--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : মহাকাশ অভিযানক অধিক ব্যাপকতা প্ৰদানৰ বাবে কাম কৰি আছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে। ফ্ৰান্সৰ সৈতে মিলি ভাৰতে তৃতীয়টো যুটীয়া উপগ্ৰহ অভিযানৰ কাম কৰি আছে। আনহাতে দুয়ো দেশৰ যুটীয়া মহাকাশ অভিযানে কেইবাটাও স্তৰত কাম কৰি আছে তাৰ ভিতৰত হিউমেন স্পেচফ্লাইট প্ৰগ্ৰেমো আছে। ইছৰোৰ মুৰব্বী কে শিৱনে এই কথা সদৰি কৰিছে।

আৰু পঢ়িব পাৰিব : স্বামীৰ মৃত্যুৰ পাছতে হেৰুৱাইছে বাসগৃহঃ কন্যাসহ ৰাজপথত মাতৃ

তেওঁ লগতে কয় যে, ভালেমান ফৰাচী সংস্থাই ভাৰতৰ সৈতে এই দিশত কাম কৰিবলৈ ইচ্ছুকতা প্ৰদৰ্শন কৰিছে। ‘মহাকাশত ফ্ৰান্স হৈছে ভাৰতৰ আটাইতকৈ বৃহৎ সহযোগী।’ নেচনেল কাউন্সিল ফৰ ছাইন্স এণ্ড টেকন’লজী কমিউনিকেচন আৰু ‘বিজ্ঞান প্ৰসাৰ’ৰ এটা অনলাইন অনুষ্ঠানত এই মন্তব্য কৰে ইছৰোৰ মুৰব্বীগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : ৰাজনৈতিক হেঁচাৰ বাবে অধ্যাপকৰ পদত্যাগ! বিশ্বজুৰি প্ৰতিক্ৰিয়া

ইছৰোৰ বিষয়াই প্ৰকাশ কৰা মতে ইছৰো আৰু ফ্ৰান্সৰ মহাকাশ সংস্থা চিএনইএছ-এ ইতিমধ্যে দুটা যুটীয়া অভিযান চলাইছে। ইয়াৰে ‘মেঘা-ট্ৰপিকছ’ ২০১১ চনত আৰু ‘সৰল-আল্টিকা’ ২০১৩চনত উৎক্ষেপন কৰা হৈছিল। আনহাতে ইছৰোৰ মুৰব্বী শিৱনে তৃতীয়টো অভিযানৰ বাবে কাম কৰি থকা বুলি প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান