--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমলখি এবিধ পুষ্টিকৰ ফল যিয়ে স্বাস্থ্যৰ বহু উপকাৰ প্ৰদান কৰে। ইয়াত ভিটামিন চি, এন্টিঅক্সিডেন্ট, আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে, হাড় শক্তিশালী কৰিব পাৰে, আৰু ছালখন সুস্থ কৰি ৰাখিব পাৰে। আমলখিত বহু ধৰণৰ যৌগ পোৱা যায়। আমলখি এচিডিক প্ৰকৃতিৰ আৰু ইয়াত অধিক পৰিমাণৰ ছডিয়াম আৰু পটাছিয়াম থাকে, যাৰ বাবে ই একাংশ লোকৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

আজি এই প্ৰতিবেদনত আমি ক'ম কোনবোৰ মানুহৰ আমলখিয়ে ক্ষতি কৰিব পাৰে। তেনে লোকক আমলখি খোৱাত চিকিৎসকে নিষেধ কৰে। কোনে কোনে আমলখি খাব নালাগে আৰু কিয় জানো আহক?

১) এচিডিটিত আক্ৰান্তঃ আমলখিত অধিক পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত এচিডৰ উৎপাদন বৃদ্ধি পাব পাৰে। যদি আপুনি এচিডিটিত আক্ৰান্ত, তেন্তে আমলখিৰ সেৱন সীমিত হ’ব লাগে।

২) বৃক্কৰ ৰোগত আক্ৰান্তঃ যিসকলে বৃক্কৰ ৰোগত আক্ৰান্ত, তেওঁলোকে আমলখি একেবাৰে খাব নালাগে। যদি কিডনী ৰোগীয়ে আমলখি সেৱন কৰে, তেন্তে শৰীৰত ছডিয়ামৰ মাত্ৰা বৃদ্ধি পায় আৰু ইয়াৰ কাৰ্য্যত প্ৰভাৱ পৰে।

৩) তেজৰ চেনিৰ পৰিমাণ কম হোৱাত আক্ৰান্তঃ আমলখিয়ে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। যদি আপুনি তেজত শৰ্কৰা কম হোৱাত ভুগি আছে তেন্তে আমলখি সেৱন কৰিব নালাগে। ইয়াৰ উপৰিও যিসকলে মধুমেহ ৰোগ প্ৰতিৰোধী ঔষধ সেৱন কৰে তেওঁলোকেও আমলখি খোৱাৰ পৰা বিৰত থাকিব লাগে।

৪) গৰ্ভৱতী বা দুগ্ধপান কৰা মহিলাঃ গৰ্ভৱতী বা দুগ্ধপান কৰা মহিলাসকলে আমলখি খোৱাৰ আগতে চিকিৎসকৰ সৈতে কথা পাতিব লাগে। 

৫) যিসকলৰ অস্ত্ৰোপচাৰ হ’বলৈ ওলাইছেঃ অদূৰ ভৱিষ্যতে যিসকল লোকে অস্ত্ৰোপচাৰ কৰিবলৈ ওলাইছে তেওঁলোকে আমলখি খাব নালাগে। ইয়াক খালে ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। সেইবাবেই চিকিৎসকে পৰামৰ্শ দিয়ে যে অস্ত্ৰোপচাৰৰ কমেও ২ সপ্তাহ আগতে আমলখি সেৱন কৰিব নালাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা