--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসংসদীয় কাৰ্যকলাপত অংশ লৈ এইবাৰ বিধানসভাৰ পৰা নিলম্বিত হ’ল বিধায়ক৷অধ্যক্ষ ৰুদ্ৰপ্পা লমাণিৰ ওপৰত কাগজ নিক্ষেপ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৯ জন বিধায়কক কৰ্ণাটক বিধানসভাৰ অধিৱেশনৰ পৰা নিলম্বন কৰা হৈছে৷

সদনৰ অধিৱেশনৰ সময়ত অধ্যক্ষই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাক লৈ বিজেপিৰ বিধায়কসকলে অসন্তুষ্টি প্ৰকাশ কৰাৰ সময়তে বুধবাৰে কৰ্ণাটক বিধানসভাৰ কাৰ্যবিধি উলংঘা কৰাৰ বাবে এই নিলম্বন কাৰ্য সম্পাদন কৰা হয়।

বিগত দুদিনত বিৰোধী নেতাৰ সৈতে বৈঠকত মিলিত হ’বলৈ আই এ এছ বিষয়াক “অপব্যৱহাৰ” কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে এই পৰিস্থিতিৰ সৃষ্টি হয়।

সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি, পূৰ্বে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি নাথাকিব বুলি উল্লেখ কৰা অধ্যক্ষ ইউটি খাদৰৰ অনুপস্থিতিত উপ অধ্যক্ষ ৰুদ্ৰপ্পা লমাণিয়ে কাৰ্যসূচীৰ সভাপতিত্ব কৰিছিল আৰু বাজেট আৰু দাবীৰ ওপৰত আলোচনা অব্যাহত ৰাখিছল৷

কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ খাদেৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব বিচৰা সদস্যসকলে তেনে কৰি আলোচনাৰ বাবে উভতি আহিব পাৰে বুলি পৰামৰ্শ আগবঢ়ায়।

বিজেপি আৰু জনতা দল (চেকুলাৰ)ৰ বিৰোধী সদস্যসকলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে কংগ্ৰেছ মিত্ৰজোঁটৰ নেতাসকলৰ সেৱাৰ বাবে ৩০ জন আইএএছ বিষয়াক প্ৰতিনিধি  হিচাপে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰি সদনত প্ৰতিবাদ কৰাৰ সময়তে বিজেপিৰ সদস্যসকলে অধ্যক্ষ আৰু উপাধ্যক্ষ লমাণিৰ ওপৰত কাগজ-পত্ৰ নিক্ষেপ কৰি অসন্তুষ্টি প্ৰকাশ কৰে।

কেইবাজনো সদস্যই উপাধ্যক্ষৰ ওপৰত কাগজ-পত্ৰ নিক্ষেপ কৰি থকাত পৰিস্থিতি অধিক তীব্ৰতৰ হৈ পৰে, যাৰ ফলত বিধানসভাত বিশৃংখলতাৰ সৃষ্টি হয়। উপাধ্যক্ষ লমাণিক হুলস্থুলৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াসত বিধানসভাৰ মাৰ্শ্বেলে অধ্যক্ষক ঘেৰি ধৰে।

কংগ্ৰেছ বিধায়কসকলে বিজেপি নেতাসকলৰ "অশান্তিপূৰ্ণ" আচৰণক গৰিহণা দি সদনৰ উত্তেজনাময় পৰিৱেশ আৰু অধিক বৃদ্ধি কৰে। ইয়াৰ পাছতে উপাধ্যক্ষই দিনটোৰ বাবে কাৰ্যসূচী স্থগিত ৰাখে।

সদন স্থগিত ৰখাৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাইকে ধৰি বিজেপি নেতাসকলে অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ ক্ষেত্ৰত বিবেচনা প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু