--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রকৃত ডেইৰীৰ পৰিৱৰ্তে ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি গোপনে ফেক্টৰীটোত যোৱা ৫ বছৰে ভেজাল গাখীৰ প্ৰস্তুত কৰি থকা হৈছিল।

ডিজিটেল ডেস্ক : পুষ্টিকৰ খাদ্য গাখীৰক বৰবিহত পৰিণত কৰা গুজৰাটৰ এটা ফেক্টৰী উৎখাত কৰিবলৈ সক্ষম হৈছে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই)। 


প্রকৃত ডেইৰীৰ পৰিৱৰ্তে ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি গোপনে ফেক্টৰীটোত যোৱা ৫ বছৰে ভেজাল গাখীৰ প্ৰস্তুত কৰি থকা হৈছিল। যোৱা ৮ ফেব্ৰুৱাৰীত এফ এছ এছ এ আয়ে নিশ্চিত কৰে যে গুজৰাটৰ সবৰকণ্ঠ জিলাৰ এটা গাখীৰ প্ৰস্তুতকাৰী ফেক্টৰীত তেওঁলোকৰ বিষয়াবর্গই তালাচী চলায়। 


ফেক্টৰীটোত ইউৰিয়া আৰু ডিটাৰজেণ্ট পাউডাৰেৰে প্ৰস্তুত কৰা গাখীৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰি আহিছিল এটা অসাধু ব্যৱসায়ী চক্রই। জনস্বাস্থ্যৰ প্রতি গভীৰ উদ্বেগৰ সৃষ্টি কৰি অহা এই চক্রটোৱে কম পৰিমাণৰ প্ৰকৃত গাখীৰৰ সৈতে ইউৰিয়া আৰু সংসাধিত পাউডাৰ মিশ্ৰণ কৰি গাখীৰৰ নামত বৰবিহ বিক্ৰী কৰি আহিছিল। 


অনুসন্ধানকাৰীসকলে কয় যে দৈনিক ১৭০০-১৮০০ লিটাৰ ভেজাল গাখীৰ প্ৰস্তুত কৰোঁতে কেৱল ৩০০ লিটাৰহে প্রকৃত গাখীৰৰ মিশ্ৰণ কৰিছিল অসাধু ব্যৱসায়ী চক্রটোৱে। গুজৰাট আৰক্ষীৰ অপৰাধ শাখাই এফ এছ এছ এ আইৰ সৈতে যুটীয়া অভিযান চলাই জিলাখনৰ চালাল গাঁৱত থকা শ্রীসত্য ডেইৰী প্রডাক্ট ফেক্টৰীটো উৎখাত কৰে আৰু প্ৰায় ৪০০০ লিটাৰ ভেজাল গাখীৰ জব্দ কৰে আৰু প্রায় ৭১ লাখ টকাৰ কেঁচা সামগ্ৰী আৰু ৰাসায়নিক দ্রব্য নষ্ট কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু