--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রকৃত ডেইৰীৰ পৰিৱৰ্তে ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি গোপনে ফেক্টৰীটোত যোৱা ৫ বছৰে ভেজাল গাখীৰ প্ৰস্তুত কৰি থকা হৈছিল।

ডিজিটেল ডেস্ক : পুষ্টিকৰ খাদ্য গাখীৰক বৰবিহত পৰিণত কৰা গুজৰাটৰ এটা ফেক্টৰী উৎখাত কৰিবলৈ সক্ষম হৈছে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই)। 


প্রকৃত ডেইৰীৰ পৰিৱৰ্তে ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি গোপনে ফেক্টৰীটোত যোৱা ৫ বছৰে ভেজাল গাখীৰ প্ৰস্তুত কৰি থকা হৈছিল। যোৱা ৮ ফেব্ৰুৱাৰীত এফ এছ এছ এ আয়ে নিশ্চিত কৰে যে গুজৰাটৰ সবৰকণ্ঠ জিলাৰ এটা গাখীৰ প্ৰস্তুতকাৰী ফেক্টৰীত তেওঁলোকৰ বিষয়াবর্গই তালাচী চলায়। 


ফেক্টৰীটোত ইউৰিয়া আৰু ডিটাৰজেণ্ট পাউডাৰেৰে প্ৰস্তুত কৰা গাখীৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰি আহিছিল এটা অসাধু ব্যৱসায়ী চক্রই। জনস্বাস্থ্যৰ প্রতি গভীৰ উদ্বেগৰ সৃষ্টি কৰি অহা এই চক্রটোৱে কম পৰিমাণৰ প্ৰকৃত গাখীৰৰ সৈতে ইউৰিয়া আৰু সংসাধিত পাউডাৰ মিশ্ৰণ কৰি গাখীৰৰ নামত বৰবিহ বিক্ৰী কৰি আহিছিল। 


অনুসন্ধানকাৰীসকলে কয় যে দৈনিক ১৭০০-১৮০০ লিটাৰ ভেজাল গাখীৰ প্ৰস্তুত কৰোঁতে কেৱল ৩০০ লিটাৰহে প্রকৃত গাখীৰৰ মিশ্ৰণ কৰিছিল অসাধু ব্যৱসায়ী চক্রটোৱে। গুজৰাট আৰক্ষীৰ অপৰাধ শাখাই এফ এছ এছ এ আইৰ সৈতে যুটীয়া অভিযান চলাই জিলাখনৰ চালাল গাঁৱত থকা শ্রীসত্য ডেইৰী প্রডাক্ট ফেক্টৰীটো উৎখাত কৰে আৰু প্ৰায় ৪০০০ লিটাৰ ভেজাল গাখীৰ জব্দ কৰে আৰু প্রায় ৭১ লাখ টকাৰ কেঁচা সামগ্ৰী আৰু ৰাসায়নিক দ্রব্য নষ্ট কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ