--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰে যোৱা দহ নৱেম্বৰত জাৰি কৰা অধিসূচনা অনুসৰি দেশৰ মুঠ সাতটা তেল আৰু গেছ খণ্ডৰ অংশীদাৰিত্ব চুক্তিৰ ম্যাদ বৃদ্ধি কৰিছে। নতুন নিয়ম অনুসৰি সংশ্লিষ্ট তৈলক্ষেত্ৰসমূহৰ অৰ্থনৈতিকভাৱে উৎপাদনক্ষম জীৱনকাললৈ চুক্তিৰ ম্যাদ বৃদ্ধি কৰিব পৰা যাব।

ডিজিটেল ডেস্ক: অসমৰ অৰ্থনীতিৰ বাবে আশাৰ বতৰা। কেন্দ্ৰীয় চৰকাৰে ৰাজহ বৃদ্ধিৰ স্বাৰ্থত দেশৰ পুৰণি তেল আৰু প্ৰাকৃতিক গেছ খণ্ডসমূহৰ উৎপাদন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্র্যালয়ে প্রয়োজনীয় নীতি সংশোধন কৰি অধিসূচনা জাৰি কৰিছে। যি সময়ত অসমত খাৰুৱা তেলৰ উৎপাদন ক্ৰমাৎ হ্রাস পাইছে, সেই সময়তে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো পূৰ্বৰ নীতি (Pre-NELP) সংশোধন কৰাৰ ফলত অসমৰ ডিৰক (Dirok AAP-ON-94/1) আৰু অসম-মিজোৰাম অঞ্চলৰ (AA-ONJ/20) তৈল ক্ষেত্রত বিনিয়োগ বৃদ্ধি পাব। ইয়াৰ লগে লগে দুয়োখন তৈল আৰু গেছ ক্ষেত্ৰৰে আয়ুসো বৃদ্ধি পাব। 


উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা দহ নৱেম্বৰত জাৰি কৰা অধিসূচনা অনুসৰি দেশৰ মুঠ সাতটা তেল আৰু গেছ খণ্ডৰ অংশীদাৰিত্ব চুক্তিৰ ম্যাদ বৃদ্ধি কৰিছে। নতুন নিয়ম অনুসৰি সংশ্লিষ্ট তৈলক্ষেত্ৰসমূহৰ অৰ্থনৈতিকভাৱে উৎপাদনক্ষম জীৱনকাললৈ চুক্তিৰ ম্যাদ বৃদ্ধি কৰিব পৰা যাব। অৱশ্যে সম্প্ৰসাৰণৰ ম্যাদ সৰ্বাধিক ৩০ বছৰ হ'ব। অসমৰ দুখন তৈল ক্ষেত্ৰৰ উপৰি ৰাজস্থান আৰু গুজৰাটৰো পাঁচখনকৈ তেল ক্ষেত্ৰত এই নতুন নীতিৰ আওতালৈ অনা হৈছে। নতুন নীতিৰ অন্যতম গুৰুত্বপূৰ্ণ দিশটো হৈছে সম্প্ৰসাৰিত চুক্তিৰ সময়ছোৱাত চৰকাৰৰ লাভৰ অংশ বৃদ্ধি। 


প্রথম ১০ বছৰৰ বাবে চৰকাৰে সাধাৰণ চুক্তিৰ নিৰ্ধাৰিত হাৰতকৈ ১০ শতাংশ পইন্ট অধিক লাভৰ অংশ লাভ কৰিব। পৰৱৰ্তী ১০ বছৰত এই অতিৰিক্ত অংশ হ'ব ৫ শতাংশ পইণ্ট আৰু তাৰ পিছৰ ১০ বছৰত ২.৫ শতাংশ পইণ্ট। ৩০ বছৰৰ পিছত পুনৰ স্বাভাৱিক চুক্তিৰ নিয়ম প্রযোজ্য হ'ব। অৱশ্যে চুক্তিৰ ম্যাদ সম্প্ৰসাৰণৰ বাবে সংশ্লিষ্ট কোম্পানীসমূহে কেইবাটাও চৰ্ত পূৰণ কৰিব লাগিব। চুক্তিৰ ম্যাদ উকলি যোৱাৰ কমেও দুবছৰ পূৰ্বে আৱেদন দাখিল কৰাটো বাধ্যতামূলক। হাইড্ৰ'কাৰ্বনৰ অৱশিষ্ট মজুতৰ পৰিমাণ, ভৱিষ্যৎ উৎপাদনৰ সম্ভাৱনা আৰু প্ৰস্তাৱিত বিনিয়োগৰ তথ্যও দাখিল কৰিব লাগিব। মন কৰিবলগীয়া কথা যে ডিৰক আৰু অসম-মিজোৰাম অঞ্চলৰ তৈলক্ষেত্ৰ নতুন নীতিৰ আওতালৈ অনাৰ ফলত ৰাজ্যৰ তৈলক্ষেত্ৰসমূহৰ উৎপাদন বৃদ্ধি আৰু বিনিয়োগৰ পূৰ্ণ সম্ভাৱনা আছে। 


বিশেষকৈ পুৰণি তৈলক্ষেত্ৰসমূহৰ উৎপাদনক্ষমতা পুনৰ মূল্যায়ন, আধুনিক প্রযুক্তিৰ ব্যৱহাৰ আৰু নতুন বিনিয়োগৰ জৰিয়তে অধিক তেল-গেছ আহৰণৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া কথা যে অসমত নতুন তৈলখাদ নথকাত পুৰণি তৈলখাদৰ পৰাই পুৰণি পদ্ধতিৰে দীর্ঘদিন ধৰি খাৰুৱা তেল আহৰণ কৰি থকাত ৰাজ্যখনত খাৰুৱা তেলৰ উৎপাদন দিনক দিনে হ্রাস পাবলৈ ধৰিছে। যাৰ ফলত খাৰুৱা তেলৰ পৰা অসমে লাভ কৰা ৰয়েল্টিৰ ধনো লক্ষণীয়ভাৱে প্ৰতিবছৰে কমিবলৈ আৰম্ভ কৰিছে। আনকি যোৱা চাৰি বছৰৰ ভিতৰতে অসমে খাৰুৱা তেলৰ পৰা লাভ কৰা ৰয়েল্টিৰ ধন প্রায় ৮৪৪ কোটি টকা হ্রাস পাইছে। 


তথ্য অনুসৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জানুৱাৰীলৈকে অসমৰ দুটা প্রধান তেল উৎপাদক প্রতিষ্ঠান-অইল ইণ্ডিয়া লিমিটেড আৰু অ' এন জি চি দুয়োটাই উৎপাদনৰ নিৰ্ধাৰিত লক্ষ্য পূৰণ কৰিব পৰা নাই। ২০২৫-২৬ বৰ্ষৰ এপ্রিল-জানুৱাৰীৰ সময়ছোৱাত অসমৰ বাবে অইলৰ উৎপাদনৰ লক্ষ্য আছিল ৩০.৭৬ লাখ টন, বিপৰীতে উৎপাদন হৈছে ২৭.৭৮ লাখ টন। অর্থাৎ লক্ষ্যতকৈ প্রায় ২.৯৯ লাখ টন বা ৯.৭১ শতাংশ কম উৎপাদন হৈছে। ইফালে, ২০২৫-২৬ বৰ্ষৰ এপ্ৰিলৰ পৰা জানুৱাৰীলৈকে অসমত অ' এন জি চিৰ উৎপাদনৰ লক্ষ্য আছিল ৯.৮০৩৩ লাখ টন, কিন্তু প্রকৃত উৎপাদন হৈছে ৮.৭৫৮৩ লাখ টন। অর্থাৎ লক্ষ্যতকৈ ১০.৬৬ শতাংশ কম উৎপাদন হৈছে। 


এনে পৰিস্থিতিত অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও ৰাজ্যখনত খাৰুৱা তেল উৎপাদন বৃদ্ধিৰ বাবে নতুন নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছে, যাতে তেল কোম্পানীসমূহে নতুন তেল-গেছ ক্ষেত্ৰৰ অনুসন্ধান আৰু উৎপাদন ত্বৰান্বিত কৰাত গুৰুত্ব দিয়ে। অৱশ্যে চৰকাৰৰ এনে সিদ্ধান্তই অসমৰ তৈল উদ্যোগৰ বাবে কিমানদূৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে, সেয়াহে হ'ব লক্ষ্যনীয়।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিৰকসহ দুখন তৈলক্ষেত্ৰৰ চুক্তিৰ ম্যাদ ৩০ বছৰলৈ বৃদ্ধি
হেৰাই যাব নেকি অসমৰ সেউজ তৃণভূমিৰ গৌৰৱ উলুম’ৰা?
সম্পত্তিৰ বিবাদ! মাতৃ আৰু দুটা পোহনীয়া কুকুৰক গুলীয়াই হ*ত্যা; তাৰপাছত আ*ত্ম*হ*ত্যা যুৱকৰ
ৰৈ থকা স্কুল বাছত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাক, ৪ ছাত্ৰ-ছাত্ৰীৰ থিতাতে মৃত্যু, ৩৫জন আহত
পাকিস্তানৰ সৈতে সম্পৰ্ক থকা সন্দেহযুক্ত সন্ত্ৰাসবাদীক উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ
প্ৰকৃতিৰ অনুপম সৃষ্টি মৌৰ উপকাৰিতাৰ বিষয়ে জানো আহক
নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সংকল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ
ভাস্বতী ভাৰতীৰ গীত ‘লাহে লাহে’ৰ ভিডিঅ’ মুকলি
দেশজুৰি খলকনি! Shazam India-ৰ শীৰ্ষস্থানত ৰিতো ৰিবাৰ ‘দিলৰুবা দিলনশী’
মধ্যপ্ৰদেশত চাঞ্চল্য! হোটেলত থকা প্ৰাপ্তবয়স্ক যুৱক-যুৱতীক ভুৱা গাঞ্জাৰ গোচৰত ফচোৱাৰ ভাবুকি; ৬ আৰক্ষী বিষয়া নিলম্বিত
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক