--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিদিনে তিৰুপতিৰ লগতে দেশৰ বিভিন্ন মন্দিৰত হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ ভিৰ হয়। তীৰ্থযাত্ৰীসকলে মন্দিৰত নিজৰ ইচ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰে৷ ইচ্ছা পূৰণ হ’লে ভক্তসকলে মন্দিৰটোত চুলি কাটি দান কৰে। প্ৰতিদিনে মন্দিৰটোত চুলি কাটি আহিছে ভক্তসকলে৷ কিন্তু ক’ত যায় এই চুলিসমূহ? মন্দিৰ কৰ্তৃপক্ষই কি কৰে কটা চুলিসমূহ?

এই চুলিসমূহ বিক্ৰী কৰি মন্দিৰ কৰ্তৃপক্ষই বছৰত কোটি কোটি টকা উপাৰ্জন কৰে। কিন্তু এই চুলি কোনে কিনে? কেনেকৈ বিক্ৰী কৰে?

দেশৰ ভিতৰতে তিৰুপতি মন্দিৰলৈ সৰ্বাধিক চুলি দান কৰে ভক্তসকলে। তাৰ কাৰণো আছে। কোৱা হয় যে এই মন্দিৰত ভক্তসকলে যিমান চুলি দিয়ে, ভগৱানে তেওঁক ১০ গুণ ধন দিয়ে।

কোৱা হয় যে তিৰুপতি মন্দিৰত চুলি দান কৰিলে লক্ষ্মীদেৱী সন্তুষ্ট হয়। গতিকে ইয়াত কেৱল পুৰুষেই নহয়, মহিলাসকলেও ইচ্ছা কৰিলে চুলি দান কৰে।

চুলিদানৰ আন এটা কাহিনীওআছে। কোৱা হয় যে, আগতে বালাজীৰ মূৰ্তিৰ ওপৰত গোবৰৰ পৰ্বত এটা গঢ় লৈ উঠিছিল।  এটা গৰু আহি প্ৰতিদিনে গোবৰুৱাৰ পাহাৰত গাখীৰ দিছিল। এদিন গৰুটোৰ মালিকৰ বৰ খং উঠিল। সি কুঠাৰেৰে গৰুৰ মূৰত আঘাত কৰিলে৷

গৰুটোৰ মূৰত কৰা সেই আঘাতে বালাজীৰ মূৰত খুন্দা মাৰিলে। মূৰত ঘাঁ লাগি ৰক্তক্ষৰণ আৰম্ভ হয় বালাজীৰ। আঘাতৰ বাবে বালাজীৰ মূৰৰ চুলি সৰি পৰিল। সেই দেখি নীলাদেৱীয়ে চুলি কাটি বালাজীৰ মূৰৰ সেই ঘাঁত মেৰিয়াই দিলে। লগে লগে বালাজীৰ আঘাত ভাল হ’ল। দক্ষিণ ভাৰতৰ বিভিন্ন মন্দিৰত নীলাদেৱীৰ মূৰ্তি আছে।

নীলাদেৱীৰ এই পদক্ষেপত নাৰায়ণ সুখী হৈছিল। তেওঁ কয়, চুলি মহিলাৰ শৰীৰৰ সৌন্দৰ্য্যৰ এক গুৰুত্বপূৰ্ণ অংগ। কিন্তু নীলাদেৱীয়ে তেওঁৰ বাবেই নিজৰ চুলিখিনি কাটি দিলে। এই কাৰণেই তিৰুপতি মন্দিৰত চুলি দান কৰি ইচ্ছা পূৰণ কৰা হয় বুলি বিশ্বাস কৰা হয়।

তিৰুপতি মন্দিৰলৈ প্ৰতি বছৰে লাখ টন চুলি দান কৰা হয়। পৰিসংখ্যা অনুসৰি ভক্তসকলে বছৰি ৫০০ৰ পৰা ৬০০ টন চুলি দান কৰে। ইয়াৰ পিছত চুলিখিনি কি কৰা হয়?

মন্দিৰৰ সূত্ৰ অনুসৰি, কটা চুলি প্ৰথমে গৰম পানীত সিজাই লোৱা হয়। ইয়াৰ পিছত চাবোনেৰে ধুই শুকুৱাই লোৱা হয়। তাৰ পিছত ইয়াক এটা তাপ নিয়ন্ত্ৰিত গুদামত সংৰক্ষণ কৰা হয়।

চুলি বিভিন্ন ভাগত সংৰক্ষণ কৰা হয়। প্ৰথম ভাগত ২৭ ইঞ্চিতকৈ অধিক দীঘল চুলি সামৰি লোৱা হয়। দ্বিতীয় ভাগত ১৯ৰ পৰা ২৬ ইঞ্চি দীঘল চুলি থাকে। তৃতীয় ভাগত ১০ৰ পৰা ১৮ ইঞ্চি দীঘল চুলি থাকে। চতুৰ্থ ভাগত পাঁচৰ পৰা ন ইঞ্চি দীঘল চুলি ৰখা হয়। পাঁচ ইঞ্চিতকৈ কম দৈৰ্ঘ্যৰ চুলি পঞ্চম ভাগত ৰখা হয়।

এটা সংবাদ মাধ্যমৰ মতে, প্ৰথমটো ভাগৰ চুলি প্ৰতি কেজিত প্ৰায় ২৯০০ৰ পৰা ৩০০০ টকাত বিক্ৰী হয়। দ্বিতীয় ভাগৰ চুলি প্ৰতি কেজিত ২৬০০ টকাত বিক্ৰী কৰা হয়। আৰু চুলিৰ পঞ্চম ভাগৰ প্ৰতি কেজিত ৩৬ টকাৰ হাৰত বিক্ৰী কৰা হয়।

সেই চুলিখিনি অনলাইনত নিলাম কৰা হয়। নিলাম কৰে তিৰুমালা তিৰুপতি দেৱস্থানম কৰ্তৃপক্ষই। সেই কাম কৰি কৰ্তৃপক্ষই কোটি কোটি টকা উপাৰ্জন কৰে। চীন, আমেৰিকা, ইউৰোপ, আফ্ৰিকাকে ধৰি বিভিন্ন দেশত ইয়াক বিক্ৰী কৰা হয়। এই চুলিৰ পৰাই উইগ তৈয়াৰ কৰা হয়।

তিৰুপতি মন্দিৰত ভক্তৰ চুলি কাটিবলৈ নিয়োগ কৰা হৈছে ৬০০ লোক। পৰিসংখ্যা অনুসৰি প্ৰতিদিনে ২০ হাজাৰ ভক্তই চুলি দান কৰিবলৈ ইয়ালৈ আহে।

তিৰুপতিত নাপিতসকলে প্ৰতিজন ভক্তৰ মূৰৰ চুলি কাটি ১১ টকা পায় বুলি দাবী কৰিছে এটা সংবাদ মাধ্যমে। বজাৰত তেওঁলোকৰ মাহিলী আয় আঠ হাজাৰ টকা। ভক্তসকল সুখী আৰু প্ৰায়ে নাপিতসকলক অতিৰিক্ত ধন দিয়ে। মাজে মাজে এই ধন মন্দিৰৰ নিৰাপত্তাৰক্ষীয়ে লৈ যোৱাৰো অভিযোগ কৰে নাপিতসকলে।

এটা সংবাদ মাধ্যমে দাবী কৰিছে যে ২০২১ চনৰ জানুৱাৰী মাহত তিৰুপতী মন্দিৰ কৰ্তৃপক্ষই ১ লাখ ৪৩ হাজাৰ ৯০০ কেজি চুলি বিক্ৰী কৰিছিল। সেই চুলিখিনি অনলাইনত নিলাম কৰি তেওঁ ১১ কোটি ১৭ লাখ টকা পাইছিল। এনেদৰেই ভক্তৰ কটা চুলি বিক্ৰী কৰি তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই প্ৰতি বছৰে প্ৰায় ১৫০ কোটি টকা উপাৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু