--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যিসকল লোকৰ টোপনিৰ মাত্ৰা কম, তেওঁলোকৰ বাবে শুভংকৰ নহয় এই সংবাদ৷ কম পৰিমাণৰ টোপনিয়ে ক্ষতি কৰে মানৱ স্বাস্থ্যৰ৷ শেহতীয়াকৈ এটা অধ্যয়নত প্ৰকাশ পাইছে যে দৈনিক মাত্ৰ তিনিৰ পৰা পাঁচ ঘণ্টা টোপনি যোৱা লোকসকলৰ টাইপ-২ ডায়েবেটিচ হোৱাৰ আশংকা অধিক বৃদ্ধি পায়। ‘JAMA Network Open’ নামৰ এখন জাৰ্ণালত প্ৰকাশিত গৱেষণাটোৱে লগতে দেখুৱাইছে যে দীৰ্ঘম্যাদী টোপনিৰ অভাৱ কেৱল স্বাস্থ্যসন্মত খাদ্যৰ দ্বাৰা পূৰাব নোৱাৰি।

ছুইডেনৰ উপছালা বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক আৰু অধ্যয়নটোৰ আঁৰৰ মুখ্য গৱেষক খ্ৰীষ্টান বেনেডিক্টে কয়, মই সাধাৰণতে টোপনিক প্ৰাথমিকতা দিয়াৰ পৰামৰ্শ দিওঁ, যদিও মই বুজি পাওঁ যে এয়া সদায় সম্ভৱ নহয়৷

গৱেষকৰ দলটোৱে টাইপ-২ ডায়েবেটিচ আৰু টোপনিৰ অভাৱৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিছিল। এই ডায়েবেটিচে শৰীৰৰ শৰ্কৰা (গ্লুকোজ) প্ৰক্ৰিয়া দহন কৰাৰ ক্ষমতাক প্ৰভাৱিত কৰে, ইনচুলিন শোষণত বাধা দিয়ে।

২০২০ৰ এটা অধ্যয়নত দেখুওৱা হৈছিল যে ৪৬২ নিযুতৰো অধিক লোক এই ৰোগত আক্ৰান্ত। সময়ৰ লগে লগে এই ৰোগে বিশেষকৈ স্নায়ু আৰু ৰক্তনলীৰ গুৰুতৰ ক্ষতি কৰিব পাৰে৷

উপছালা বিশ্ববিদ্যালয়ৰ ফাৰ্মাচিউটিকেল বায়োচাইন্স বিভাগৰ নিদ্ৰা গৱেষক ডায়েনা নোগাই কয়, পূৰ্বৰ গৱেষণাই দেখুৱাইছে যে বাৰে বাৰে কম দৈনিক বিশ্ৰামৰ ফলত প্ৰকাৰ এই ডায়েবেটিচৰ আশংকা বৃদ্ধি হয়৷ আনহাতে স্বাস্থ্যকৰ খাদ্যাভ্যাস যেনে নিয়মীয়াকৈ ফল আৰু পাচলি খোৱাৰ ফলত বিপদাশংকা হ্ৰাস হ’ব পাৰে।

গৱেষকসকলে বিশ্বৰ অন্যতম বৃহৎ জনসংখ্যা ডাটাবেচ, ইউকে বায়োবেংকৰ তথ্য ব্যৱহাৰ কৰিছিল, য'ত ইউকেৰ পৰা প্ৰায় আধা নিযুত অংশগ্ৰহণকাৰীক আনুবংশিকভাৱে ‘মেপ’ কৰা হৈছে আৰু স্বাস্থ্য আৰু জীৱনশৈলীৰ ওপৰত প্ৰশ্নৰ উত্তৰ দিয়া হৈছে।
তেওঁলোকে অংশগ্ৰহণকাৰীসকলক ১০বছৰতকৈও অধিক সময় ধৰি অনুসৰণ কৰিছিল আৰু দেখিছিল যে তিনিৰ পৰা পাঁচ ঘণ্টাৰ ভিতৰত টোপনিৰ ম্যাদ টাইপ-২ ডায়বেটিচ হোৱাৰ উচ্চ বিপদাশংকাৰ সৈতে সম্পৰ্কিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু