--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মুকুল ৰয়ে বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰিছে। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কৃষ্ণ
নগৰ নৰ্থৰ টিএমচিৰ বিধায়কগৰাকীয়ে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰিব বুলি কয়। সেয়েহে ৰয় বৰ্তমান দিল্লীত আছে৷

ইয়াৰ পূৰ্বে সোমবাৰে (১৭ এপ্ৰিল) নিশা ৰয়ৰ পৰিয়ালে দাবী কৰিছিল যে তেওঁ সন্ধিয়াৰ পৰাই “নিৰুদ্দেশ” হৈ আছে। দিল্লীত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপক লৈ জল্পনা-কল্পনা আৰম্ভ হ’ল। ৰয়ৰ পৰিয়ালে দাবী কৰিছিল যে তেওঁৰ "মানসিক অৱস্থা" ভাল হৈ থকা নাই আৰু এজন অসুস্থ ব্যক্তিক লৈ ৰাজনীতি কৰা উচিত নহয়।নিৰুদ্দেশ হোৱাৰ দাবী সন্দৰ্ভত মঙলবাৰে পুৱা দিল্লীত মুকুল ৰায়ে কয়, ‘মই দিল্লীলৈ আহিছো। কোনো নিৰ্দিষ্ট এজেণ্ডা নাই। বহু বছৰ ধৰি সংসদৰ সদস্য হৈ আছো। দিল্লীলৈ আহিব নোৱাৰোনে? আগতেও মই নিয়মিতভাৱে দিল্লীলৈ আহি থাকোঁ৷

টিএমচিৰ নেতৃত্বৰ সৈতে হোৱা মতানৈক্যৰ পাছত ২০১৭ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল প্ৰাক্তন ৰে’ল মন্ত্ৰী মুকুল ৰায়ে। তেওঁক বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হয়। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত জয়লাভ কৰিছিল ৰয়ে যদিও ফলাফল ঘোষণাৰ প্ৰায় এমাহৰ পিছত পুনৰ টিএমচিলৈ উভতি আহে।

টিএমচিলৈ ঘূৰি অহাৰ পিছৰে পৰা তেওঁ জনসাধাৰণৰ চকুৰ পৰা আঁতৰি আছে। অসুস্থতাৰ উদ্ধৃতি দি তেওঁ যোৱা বছৰ পশ্চিম বংগ বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে।

উল্লেখযোগ্য যে,বিজেপিত মুকুল ৰয়ে যোগদান কৰিবলগীয়া ঘটনাক বহুতে মুকুল ৰয়ে পশ্চিমবংগৰ বহু কেলেংকাৰীৰ তদন্তৰ পৰা বাছিবৰ বাবে কৰা কাৰ্যকলাপ বুলিও দাবী কৰিছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু