--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • 'আজি, আপোনালোকক স্বাধীনতা উভতাই দিবলৈ আমেৰিকা পার্টি গঠন কৰা হ'ল।'

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে সংঘাতৰ পাছত শনিবাৰে বিলিয়নাৰ ইলন মাস্কে কয় যে আমেৰিকানসকলক স্বাধীনতা ঘূৰাই দিবলৈ তেওঁ এটা নতুন ৰাজনৈতিক দল গঠন কৰিছে।


সামাজিক মাধ্যম এক্সত তেওঁৰ পৰিকল্পনাৰ কথা জনাই তেওঁ কয় যে দেশৰ দ্বি-দলীয় ব্যৱস্থাক প্রত্যাহ্বান জনাবলৈ তেওঁ 'আমেৰিকা পার্টি গঠন কৰে। মাস্কে 'এক্স'ত কয়, 'আজি, আপোনালোকক স্বাধীনতা উভতাই দিবলৈ আমেৰিকা পার্টি গঠন কৰা হ'ল।'


টেছলা আৰু স্পে'চএক্সৰ মুখ্য কাৰ্যবাহী বিষয়াজনে আৰু কয়, 'যেতিয়া অপব্যয় আৰু উৎকোচৰ বাবে আমাৰ দেশ দেউলীয়া হয়, তেতিয়া আমি একদলীয় ব্যৱস্থাত থাকোঁ, গণতন্ত্রত নহয়।' অৱশ্যে, মাস্কে দলটোৰ পঞ্জীয়ন ক'ত কৰা হ'ব সেই কথা জনোৱা নাই। বৈধভাবে দল গঠন কৰিবলৈ হ'লে ফেডাৰেল ইলেকশ্যন কমিছনৰ (এফ ই চি) ওচৰত পঞ্জীয়ন কৰিব লাগিব। চি এন এনৰ বাতৰি মতে, এফ ই চিৰ শেহতীয়া নথিত এনে পঞ্জীয়নৰ তথ্য নাই। উল্লেখযোগ্য যে ট্রাম্পৰ সৈতে ৰাজহুৱাভাৱে হোৱা দ্বন্দ্বৰ সময়ত মাস্কে নতুন দল গঠন কৰিব বুলি কৈছিল। শেহতীয়াকৈ মাস্কে ডিপার্টমেন্ট অব্ গৱর্নমেন্ট এফিচিয়েন্সি (ডি অ'জিই)ৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছিল আৰু পূৰ্বৰ মিত্ৰ ড'নাল্ড ট্রাম্পৰ সৈতে বিতৰ্কত লিপ্ত হৈছিল। উল্লেখযোগ্য যে ২০২৪ চনৰ ড'নাল্ড ট্রাম্পৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ পুঁজিলৈ সৰ্বাধিক দান দিয়া ব্যক্তি আছিল মাস্ক আৰু তেওঁ কিছুদিন আগলৈকে মাস্কৰ ঘনিষ্ঠ উপদেষ্টা আছিল। কিন্তু ট্রাম্পে প্রস্তাৱ কৰা (শেহতীয়াকৈ সংসদত গৃহীত হোৱা) 'বিগ বিউটিফুল' কৰ আৰু ব্যয় বিধেয়কৰ মাস্কে বিৰোধিতা কৰিছিল, কাৰণ এই বিধেয়কৰ বাবে আমেৰিকাৰ বাজেটত ট্রিলিয়ন ট্রিলিয়ন ডলাৰ ঘাটি হ'ব।


যোৱা সপ্তাহত সংসদত গৃহীত এই বিধেয়কত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাই আইনত পৰিণত কৰে। বিশ্বৰ আটাইতকৈ চহকী লোক ইলন মাস্কে আগতে ইংগিত দিছিল যে তেওঁ এনে এটা দল বিচাৰে যি বিত্তীয়ভাৱে ৰক্ষণশীল আৰু ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্রিত। আমেৰিকাত দ্বি-দলীয় ব্যৱস্থাক বহু পঞ্জীয়নভুক্ত ডেমক্রেট আৰু ৰিপাব্লিকান সদস্যই বিৰোধিতা কৰি আহিছে, কিন্তু যোৱা শতিকাত এটা তৃতীয় দল গঠনৰ প্ৰচেষ্টাই বিশেষ ফল দিয়া নাছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু