--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত ইণ্টাৰনেট সেৱা প্ৰায় তিনি মাহৰ বাবে বন্ধ আছিল। অৱশেষত ৰাজ্য খনত ব্ৰডবেণ্ড  ইণ্টাৰনেট সংযোগ পুনৰ মুকলি কৰা হৈছে। মণিপুৰ চৰকাৰে ৰাজ্যখনৰ কেইবাটাও ঠাইত ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ চৰ্তসাপেক্ষ অনুমতি দিছে।

 অৱশ্যে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকিব। তদুপৰি ৰাজ্য খনত কোনেও  মোবাইল ডাটা ব্যৱহাৰ কৰিব নোৱাৰি। মঙলবাৰে জাৰি কৰা এক নিৰ্দেশত মণিপুৰ চৰকাৰে কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ক্ৰমান্বয়ে ইণ্টাৰনেট সেৱা মুকলি কৰা হ'ব।  কুকি-মেইটেইৰ  মাজত সংঘৰ্ষৰ বাবে মণিপুৰত ৮০ দিনৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছিল। ফলস্বৰূপে, বেংক , সংবাদসেৱা আৰু চিকিৎসালয়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত কাম ব্যাহত হৈ পৰিছিল। 

পৰিস্থিতিৰ বুজ লোৱাৰ পিছত মণিপুৰৰ গৃহ বিভাগে ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰ  কৰাৰ সিদ্ধান্ত লয়। সেয়ে এতিয়াৰে পৰা বহু  ক্ষেত্ৰত ব্ৰডবেণ্ডৰ জৰিয়তে ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পৰা যাব বুলি  নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজধানী ইম্ফলকে ধৰি কেইবাস্থানতো ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পৰা যাব।  অৱশ্যে, সাধাৰণ মানুহে এই মুহূৰ্তত ঘৰত ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰিব। ৰাজ্য প্ৰশাসনে এতিয়াও মোবাইল ডাটাৰ ব্যৱহাৰত কোনো শিথিলতা ঘোষণা কৰা নাই। ইয়াৰ উপৰি উচটনিমূলক তথ্য প্ৰচাৰ প্ৰতিহত কৰিবলৈ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰো সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে।  




FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ