--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হনুমানক শক্তি, বুদ্ধি আৰু ভক্তিৰ প্ৰতীক হিচাপে পূজা কৰা হয়। তেওঁক কলিযুগৰ জাগ্ৰত দেৱতা বুলিও বিশ্বাস কৰা হয়।

ডিজিটেল ডেস্ক: কাইলৈ হনুমান জয়ন্তী দেশজুৰি পালন কৰা হ’ব। হিন্দু দেৱতা হনুমানৰ জন্মোৎসৱ, যি সাধাৰণতে চ’ত মাহৰ পূৰ্ণিমাত (মাৰ্চ-এপ্ৰিল) অসম তথা ভাৰতজুৰি অতি ভক্তিৰে পালন কৰা হয়। এই দিনটোত বজৰংগবলীৰ বিশেষ পূজা, হনুমান চালিছা পাঠ আৰু সেন্দুৰ অৰ্পণ কৰি শক্তি আৰু সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰা হয়।


বিশ্বাস কৰা হয় যে এই দিনটোত হনুমানৰ পূজা কৰিলে জীৱনৰ বাধা দূৰ হয়। ভক্তসকলে উপবাসে থাকি হনুমান মন্দিৰত পূজা-অৰ্চনা কৰে। হনুমান জীক সেন্দুৰ, ৰঙা ফুল আৰু লাডু অৰ্পণ কৰা হয়। চাকি জ্বলাই (বিশেষকৈ তেলৰ চাকি) হনুমান চালিছা বা বজৰং বাণ পাঠ কৰা হয়।


হনুমানক শক্তি, বুদ্ধি আৰু ভক্তিৰ প্ৰতীক হিচাপে পূজা কৰা হয়। তেওঁক কলিযুগৰ জাগ্ৰত দেৱতা বুলিও বিশ্বাস কৰা হয়।


হনুমান জয়ন্তীত কি কৰিব লাগে জানো আহক।


হনুমান জয়ন্তীৰ দিনা ৰাতিপুৱা সোনকালে শুই উঠি, গা ধুই ৰঙা/হালধীয়া কাপোৰ পিন্ধি হনুমানক প্ৰাৰ্থনা কৰক। হনুমান চলিছা, বজৰং বান পাঠ কৰি, ভোগ (প্ৰসাদ) হিচাপে বুন্দিয়া লাডু আগবঢ়াওক। 


আমিষ আহাৰ আৰু মদ পৰিহাৰ কৰক আৰু ক’লা/বগা কাপোৰ পৰিধান নকৰিব। 


পূজাৰ স্থানটো গোবৰ বা পবিত্ৰ পানীৰে মচি শুদ্ধ কৰি হনুমানৰ এখন ছবি বা মূৰ্তি স্থাপন কৰি পূজা কৰিব লাগে। পৰম্পৰা অনুসৰি, হনুমান দেৱক চামেলি তেলৰ সৈতে ৰঙা সেন্দূৰ মিহলাই অৰ্পণ কৰিব লাগে। পূজাৰ স্থান শুদ্ধি কৰি চাকি-বন্তি জ্বলাই ব্ৰতৰ সংকল্প ল’ব লাগে।


এই দিনটোত দুখীয়া লোকক খাদ্য বা কাপোৰ দান কৰিল শুভ। বান্দৰক খুৱাব লাগে। শাৰীৰিক আৰু মানসিক শুদ্ধতা বজাই ৰাখক। দিনত টোপনিৰ পৰা বিৰত থাকিব লাগে। খং, গালি-গালাজ এৰাই চলি ঘৰত শান্তি বজাই ৰাখক। দান কৰা সামগ্ৰী খোৱাৰ পৰা বিৰত থাকক। 


নাৰীয়ে হনুমানক পূজা কৰিব পাৰে, কিন্তু মূৰ্তি স্পৰ্শ কৰিব নালাগে। 


শুদ্ধ অন্তৰে হনুমানজীক পূজা-অৰ্চনা কৰিলে ভক্তৰ সকলো মনোবাঞ্চা পূৰণ কৰা লগতে ভক্তক সকলো বিপদ-সংকটৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু