--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশ্বাস কৰা হয় যে সৰস্বতী পূজা নকৰাকৈ বগৰী খালে দেৱী মা সৰস্বতীক অপমান বুলি গণ্য কৰা হয়, যাৰ ফলত শিক্ষণ আৰু বুদ্ধিমত্তাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

ডিজিটেল ডেস্কঃ ‘‘সৰস্বতী পূজাৰ আগত বগৰী খাব নাপায়’’ এনে ধৰণৰ কথা আপুনি নিশ্চয় শুনিছে। এই কথাক বিশ্বাস কৰি বহু মানুহে সৰস্বতী পূজাৰ আগত বগৰী খোৱাৰ পৰা বিৰত থাকে আৰু আনকো খোৱাত বাধা দিয়ে। 


বিশ্বাস কৰা হয় যে সৰস্বতী পূজা নকৰাকৈ বগৰী খালে দেৱী মা সৰস্বতীক অপমান বুলি গণ্য কৰা হয়, যাৰ ফলত শিক্ষণ আৰু বুদ্ধিমত্তাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।


সৰস্বতী পূজাৰ আগত কিয় বগৰী খাব নাপায় বুলি কোৱা হয় জানো আহক।  


বসন্ত পঞ্চমীৰ পবিত্ৰ ক্ষণত দেৱীৰ চৰণত বগৰী অৰ্পণ কৰাটো এক অপৰিহাৰ্য পৰম্পৰা। পূজাৰ আগলৈকে বগৰী খোৱাটো নিষিদ্ধ আৰু পূজাৰ প্ৰসাদত বগৰী থকাটো বাধ্যতামূলক। এই প্ৰথাৰ আঁৰত লুকাই আছে পৌৰাণিক কাহিনী। 


পুৰাণৰ বৰ্ণনা অনুসৰি, মহামুনি ব্যাসদেৱে বৈদিক জ্ঞান অৰ্জনৰ উদ্দেশ্যৰে দেৱী সৰস্বতীক তুষ্ট কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। দেৱীয়ে ব্যাসদেৱৰ আগত এক চৰ্ত ৰাখিছিল। দেৱী সৰস্বতীয়ে ব্যাসদেৱৰ তপস্যাস্থানত এটা ফলৰ বীজ ৰোপণ কৰি কৈছিল যে, সেই বীজৰ পৰা অংকুৰিত হৈ গছজোপা যেতিয়া ডাঙৰ হ’ব আৰু তাৰ ফল পকি পূৰঠ হৈ ব্যাসদেৱৰ শিৰত পৰিব, সেইদিনাই তেওঁৰ তপস্যাই ফল পাব।


কালক্ৰমত সেই বীজৰ পৰা এডাল বিশাল বগৰী গছ উৎপন্ন হ’ল। এদিন ফলটো পকি ব্যাসদেৱৰ শিৰত পৰিল, সেই দিনটো আছিল মাঘী শুক্লা পঞ্চমী। এই দিনটোতে ব্যাসদেৱে দেৱী সৰস্বতীক সেই পকা বগৰী নৈবেদ্য হিচাপে অৰ্পণ কৰে আৰু 'ব্ৰহ্মসূত্ৰ' ৰচনাৰ কামৰ শুভাৰম্ভ কৰে।


এই কথাকে সন্মান জনাই আজিও সৰস্বতী পূজাত বগৰী মুখ্য নৈবেদ্য হিচাপে আগবঢ়োৱা হয়। দেৱীক অৰ্পণ নকৰাকৈ এই ফল গ্ৰহণ কৰাটো অশুভ বুলি গণ্য কৰা হয়। 


উল্লেখ্য যে বগৰীৰ আন এটা নাম বদ্ৰী। ব্যাসদেৱৰ এই মহান তপস্যাৰ সৈতে বদ্ৰী বা বগৰী ফল জড়িত হৈ থকাৰ বাবেই সেই পবিত্ৰ স্থানৰ নাম পৰৱৰ্তী সময়ত 'বদ্ৰীকাশ্ৰম' হিচাপে জনাজাত হয়।


সৰস্বতী পূজাৰ সৈতে জড়িত বগৰী ফলৰ এই পুৰণি প্ৰথাই আমাৰ মনত ধৰ্মীয় বিশ্বাস জন্মোৱাৰ উপৰিও ধৈৰ্য আৰু সংযমৰো শিক্ষা দি আহিছে। নিজক সংযম কৰি কেনেকৈ ৰাখিব পাৰি সেই শিক্ষাও এই বগৰী কাহিনীৰ পৰা বুজিব পাৰি।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ