--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যিসকল লোকৰ টোপনিৰ মাত্ৰা কম, তেওঁলোকৰ বাবে শুভংকৰ নহয় এই সংবাদ৷ কম পৰিমাণৰ টোপনিয়ে ক্ষতি কৰে মানৱ স্বাস্থ্যৰ৷ শেহতীয়াকৈ এটা অধ্যয়নত প্ৰকাশ পাইছে যে দৈনিক মাত্ৰ তিনিৰ পৰা পাঁচ ঘণ্টা টোপনি যোৱা লোকসকলৰ টাইপ-২ ডায়েবেটিচ হোৱাৰ আশংকা অধিক বৃদ্ধি পায়। ‘JAMA Network Open’ নামৰ এখন জাৰ্ণালত প্ৰকাশিত গৱেষণাটোৱে লগতে দেখুৱাইছে যে দীৰ্ঘম্যাদী টোপনিৰ অভাৱ কেৱল স্বাস্থ্যসন্মত খাদ্যৰ দ্বাৰা পূৰাব নোৱাৰি।

ছুইডেনৰ উপছালা বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক আৰু অধ্যয়নটোৰ আঁৰৰ মুখ্য গৱেষক খ্ৰীষ্টান বেনেডিক্টে কয়, মই সাধাৰণতে টোপনিক প্ৰাথমিকতা দিয়াৰ পৰামৰ্শ দিওঁ, যদিও মই বুজি পাওঁ যে এয়া সদায় সম্ভৱ নহয়৷

গৱেষকৰ দলটোৱে টাইপ-২ ডায়েবেটিচ আৰু টোপনিৰ অভাৱৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিছিল। এই ডায়েবেটিচে শৰীৰৰ শৰ্কৰা (গ্লুকোজ) প্ৰক্ৰিয়া দহন কৰাৰ ক্ষমতাক প্ৰভাৱিত কৰে, ইনচুলিন শোষণত বাধা দিয়ে।

২০২০ৰ এটা অধ্যয়নত দেখুওৱা হৈছিল যে ৪৬২ নিযুতৰো অধিক লোক এই ৰোগত আক্ৰান্ত। সময়ৰ লগে লগে এই ৰোগে বিশেষকৈ স্নায়ু আৰু ৰক্তনলীৰ গুৰুতৰ ক্ষতি কৰিব পাৰে৷

উপছালা বিশ্ববিদ্যালয়ৰ ফাৰ্মাচিউটিকেল বায়োচাইন্স বিভাগৰ নিদ্ৰা গৱেষক ডায়েনা নোগাই কয়, পূৰ্বৰ গৱেষণাই দেখুৱাইছে যে বাৰে বাৰে কম দৈনিক বিশ্ৰামৰ ফলত প্ৰকাৰ এই ডায়েবেটিচৰ আশংকা বৃদ্ধি হয়৷ আনহাতে স্বাস্থ্যকৰ খাদ্যাভ্যাস যেনে নিয়মীয়াকৈ ফল আৰু পাচলি খোৱাৰ ফলত বিপদাশংকা হ্ৰাস হ’ব পাৰে।

গৱেষকসকলে বিশ্বৰ অন্যতম বৃহৎ জনসংখ্যা ডাটাবেচ, ইউকে বায়োবেংকৰ তথ্য ব্যৱহাৰ কৰিছিল, য'ত ইউকেৰ পৰা প্ৰায় আধা নিযুত অংশগ্ৰহণকাৰীক আনুবংশিকভাৱে ‘মেপ’ কৰা হৈছে আৰু স্বাস্থ্য আৰু জীৱনশৈলীৰ ওপৰত প্ৰশ্নৰ উত্তৰ দিয়া হৈছে।
তেওঁলোকে অংশগ্ৰহণকাৰীসকলক ১০বছৰতকৈও অধিক সময় ধৰি অনুসৰণ কৰিছিল আৰু দেখিছিল যে তিনিৰ পৰা পাঁচ ঘণ্টাৰ ভিতৰত টোপনিৰ ম্যাদ টাইপ-২ ডায়বেটিচ হোৱাৰ উচ্চ বিপদাশংকাৰ সৈতে সম্পৰ্কিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী