--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মুকুল ৰয়ে বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰিছে। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কৃষ্ণ
নগৰ নৰ্থৰ টিএমচিৰ বিধায়কগৰাকীয়ে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰিব বুলি কয়। সেয়েহে ৰয় বৰ্তমান দিল্লীত আছে৷

ইয়াৰ পূৰ্বে সোমবাৰে (১৭ এপ্ৰিল) নিশা ৰয়ৰ পৰিয়ালে দাবী কৰিছিল যে তেওঁ সন্ধিয়াৰ পৰাই “নিৰুদ্দেশ” হৈ আছে। দিল্লীত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপক লৈ জল্পনা-কল্পনা আৰম্ভ হ’ল। ৰয়ৰ পৰিয়ালে দাবী কৰিছিল যে তেওঁৰ "মানসিক অৱস্থা" ভাল হৈ থকা নাই আৰু এজন অসুস্থ ব্যক্তিক লৈ ৰাজনীতি কৰা উচিত নহয়।নিৰুদ্দেশ হোৱাৰ দাবী সন্দৰ্ভত মঙলবাৰে পুৱা দিল্লীত মুকুল ৰায়ে কয়, ‘মই দিল্লীলৈ আহিছো। কোনো নিৰ্দিষ্ট এজেণ্ডা নাই। বহু বছৰ ধৰি সংসদৰ সদস্য হৈ আছো। দিল্লীলৈ আহিব নোৱাৰোনে? আগতেও মই নিয়মিতভাৱে দিল্লীলৈ আহি থাকোঁ৷

টিএমচিৰ নেতৃত্বৰ সৈতে হোৱা মতানৈক্যৰ পাছত ২০১৭ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল প্ৰাক্তন ৰে’ল মন্ত্ৰী মুকুল ৰায়ে। তেওঁক বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হয়। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত জয়লাভ কৰিছিল ৰয়ে যদিও ফলাফল ঘোষণাৰ প্ৰায় এমাহৰ পিছত পুনৰ টিএমচিলৈ উভতি আহে।

টিএমচিলৈ ঘূৰি অহাৰ পিছৰে পৰা তেওঁ জনসাধাৰণৰ চকুৰ পৰা আঁতৰি আছে। অসুস্থতাৰ উদ্ধৃতি দি তেওঁ যোৱা বছৰ পশ্চিম বংগ বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে।

উল্লেখযোগ্য যে,বিজেপিত মুকুল ৰয়ে যোগদান কৰিবলগীয়া ঘটনাক বহুতে মুকুল ৰয়ে পশ্চিমবংগৰ বহু কেলেংকাৰীৰ তদন্তৰ পৰা বাছিবৰ বাবে কৰা কাৰ্যকলাপ বুলিও দাবী কৰিছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক