--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত ইণ্টাৰনেট সেৱা প্ৰায় তিনি মাহৰ বাবে বন্ধ আছিল। অৱশেষত ৰাজ্য খনত ব্ৰডবেণ্ড  ইণ্টাৰনেট সংযোগ পুনৰ মুকলি কৰা হৈছে। মণিপুৰ চৰকাৰে ৰাজ্যখনৰ কেইবাটাও ঠাইত ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ চৰ্তসাপেক্ষ অনুমতি দিছে।

 অৱশ্যে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকিব। তদুপৰি ৰাজ্য খনত কোনেও  মোবাইল ডাটা ব্যৱহাৰ কৰিব নোৱাৰি। মঙলবাৰে জাৰি কৰা এক নিৰ্দেশত মণিপুৰ চৰকাৰে কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ক্ৰমান্বয়ে ইণ্টাৰনেট সেৱা মুকলি কৰা হ'ব।  কুকি-মেইটেইৰ  মাজত সংঘৰ্ষৰ বাবে মণিপুৰত ৮০ দিনৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছিল। ফলস্বৰূপে, বেংক , সংবাদসেৱা আৰু চিকিৎসালয়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত কাম ব্যাহত হৈ পৰিছিল। 

পৰিস্থিতিৰ বুজ লোৱাৰ পিছত মণিপুৰৰ গৃহ বিভাগে ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰ  কৰাৰ সিদ্ধান্ত লয়। সেয়ে এতিয়াৰে পৰা বহু  ক্ষেত্ৰত ব্ৰডবেণ্ডৰ জৰিয়তে ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পৰা যাব বুলি  নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজধানী ইম্ফলকে ধৰি কেইবাস্থানতো ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পৰা যাব।  অৱশ্যে, সাধাৰণ মানুহে এই মুহূৰ্তত ঘৰত ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰিব। ৰাজ্য প্ৰশাসনে এতিয়াও মোবাইল ডাটাৰ ব্যৱহাৰত কোনো শিথিলতা ঘোষণা কৰা নাই। ইয়াৰ উপৰি উচটনিমূলক তথ্য প্ৰচাৰ প্ৰতিহত কৰিবলৈ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰো সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে।  




FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু