--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • 'আজি, আপোনালোকক স্বাধীনতা উভতাই দিবলৈ আমেৰিকা পার্টি গঠন কৰা হ'ল।'

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে সংঘাতৰ পাছত শনিবাৰে বিলিয়নাৰ ইলন মাস্কে কয় যে আমেৰিকানসকলক স্বাধীনতা ঘূৰাই দিবলৈ তেওঁ এটা নতুন ৰাজনৈতিক দল গঠন কৰিছে।


সামাজিক মাধ্যম এক্সত তেওঁৰ পৰিকল্পনাৰ কথা জনাই তেওঁ কয় যে দেশৰ দ্বি-দলীয় ব্যৱস্থাক প্রত্যাহ্বান জনাবলৈ তেওঁ 'আমেৰিকা পার্টি গঠন কৰে। মাস্কে 'এক্স'ত কয়, 'আজি, আপোনালোকক স্বাধীনতা উভতাই দিবলৈ আমেৰিকা পার্টি গঠন কৰা হ'ল।'


টেছলা আৰু স্পে'চএক্সৰ মুখ্য কাৰ্যবাহী বিষয়াজনে আৰু কয়, 'যেতিয়া অপব্যয় আৰু উৎকোচৰ বাবে আমাৰ দেশ দেউলীয়া হয়, তেতিয়া আমি একদলীয় ব্যৱস্থাত থাকোঁ, গণতন্ত্রত নহয়।' অৱশ্যে, মাস্কে দলটোৰ পঞ্জীয়ন ক'ত কৰা হ'ব সেই কথা জনোৱা নাই। বৈধভাবে দল গঠন কৰিবলৈ হ'লে ফেডাৰেল ইলেকশ্যন কমিছনৰ (এফ ই চি) ওচৰত পঞ্জীয়ন কৰিব লাগিব। চি এন এনৰ বাতৰি মতে, এফ ই চিৰ শেহতীয়া নথিত এনে পঞ্জীয়নৰ তথ্য নাই। উল্লেখযোগ্য যে ট্রাম্পৰ সৈতে ৰাজহুৱাভাৱে হোৱা দ্বন্দ্বৰ সময়ত মাস্কে নতুন দল গঠন কৰিব বুলি কৈছিল। শেহতীয়াকৈ মাস্কে ডিপার্টমেন্ট অব্ গৱর্নমেন্ট এফিচিয়েন্সি (ডি অ'জিই)ৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছিল আৰু পূৰ্বৰ মিত্ৰ ড'নাল্ড ট্রাম্পৰ সৈতে বিতৰ্কত লিপ্ত হৈছিল। উল্লেখযোগ্য যে ২০২৪ চনৰ ড'নাল্ড ট্রাম্পৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ পুঁজিলৈ সৰ্বাধিক দান দিয়া ব্যক্তি আছিল মাস্ক আৰু তেওঁ কিছুদিন আগলৈকে মাস্কৰ ঘনিষ্ঠ উপদেষ্টা আছিল। কিন্তু ট্রাম্পে প্রস্তাৱ কৰা (শেহতীয়াকৈ সংসদত গৃহীত হোৱা) 'বিগ বিউটিফুল' কৰ আৰু ব্যয় বিধেয়কৰ মাস্কে বিৰোধিতা কৰিছিল, কাৰণ এই বিধেয়কৰ বাবে আমেৰিকাৰ বাজেটত ট্রিলিয়ন ট্রিলিয়ন ডলাৰ ঘাটি হ'ব।


যোৱা সপ্তাহত সংসদত গৃহীত এই বিধেয়কত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাই আইনত পৰিণত কৰে। বিশ্বৰ আটাইতকৈ চহকী লোক ইলন মাস্কে আগতে ইংগিত দিছিল যে তেওঁ এনে এটা দল বিচাৰে যি বিত্তীয়ভাৱে ৰক্ষণশীল আৰু ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্রিত। আমেৰিকাত দ্বি-দলীয় ব্যৱস্থাক বহু পঞ্জীয়নভুক্ত ডেমক্রেট আৰু ৰিপাব্লিকান সদস্যই বিৰোধিতা কৰি আহিছে, কিন্তু যোৱা শতিকাত এটা তৃতীয় দল গঠনৰ প্ৰচেষ্টাই বিশেষ ফল দিয়া নাছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ