--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হনুমানক অশুভৰ ওপৰত জয়লাভ আৰু সুৰক্ষা প্ৰদানৰ ক্ষমতা থকা দেৱতা হিচাপে পূজা কৰা হয়। এই উৎসৱত হনুমান ভক্তসকলে তেওঁক পূজা কৰি তেওঁৰ সুৰক্ষা আৰু আশীৰ্বাদ বিচাৰে।

ডিজিটেল ডেস্কঃ আজি হনুমান জয়ন্তী। আজিৰ দিনটো হিন্দু দেৱতা হনুমানৰ জন্মদিন বুলি উদযাপন কৰা হয়। ভাৰতৰ প্ৰতিখন ৰাজ্যতে সময় আৰু পৰম্পৰা অনুসৰি হনুমান জয়ন্তীৰ উদযাপনৰ ভিন্নতা আছে। ভাৰতৰ প্ৰায়বোৰ উত্তৰ ৰাজ্যতে এই উৎসৱ হিন্দু মাহৰ চ'ত (চৈত্ৰ পূৰ্ণিমা) মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। এইবাৰ ২ এপ্ৰিলত হনুমান জয়ন্তী পালন কৰা হৈছে।


কৰ্ণাটকত শুক্ল পক্ষ ত্ৰয়োদশীত হনুমান জয়ন্তী, মাৰ্গশিৰ্ষ মাহত বা বৈশাখাত পালন কৰা হয়, আনহাতে কেৰেলা আৰু তামিলনাডুৰ দৰে কেইখনমান ৰাজ্যত ধনু মাহত (তামিল ভাষাত মাৰ্গালী বুলি কোৱা হয়) হনুমান জয়ন্তী পালন কৰা হয়। পূবৰ ওড়িশা ৰাজ্যৰ পান সংক্ৰান্তিৰ দিনা হনুমান জয়ন্তী পালন কৰা হয়, যিটো ওড়িয়া নৱবৰ্ষৰ লগত মিল খায়।


হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ পৰম ভক্ত বুলি গণ্য কৰা হয়, যি তেওঁৰ অটল ভক্তিৰ বাবে বহুলভাৱে পৰিচিত। তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়। হনুমানক শিৱৰ অৱতাৰ বুলি কোৱা হয়।


হনুমানক অশুভৰ ওপৰত জয়লাভ আৰু সুৰক্ষা প্ৰদানৰ ক্ষমতা থকা দেৱতা হিচাপে পূজা কৰা হয়। এই উৎসৱত হনুমান ভক্তসকলে তেওঁক পূজা কৰি তেওঁৰ সুৰক্ষা আৰু আশীৰ্বাদ বিচাৰে। দেশৰ বিভিন্ন ঠাইৰ লগতে অসমতো আজি পালন কৰা হৈছে হনুমান জয়ন্তী।


গুৱাহাটী মহানগৰীতো দেখা গ’ল হনুমান জয়ন্তীৰ ব্যাপক আয়োজন। মহানগৰীৰ বিভিন্ন স্থানত থকা হনুমান মন্দিৰত পুৱাৰে পৰা দেখা গ’ল ভক্তৰ লানি নিছিঙা সোঁত। গণেশগুৰি, লাচিত নগৰ, নিউ গুৱাহাটীৰ হনুমান মন্দিৰত ভক্তই ভিৰ কৰিছেহি।


বজৰংগবলীৰ কৃপাত আপোনাৰ জীৱন শক্তি, সাহস আৰু ভক্তিৰে পৰিপূৰ্ণ হওক। এই বিশেষ দিনটোত হনুমানজীয়ে আপোনাৰ জীৱনৰ সকলো বাধা আঁতৰাই আপোনাক সুখ আৰু শান্তি প্ৰদান কৰক। জয় শ্ৰী ৰাম, জয় হনুমান....


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু