--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লোকবিশ্বাস অনুযায়ী, এই বিশেষ দিনটোত ব্ৰহ্মপুত্ৰ নদীত গংগাকে ধৰি অন্যান্য পুণ্যতীৰ্থৰ পানী মিলিত হয়।

ডিজিটেল ডেস্কঃ আজি পবিত্ৰ অশোকাষ্টমী। অশোকাষ্টমী বা অশোকা অষ্টমী চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক হিন্দু ধৰ্মীয় উৎসৱ। লোকবিশ্বাস অনুযায়ী, এই বিশেষ দিনটোত ব্ৰহ্মপুত্ৰ নদীত গংগাকে ধৰি অন্যান্য পুণ্যতীৰ্থৰ পানী মিলিত হয়। অশোকাষ্টমীত ব্ৰহ্মপুত্ৰত শুদ্ধিস্নান আৰু মৃত আত্মীয়ৰ পিণ্ডদান বা তৰ্পণ কৰিলে অক্ষয় পুণ্য লাভ হোৱাৰ লগতে শোক নিবাৰণ হয় বুলি বিশ্বাস কৰা হয়। সেয়ে এই তিথিৰ নাম অশোকাষ্টমী। 


এই তিথিৰ দিনটোত ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলঘাট, শুৱালকুছি, ডিব্ৰুগড় আদি ঠাইত শুদ্ধিস্নান কৰিবলৈ অগণন ভক্তৰ সমাবেশ ঘটে। গুৱাহাটী অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাটতো এই তিথিত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। উত্তৰ গুৱাহাটীৰ অশ্বক্ৰান্ত দেৱালয় আৰু ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত এই উপলক্ষে ডাঙৰ মেলা বহে ।


অশোকাষ্টমী সম্পৰ্কে প্ৰচলিত কিংবদন্তি


পৌৰাণিক আখ্যান অনুসৰি ব্ৰহ্মপুত্ৰই এবাৰ অশোক মুনিৰ আশ্ৰম বুৰাই পেলাইছিল। ব্ৰহ্মপুত্ৰৰ এনে কাৰ্যত মুনি খঙত অগ্নিশৰ্মা হয় আৰু ব্ৰহ্মপুত্ৰক অপৱিত্ৰ হ’বলৈ অভিশাপ দিয়ে। কিন্তু ব্ৰহ্মপুত্ৰৰ কাতৰ মিনতিত মুনি সন্তুষ্ট হৈ ক’লে যে ‘বছৰৰ এটা দিনত তই পৱিত্ৰ হৈ তীৰ্থৰ মৰ্যাদা লাভ কৰিবি”। অশোক মুনিৰ নামেৰে সেই দিনটোৱেই অশোকাষ্টমী বুলি জনা যায়। 


আন এক আখ্যান মতে পৰশুৰামে ব্ৰহ্মপুত্ৰক ব্ৰহ্মকুণ্ড বা মানস সৰোবৰৰ পৰা বোৱাই আনি কামাখ্যা ধাম পোৱাইছিলহি। পৰশুৰামে ব্ৰহ্মপুত্ৰক খন্তেক ৰ’বলৈ কৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়। কিন্তু মন্দিৰ দৰ্শন কৰি আহি দেখে যে ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই কথাতে খঙত অগ্নিশৰ্মা হৈ পৰশুৰামে “তোৰ পাৰত কোনো তীৰ্থ নঘটক” বুলি অভিশাপ দিয়ে। পিছত ব্ৰহ্মপুত্ৰৰ অলেখ কাকূতি মিনতিত পৰশুৰামে দয়াপৰবশ হৈ ক’লে “বছৰৰ এটা দিন, চ’ত মাহৰ বাসন্তী অৰ্থাৎ অশোকাৰ (দুৰ্গা) অষ্টমী পূজাত (অশোকা+অষ্টমী=অশোকাষ্টমী) তই বিশেষভাৱে তীৰ্থৰ মাহাত্ম্য লাভ কৰিবি। দেৱী অশোকাৰ নামেৰে এই তিথিৰ নাম অশোকাষ্টমী। 


অন্য এক জনশ্ৰুতি মতে এই দিনটোতে ৰামায়ণত দেৱী সীতাৰ জন্ম হৈছিল আৰু সেয়ে এই তিথিক সীতাষ্টমী নামেৰেও জনা যায়। প্ৰবাদ মতে এইদিন গংগা নদীৰ পানী উজাই আহি ব্ৰহ্মপুত্ৰৰ পানী পৱিত্ৰ কৰে বুলি কোৱা হয়। এইদিনা ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাস্নানৰ পুণ্য লাভ হয় বুলি বিশ্বাস আছে। কিছুমান ঠাইত মানুহে নদীত অস্থিভস্মও বিসৰ্জন দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু