--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলটোক টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাই নেতৃত্ব দিব বুলি স্পষ্ট কৰি দিছে ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে। কিন্তু তিনি বছৰৰ পাছত ৰোহিতক এদিনীয়া বিশ্বকাপত দেখা যাবনে? ৰোহিতে এটা সাক্ষাৎকাৰত এই বিষয়ে ইংগিত দিয়ে। তেওঁ কয় যে তেওঁৰ সপোন ভাৰতৰ হৈ বিশ্বকাপ জয় কৰা। অৱশ্যে ২০২৭ চনত খেলাৰ কথা তেওঁ স্পষ্টভাৱে কোৱা নাছিল।

পৰিচালক গৌৰৱ কাপুৰ আৰু গায়ক এড শ্বীৰণৰ সৈতে হোৱা বাৰ্তালাপত ৰোহিতে উপস্থিত হয়। তাতে শ্বীৰানে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে সুধিলে। ৰোহিতৰ উত্তৰ, “এতিয়ালৈকে প্ৰশিক্ষকৰ কথা ভবা নাই। কিন্তু জীৱনে মোক ক’লৈ লৈ যাব নাজানো। মই এতিয়া ভাল খেলি আছো। গতিকে আৰু কেইবছৰমান খেলাৰ হেঁপাহ। তাৰ পিছত কি হ’ব নাজানো।"

ইয়াৰ উত্তৰত শ্বীৰানে প্ৰশ্ন কৰে যে, ভাৰতে বিশ্বকাপ জয় নকৰালৈকে খেলি থাকিবনে? হাঁহি হাঁহি ৰোহিতে উত্তৰ দিলে, “এইটো সঁচা যে মই বিশ্বকাপ জয় কৰিব খুব বিচাৰো। মোৰ সপোন বুলি ক’ব পাৰিবা।” কিন্তু এতিয়াৰ বাবে ৰোহিতৰ টাৰ্গেট অলপ ওচৰ চাপিছে। অহা বছৰ লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন আৰু এবাৰ খেলিব বিচাৰিছে বুলিও কয়। ক’লে, “অহা বছৰ লৰ্ডছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ হ’ব। মই ইয়াক খেলিব বিচাৰো। আশাকৰোঁ আমি ফাইনেলত প্ৰৱেশ কৰিব পাৰিম।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement