--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হনুমানক শক্তি, বুদ্ধি আৰু ভক্তিৰ প্ৰতীক হিচাপে পূজা কৰা হয়। তেওঁক কলিযুগৰ জাগ্ৰত দেৱতা বুলিও বিশ্বাস কৰা হয়।

ডিজিটেল ডেস্ক: কাইলৈ হনুমান জয়ন্তী দেশজুৰি পালন কৰা হ’ব। হিন্দু দেৱতা হনুমানৰ জন্মোৎসৱ, যি সাধাৰণতে চ’ত মাহৰ পূৰ্ণিমাত (মাৰ্চ-এপ্ৰিল) অসম তথা ভাৰতজুৰি অতি ভক্তিৰে পালন কৰা হয়। এই দিনটোত বজৰংগবলীৰ বিশেষ পূজা, হনুমান চালিছা পাঠ আৰু সেন্দুৰ অৰ্পণ কৰি শক্তি আৰু সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰা হয়।


বিশ্বাস কৰা হয় যে এই দিনটোত হনুমানৰ পূজা কৰিলে জীৱনৰ বাধা দূৰ হয়। ভক্তসকলে উপবাসে থাকি হনুমান মন্দিৰত পূজা-অৰ্চনা কৰে। হনুমান জীক সেন্দুৰ, ৰঙা ফুল আৰু লাডু অৰ্পণ কৰা হয়। চাকি জ্বলাই (বিশেষকৈ তেলৰ চাকি) হনুমান চালিছা বা বজৰং বাণ পাঠ কৰা হয়।


হনুমানক শক্তি, বুদ্ধি আৰু ভক্তিৰ প্ৰতীক হিচাপে পূজা কৰা হয়। তেওঁক কলিযুগৰ জাগ্ৰত দেৱতা বুলিও বিশ্বাস কৰা হয়।


হনুমান জয়ন্তীত কি কৰিব লাগে জানো আহক।


হনুমান জয়ন্তীৰ দিনা ৰাতিপুৱা সোনকালে শুই উঠি, গা ধুই ৰঙা/হালধীয়া কাপোৰ পিন্ধি হনুমানক প্ৰাৰ্থনা কৰক। হনুমান চলিছা, বজৰং বান পাঠ কৰি, ভোগ (প্ৰসাদ) হিচাপে বুন্দিয়া লাডু আগবঢ়াওক। 


আমিষ আহাৰ আৰু মদ পৰিহাৰ কৰক আৰু ক’লা/বগা কাপোৰ পৰিধান নকৰিব। 


পূজাৰ স্থানটো গোবৰ বা পবিত্ৰ পানীৰে মচি শুদ্ধ কৰি হনুমানৰ এখন ছবি বা মূৰ্তি স্থাপন কৰি পূজা কৰিব লাগে। পৰম্পৰা অনুসৰি, হনুমান দেৱক চামেলি তেলৰ সৈতে ৰঙা সেন্দূৰ মিহলাই অৰ্পণ কৰিব লাগে। পূজাৰ স্থান শুদ্ধি কৰি চাকি-বন্তি জ্বলাই ব্ৰতৰ সংকল্প ল’ব লাগে।


এই দিনটোত দুখীয়া লোকক খাদ্য বা কাপোৰ দান কৰিল শুভ। বান্দৰক খুৱাব লাগে। শাৰীৰিক আৰু মানসিক শুদ্ধতা বজাই ৰাখক। দিনত টোপনিৰ পৰা বিৰত থাকিব লাগে। খং, গালি-গালাজ এৰাই চলি ঘৰত শান্তি বজাই ৰাখক। দান কৰা সামগ্ৰী খোৱাৰ পৰা বিৰত থাকক। 


নাৰীয়ে হনুমানক পূজা কৰিব পাৰে, কিন্তু মূৰ্তি স্পৰ্শ কৰিব নালাগে। 


শুদ্ধ অন্তৰে হনুমানজীক পূজা-অৰ্চনা কৰিলে ভক্তৰ সকলো মনোবাঞ্চা পূৰণ কৰা লগতে ভক্তক সকলো বিপদ-সংকটৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ