--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লোকবিশ্বাস অনুযায়ী, এই বিশেষ দিনটোত ব্ৰহ্মপুত্ৰ নদীত গংগাকে ধৰি অন্যান্য পুণ্যতীৰ্থৰ পানী মিলিত হয়।

ডিজিটেল ডেস্কঃ আজি পবিত্ৰ অশোকাষ্টমী। অশোকাষ্টমী বা অশোকা অষ্টমী চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক হিন্দু ধৰ্মীয় উৎসৱ। লোকবিশ্বাস অনুযায়ী, এই বিশেষ দিনটোত ব্ৰহ্মপুত্ৰ নদীত গংগাকে ধৰি অন্যান্য পুণ্যতীৰ্থৰ পানী মিলিত হয়। অশোকাষ্টমীত ব্ৰহ্মপুত্ৰত শুদ্ধিস্নান আৰু মৃত আত্মীয়ৰ পিণ্ডদান বা তৰ্পণ কৰিলে অক্ষয় পুণ্য লাভ হোৱাৰ লগতে শোক নিবাৰণ হয় বুলি বিশ্বাস কৰা হয়। সেয়ে এই তিথিৰ নাম অশোকাষ্টমী। 


এই তিথিৰ দিনটোত ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলঘাট, শুৱালকুছি, ডিব্ৰুগড় আদি ঠাইত শুদ্ধিস্নান কৰিবলৈ অগণন ভক্তৰ সমাবেশ ঘটে। গুৱাহাটী অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাটতো এই তিথিত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। উত্তৰ গুৱাহাটীৰ অশ্বক্ৰান্ত দেৱালয় আৰু ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত এই উপলক্ষে ডাঙৰ মেলা বহে ।


অশোকাষ্টমী সম্পৰ্কে প্ৰচলিত কিংবদন্তি


পৌৰাণিক আখ্যান অনুসৰি ব্ৰহ্মপুত্ৰই এবাৰ অশোক মুনিৰ আশ্ৰম বুৰাই পেলাইছিল। ব্ৰহ্মপুত্ৰৰ এনে কাৰ্যত মুনি খঙত অগ্নিশৰ্মা হয় আৰু ব্ৰহ্মপুত্ৰক অপৱিত্ৰ হ’বলৈ অভিশাপ দিয়ে। কিন্তু ব্ৰহ্মপুত্ৰৰ কাতৰ মিনতিত মুনি সন্তুষ্ট হৈ ক’লে যে ‘বছৰৰ এটা দিনত তই পৱিত্ৰ হৈ তীৰ্থৰ মৰ্যাদা লাভ কৰিবি”। অশোক মুনিৰ নামেৰে সেই দিনটোৱেই অশোকাষ্টমী বুলি জনা যায়। 


আন এক আখ্যান মতে পৰশুৰামে ব্ৰহ্মপুত্ৰক ব্ৰহ্মকুণ্ড বা মানস সৰোবৰৰ পৰা বোৱাই আনি কামাখ্যা ধাম পোৱাইছিলহি। পৰশুৰামে ব্ৰহ্মপুত্ৰক খন্তেক ৰ’বলৈ কৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়। কিন্তু মন্দিৰ দৰ্শন কৰি আহি দেখে যে ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই কথাতে খঙত অগ্নিশৰ্মা হৈ পৰশুৰামে “তোৰ পাৰত কোনো তীৰ্থ নঘটক” বুলি অভিশাপ দিয়ে। পিছত ব্ৰহ্মপুত্ৰৰ অলেখ কাকূতি মিনতিত পৰশুৰামে দয়াপৰবশ হৈ ক’লে “বছৰৰ এটা দিন, চ’ত মাহৰ বাসন্তী অৰ্থাৎ অশোকাৰ (দুৰ্গা) অষ্টমী পূজাত (অশোকা+অষ্টমী=অশোকাষ্টমী) তই বিশেষভাৱে তীৰ্থৰ মাহাত্ম্য লাভ কৰিবি। দেৱী অশোকাৰ নামেৰে এই তিথিৰ নাম অশোকাষ্টমী। 


অন্য এক জনশ্ৰুতি মতে এই দিনটোতে ৰামায়ণত দেৱী সীতাৰ জন্ম হৈছিল আৰু সেয়ে এই তিথিক সীতাষ্টমী নামেৰেও জনা যায়। প্ৰবাদ মতে এইদিন গংগা নদীৰ পানী উজাই আহি ব্ৰহ্মপুত্ৰৰ পানী পৱিত্ৰ কৰে বুলি কোৱা হয়। এইদিনা ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাস্নানৰ পুণ্য লাভ হয় বুলি বিশ্বাস আছে। কিছুমান ঠাইত মানুহে নদীত অস্থিভস্মও বিসৰ্জন দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ