--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসংসদীয় কাৰ্যকলাপত অংশ লৈ এইবাৰ বিধানসভাৰ পৰা নিলম্বিত হ’ল বিধায়ক৷অধ্যক্ষ ৰুদ্ৰপ্পা লমাণিৰ ওপৰত কাগজ নিক্ষেপ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৯ জন বিধায়কক কৰ্ণাটক বিধানসভাৰ অধিৱেশনৰ পৰা নিলম্বন কৰা হৈছে৷

সদনৰ অধিৱেশনৰ সময়ত অধ্যক্ষই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাক লৈ বিজেপিৰ বিধায়কসকলে অসন্তুষ্টি প্ৰকাশ কৰাৰ সময়তে বুধবাৰে কৰ্ণাটক বিধানসভাৰ কাৰ্যবিধি উলংঘা কৰাৰ বাবে এই নিলম্বন কাৰ্য সম্পাদন কৰা হয়।

বিগত দুদিনত বিৰোধী নেতাৰ সৈতে বৈঠকত মিলিত হ’বলৈ আই এ এছ বিষয়াক “অপব্যৱহাৰ” কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে এই পৰিস্থিতিৰ সৃষ্টি হয়।

সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি, পূৰ্বে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি নাথাকিব বুলি উল্লেখ কৰা অধ্যক্ষ ইউটি খাদৰৰ অনুপস্থিতিত উপ অধ্যক্ষ ৰুদ্ৰপ্পা লমাণিয়ে কাৰ্যসূচীৰ সভাপতিত্ব কৰিছিল আৰু বাজেট আৰু দাবীৰ ওপৰত আলোচনা অব্যাহত ৰাখিছল৷

কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ খাদেৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব বিচৰা সদস্যসকলে তেনে কৰি আলোচনাৰ বাবে উভতি আহিব পাৰে বুলি পৰামৰ্শ আগবঢ়ায়।

বিজেপি আৰু জনতা দল (চেকুলাৰ)ৰ বিৰোধী সদস্যসকলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে কংগ্ৰেছ মিত্ৰজোঁটৰ নেতাসকলৰ সেৱাৰ বাবে ৩০ জন আইএএছ বিষয়াক প্ৰতিনিধি  হিচাপে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰি সদনত প্ৰতিবাদ কৰাৰ সময়তে বিজেপিৰ সদস্যসকলে অধ্যক্ষ আৰু উপাধ্যক্ষ লমাণিৰ ওপৰত কাগজ-পত্ৰ নিক্ষেপ কৰি অসন্তুষ্টি প্ৰকাশ কৰে।

কেইবাজনো সদস্যই উপাধ্যক্ষৰ ওপৰত কাগজ-পত্ৰ নিক্ষেপ কৰি থকাত পৰিস্থিতি অধিক তীব্ৰতৰ হৈ পৰে, যাৰ ফলত বিধানসভাত বিশৃংখলতাৰ সৃষ্টি হয়। উপাধ্যক্ষ লমাণিক হুলস্থুলৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াসত বিধানসভাৰ মাৰ্শ্বেলে অধ্যক্ষক ঘেৰি ধৰে।

কংগ্ৰেছ বিধায়কসকলে বিজেপি নেতাসকলৰ "অশান্তিপূৰ্ণ" আচৰণক গৰিহণা দি সদনৰ উত্তেজনাময় পৰিৱেশ আৰু অধিক বৃদ্ধি কৰে। ইয়াৰ পাছতে উপাধ্যক্ষই দিনটোৰ বাবে কাৰ্যসূচী স্থগিত ৰাখে।

সদন স্থগিত ৰখাৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাইকে ধৰি বিজেপি নেতাসকলে অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ ক্ষেত্ৰত বিবেচনা প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ