--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশ্বাস কৰা হয় যে সৰস্বতী পূজা নকৰাকৈ বগৰী খালে দেৱী মা সৰস্বতীক অপমান বুলি গণ্য কৰা হয়, যাৰ ফলত শিক্ষণ আৰু বুদ্ধিমত্তাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

ডিজিটেল ডেস্কঃ ‘‘সৰস্বতী পূজাৰ আগত বগৰী খাব নাপায়’’ এনে ধৰণৰ কথা আপুনি নিশ্চয় শুনিছে। এই কথাক বিশ্বাস কৰি বহু মানুহে সৰস্বতী পূজাৰ আগত বগৰী খোৱাৰ পৰা বিৰত থাকে আৰু আনকো খোৱাত বাধা দিয়ে। 


বিশ্বাস কৰা হয় যে সৰস্বতী পূজা নকৰাকৈ বগৰী খালে দেৱী মা সৰস্বতীক অপমান বুলি গণ্য কৰা হয়, যাৰ ফলত শিক্ষণ আৰু বুদ্ধিমত্তাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।


সৰস্বতী পূজাৰ আগত কিয় বগৰী খাব নাপায় বুলি কোৱা হয় জানো আহক।  


বসন্ত পঞ্চমীৰ পবিত্ৰ ক্ষণত দেৱীৰ চৰণত বগৰী অৰ্পণ কৰাটো এক অপৰিহাৰ্য পৰম্পৰা। পূজাৰ আগলৈকে বগৰী খোৱাটো নিষিদ্ধ আৰু পূজাৰ প্ৰসাদত বগৰী থকাটো বাধ্যতামূলক। এই প্ৰথাৰ আঁৰত লুকাই আছে পৌৰাণিক কাহিনী। 


পুৰাণৰ বৰ্ণনা অনুসৰি, মহামুনি ব্যাসদেৱে বৈদিক জ্ঞান অৰ্জনৰ উদ্দেশ্যৰে দেৱী সৰস্বতীক তুষ্ট কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। দেৱীয়ে ব্যাসদেৱৰ আগত এক চৰ্ত ৰাখিছিল। দেৱী সৰস্বতীয়ে ব্যাসদেৱৰ তপস্যাস্থানত এটা ফলৰ বীজ ৰোপণ কৰি কৈছিল যে, সেই বীজৰ পৰা অংকুৰিত হৈ গছজোপা যেতিয়া ডাঙৰ হ’ব আৰু তাৰ ফল পকি পূৰঠ হৈ ব্যাসদেৱৰ শিৰত পৰিব, সেইদিনাই তেওঁৰ তপস্যাই ফল পাব।


কালক্ৰমত সেই বীজৰ পৰা এডাল বিশাল বগৰী গছ উৎপন্ন হ’ল। এদিন ফলটো পকি ব্যাসদেৱৰ শিৰত পৰিল, সেই দিনটো আছিল মাঘী শুক্লা পঞ্চমী। এই দিনটোতে ব্যাসদেৱে দেৱী সৰস্বতীক সেই পকা বগৰী নৈবেদ্য হিচাপে অৰ্পণ কৰে আৰু 'ব্ৰহ্মসূত্ৰ' ৰচনাৰ কামৰ শুভাৰম্ভ কৰে।


এই কথাকে সন্মান জনাই আজিও সৰস্বতী পূজাত বগৰী মুখ্য নৈবেদ্য হিচাপে আগবঢ়োৱা হয়। দেৱীক অৰ্পণ নকৰাকৈ এই ফল গ্ৰহণ কৰাটো অশুভ বুলি গণ্য কৰা হয়। 


উল্লেখ্য যে বগৰীৰ আন এটা নাম বদ্ৰী। ব্যাসদেৱৰ এই মহান তপস্যাৰ সৈতে বদ্ৰী বা বগৰী ফল জড়িত হৈ থকাৰ বাবেই সেই পবিত্ৰ স্থানৰ নাম পৰৱৰ্তী সময়ত 'বদ্ৰীকাশ্ৰম' হিচাপে জনাজাত হয়।


সৰস্বতী পূজাৰ সৈতে জড়িত বগৰী ফলৰ এই পুৰণি প্ৰথাই আমাৰ মনত ধৰ্মীয় বিশ্বাস জন্মোৱাৰ উপৰিও ধৈৰ্য আৰু সংযমৰো শিক্ষা দি আহিছে। নিজক সংযম কৰি কেনেকৈ ৰাখিব পাৰি সেই শিক্ষাও এই বগৰী কাহিনীৰ পৰা বুজিব পাৰি।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু