--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমলখি এবিধ পুষ্টিকৰ ফল যিয়ে স্বাস্থ্যৰ বহু উপকাৰ প্ৰদান কৰে। ইয়াত ভিটামিন চি, এন্টিঅক্সিডেন্ট, আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে, হাড় শক্তিশালী কৰিব পাৰে, আৰু ছালখন সুস্থ কৰি ৰাখিব পাৰে। আমলখিত বহু ধৰণৰ যৌগ পোৱা যায়। আমলখি এচিডিক প্ৰকৃতিৰ আৰু ইয়াত অধিক পৰিমাণৰ ছডিয়াম আৰু পটাছিয়াম থাকে, যাৰ বাবে ই একাংশ লোকৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

আজি এই প্ৰতিবেদনত আমি ক'ম কোনবোৰ মানুহৰ আমলখিয়ে ক্ষতি কৰিব পাৰে। তেনে লোকক আমলখি খোৱাত চিকিৎসকে নিষেধ কৰে। কোনে কোনে আমলখি খাব নালাগে আৰু কিয় জানো আহক?

১) এচিডিটিত আক্ৰান্তঃ আমলখিত অধিক পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত এচিডৰ উৎপাদন বৃদ্ধি পাব পাৰে। যদি আপুনি এচিডিটিত আক্ৰান্ত, তেন্তে আমলখিৰ সেৱন সীমিত হ’ব লাগে।

২) বৃক্কৰ ৰোগত আক্ৰান্তঃ যিসকলে বৃক্কৰ ৰোগত আক্ৰান্ত, তেওঁলোকে আমলখি একেবাৰে খাব নালাগে। যদি কিডনী ৰোগীয়ে আমলখি সেৱন কৰে, তেন্তে শৰীৰত ছডিয়ামৰ মাত্ৰা বৃদ্ধি পায় আৰু ইয়াৰ কাৰ্য্যত প্ৰভাৱ পৰে।

৩) তেজৰ চেনিৰ পৰিমাণ কম হোৱাত আক্ৰান্তঃ আমলখিয়ে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। যদি আপুনি তেজত শৰ্কৰা কম হোৱাত ভুগি আছে তেন্তে আমলখি সেৱন কৰিব নালাগে। ইয়াৰ উপৰিও যিসকলে মধুমেহ ৰোগ প্ৰতিৰোধী ঔষধ সেৱন কৰে তেওঁলোকেও আমলখি খোৱাৰ পৰা বিৰত থাকিব লাগে।

৪) গৰ্ভৱতী বা দুগ্ধপান কৰা মহিলাঃ গৰ্ভৱতী বা দুগ্ধপান কৰা মহিলাসকলে আমলখি খোৱাৰ আগতে চিকিৎসকৰ সৈতে কথা পাতিব লাগে। 

৫) যিসকলৰ অস্ত্ৰোপচাৰ হ’বলৈ ওলাইছেঃ অদূৰ ভৱিষ্যতে যিসকল লোকে অস্ত্ৰোপচাৰ কৰিবলৈ ওলাইছে তেওঁলোকে আমলখি খাব নালাগে। ইয়াক খালে ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। সেইবাবেই চিকিৎসকে পৰামৰ্শ দিয়ে যে অস্ত্ৰোপচাৰৰ কমেও ২ সপ্তাহ আগতে আমলখি সেৱন কৰিব নালাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ