--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে জুবিন ক্ষেত্ৰৰ সন্মুখত থকা দোকানসমূহে পথছোৱাত যথেষ্ট সমস্যাৰ সৃষ্টি কৰাৰ লগতে উক্ত স্থানত সৰু-বৰ দুৰ্ঘটনা সংঘটিত হোৱাত ইতিমধ্যে বহু লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে।

ডিজিটেল ডেস্ক : অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শয়নস্থলী এতিয়া নতুন ৰূপত দেখিবলৈ পাব অনুৰাগীয়ে। উল্লেখযোগ্য যে জুবিনবিহীন ৪টা মাহ অতিক্ৰম কৰাৰ পাছতো দিনে-নিশাই ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় ঠাইৰ পৰা বিভিন্নজনে জুবিন ক্ষেত্রত উপস্থিত হৈ শ্রদ্ধাঞ্জলি জনাই আহিছে। প্রতিজন অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ আগবঢ়াইছে স্মৃতি সজ্জীৱিত কৰি ৰাখিব পৰা বিভিন্ন সামগ্রী।


ইতিমধ্যে এই সামগ্রীসমূহ জুবিন ক্ষেত্ৰৰ কাষতে থকা অস্থায়ী দোকানবোৰৰ পৰা অনুৰাগীসকলে ক্রয় কৰি শিল্পীগৰাকীলৈ আগবঢ়াই প্রার্থনা কৰিছে। এনেদৰে দিন অতিক্ৰম কৰাৰ পাছতে জুবিন ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বিপণীসমূহ ক্রমান্বয়ে বৃদ্ধি হৈ পৰিছে। সময়ে সময়ে প্রশাসন তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা দোকানসমূহ স্থানান্তৰ কৰাৰ বাবে পত্ৰ প্ৰদান কৰে, কিন্তু ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় চলাই লৈ গৈছিল। 


উল্লেখযোগ্য যে জুবিন ক্ষেত্ৰৰ সন্মুখত থকা দোকানসমূহে পথছোৱাত যথেষ্ট সমস্যাৰ সৃষ্টি কৰাৰ লগতে উক্ত স্থানত সৰু-বৰ দুৰ্ঘটনা সংঘটিত হোৱাত ইতিমধ্যে বহু লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে। জুবিন ক্ষেত্ৰত ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকল আহি অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে একাংশ লোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে জুবিন ক্ষেত্ৰখন সুন্দৰ তথা আধ্যাত্মিকস্থলীৰ ৰূপত নিৰ্মাণ কৰিবলৈও চৰকাৰক অনুৰোধ জনাই আহিছে। প্ৰাণৰ শিল্পীগৰাকীৰ এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত শয়নস্থলী নির্মাণ কৰা হৈছে যদিও কিয় অনুৰাগীসকলে এটা সুস্থিৰ বাতাৱৰণ নাপায়। চৰকাৰে চাৰি মাহ উকলি যোৱাৰ পাছতো সামান্য সুবিধাখিনিও দিব নোৱৰাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে। 


কিয়নো জুবিন ক্ষেত্ৰত শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্ন সম্প্ৰদায়ৰ লোক আহি প্ৰাণৰ শিল্পীজনাক শ্রদ্ধাঞ্জলি জনায়, মনত শান্তি অনুভৱ কৰে। কিন্তু সকলোপিনে অপষ্কিাৰ পৰিৱেশত প্ৰাণৰ জুবিনদাক ৰখাটো অসমৰ ৰাইজে নিবিচাৰে। আৰু এনে চিন্তা কৰিয়ে এজন টেক্সি চালকে জুবিন ক্ষেত্ৰৰ অৰাজক ছবিখন উদঙাই দিছিল। যাৰ পৰিপ্ৰেক্ষিততে শিল্পীগৰাকীৰ সহধর্মিণীয়ে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মালৈ অনুৰোধ জনায়। এই অনুৰোধৰ প্ৰতি সন্মান জনাই জুবিন ক্ষেত্ৰত থকা সকলো অস্থায়ী দোকান আঁতৰাবলৈ নিৰ্দেশ দিয়ে। 


ইতিমধ্যে শিল্পীগৰাকীৰ সহধর্মিণী গৰিমা শইকীয়া গাৰ্গসহ পৰিয়ালৰ লোকসকল জুবিনক্ষেত্রত উপস্থিত হয়। জুবিন ফেন ক্লাবৰ সদস্যসকলে মিলি জুবিন ক্ষেত্ৰত থকা শিল্পীগৰাকীৰ ডাঙৰ হৰ্ডিংসমূহ চাফ-চিকুণ কৰাৰ লগতে গছপুলিসমূহৰো যতন লয়। আনহাতে, চিৰদিনৰ বাবে জিৰণি লোৱা ভগৱানৰজনৰ শয়নস্থলীখনো এফালৰ পৰা চাফ- চিকুণ কৰে। ইপিনে, প্রার্থনাস্থলীতো সহধর্মিণী গৰিমা শইকীয়া গাৰ্গে মৰমৰ জুবিনৰ ফটোফ্রেম তথা সৰু-বৰ বাদ্যযন্ত্র আদি নানা সামগ্ৰীসমূহৰো চাফ-চিকুণ কৰে। ইতিমধ্যে গৰিমা শইকীয়া গার্গে জুবিন ক্ষেত্ৰখন নিৰ্মাণৰ ক্ষেত্ৰত এখন কমিটী গঠন কৰা হৈছিল যদিও বৰ্তমানলৈ কমিটীখনৰ কোনো ধৰণৰ আলোচনাৰ কথা গম নাপায় বুলি উল্লেখ কৰে। 


জুবিন ক্ষেত্ৰখন কেনেকৈ নিৰ্মাণ কৰিব সেইটো পৰিয়ালৰ লোকে গম পোৱাৰ লগতে অসমৰ ৰাইজেও গম পোৱাটো ভাল বুলি উল্লেখ কৰে। বৰ্তমান জুবিন ক্ষেত্র এখন শেষকৃত্য সম্পন্ন হোৱা ঠাই হৈ থকা নাই এইখন বর্তমান পর্যটন ভূমি হোৱাৰ লগতে উপাসনাস্থলী হিচাপে পৰিগণিত হৈছে। গতিকে এইখন ভালকৈ ৰখাটো সকলোৰে দায়িত্ব। নতুন প্রজন্মই যাতে জুবিন ক্ষেত্রত আহি নিজে উপলব্ধ কৰে আচলতে জুবিন গাৰ্গ কোন আছিল। আনহাতে, এখন বিশেষ আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়াও আগবাঢ়াব লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে পানী নসৰাকৈ যাতে বিচাৰ প্ৰক্ৰিয়া চলে, ধৈর্যসহকাৰে আমি বাট চাই আছোঁ বুলি গৰিমা শইকীয়া গার্গে কয়। ইপিনে, জুবিন ক্ষেত্ৰৰ চাৰিসীমাৰ বেৰৰ বাবে বিভাগীয় কর্তৃপক্ষই জোখ-মাপ আৰম্ভ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ