--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৈষ্ণৱে আৰু জনায় যে ৰে'লখনত থাকিব ১৬টা দবা। সেইবোৰৰ ভিতৰত ১১টা এ চি থ্রী টায়াৰ, ৪টা এ চিটু টায়াৰ আৰু এটা ফার্স্ট এ চি কোচ আছে।

ডিজিটেল ডেস্ক: কলকাতা আৰু গুৱাহাটীৰ মাজত চলাচল কৰিবলগীয়া ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনৰ যাত্ৰা অতি সোনকালেই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰিব। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে নতুন দিল্লীত এই কথা জনায়।


এখন সংবাদমেল সম্বোধন কৰি বৈষ্ণৱে কয় যে পশ্চিম বংগৰ হাওৰা আৰু অসমৰ গুৱাহাটীৰ মাজৰ বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনৰ ভাৰা বিমানৰ ভাৰাতকৈ যথেষ্ট কম হ'ব। তেওঁ কয়, 'এই সেৱা অহা ১৫-২০ দিনত আৰম্ভ হ'ব। ১৮ বা ১৯ জানুৱাৰীত আৰম্ভ হোৱাৰ আশা আছে। আমি প্রধানমন্ত্রীক অনুৰোধ জনাইছোঁ আৰু সকলো ঠিক হৈ আছে।


অহা দুদিন বা তিনিদিনৰ ভিতৰত মই সঠিক দিনটোৰ কথা ঘোষণা কৰিম।' বৈষ্ণৱে কয় যে গুৱাহাটী-হাওৰাৰ বিমান ভাৰা হৈছে ৬,০০০ৰ পৰা ৮,০০০ টকা। মন্ত্রীজনে জনায়, 'খাদ্যক ধৰি বন্দে ভাৰতত খ্ৰী টায়াৰ এ চিৰ ভাৰা হ'ব ২,৩০০ টকা, টু টায়াৰ এ চিৰ ৩,০০০ টকা আৰু ফার্স্ট এ চিৰ ৩,৬০০ টকা। মধ্যবিত্ত শ্ৰেণীৰ কথা ভাবিয়েই ভাৰা নিৰ্ধাৰণ কৰা হৈছে।'


বৈষ্ণৱে আৰু জনায় যে ৰে'লখনত থাকিব ১৬টা দবা। সেইবোৰৰ ভিতৰত ১১টা এ চি থ্রী টায়াৰ, ৪টা এ চিটু টায়াৰ আৰু এটা ফার্স্ট এ চি কোচ আছে। ৰে'লখনৰ মুঠ যাত্রী বহন ক্ষমতা হৈছে ৮২৩জন। আৰামদায়ক শ্লীপাৰ বাৰ্থ, স্বয়ংক্রিয় দুৱাৰ আৰু আধুনিক শৌচাগাৰকে ধৰি ৰে'লখনত থাকিব যাত্ৰীৰ লাগতিয়াল সুবিধা।


মন্ত্ৰী বৈষ্ণৱে কয় যে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনৰ পৰীক্ষা (ট্রায়েল, টেষ্টিং) আৰু প্রামাণিকৰণৰ কাম সম্পূৰ্ণ হৈছে। এই শ্লীপাৰ ৰে'লখন ১,০০০ কিল'মিটাৰৰ অধিক দূৰৈৰ যাত্ৰাৰ কথা মনত ৰাখি ডিজাইন কৰা হৈছে। এই ৰে'লখন মাজত ৮টা প্রধান ৰে'ল ষ্টেছনত ৰখাব। সেইকেইটা হৈছে ব্যাণ্ডেল, কাটোৱা, নিউ ফাৰাক্কা, মালদহ, নিউ জলপাইগুৰি, নিউ কোচবিহাৰ আৰু নিউ বঙাইগাঁও। বন্দে ভাৰত শ্লীপাৰ ৰে'লখনে ঘণ্টাত ১৮০ কিল'মিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। ইফালে বুলেট ট্রেইন সন্দৰ্ভত ৰে'ল মন্ত্ৰীয়ে জনায় যে ২০২৭ চনৰ ১৫ আগষ্টত উক্ত ৰে'লৰ যাত্ৰা আৰম্ভ হ'ব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু