয়া নৃত্য, আধুনিক নৃত্যৰ লগতে বিভিন্ন গীত পৰিৱেশন কৰা হয় ৷ লগতে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱনভিত্তিক এখনি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় ৷ AEC, JECৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ লগতে চিকিৎসকসকলৰো এখন সন্মিলন অনুষ্ঠিত হয় ৷ লগতে বিখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ ফেশ্বন শ্ব’ অনুষ্ঠিত হয় ৷ য’ত অসমৰ অভিনেত্ৰী আইমী বৰুৱাই Showstopper হিচাপে অংশগ্ৰহণ কৰে ৷


অনুষ্ঠানটোলৈ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে পাপনক আমন্ত্ৰণ জনোৱা হয় ৷ পাপনে সহশিল্পীসকলৰ সৈতে এইবছৰৰ অসম অভিৱৰ্তনত গীত পৰিৱেশন কৰে ৷ উল্লেখযোগ্য যে পাপনে বহু বছৰৰ পাছত তেওঁৰ পুৰণি সহশিল্পী ৰেহানা আৰু গীটাৰিষ্ট জিণ্টি দত্তৰ সৈতেও গীত পৰিৱেশন কৰে ৷ অনুষ্ঠানৰ আঁত ধৰে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ