--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৈষ্ণৱে আৰু জনায় যে ৰে'লখনত থাকিব ১৬টা দবা। সেইবোৰৰ ভিতৰত ১১টা এ চি থ্রী টায়াৰ, ৪টা এ চিটু টায়াৰ আৰু এটা ফার্স্ট এ চি কোচ আছে।

ডিজিটেল ডেস্ক: কলকাতা আৰু গুৱাহাটীৰ মাজত চলাচল কৰিবলগীয়া ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনৰ যাত্ৰা অতি সোনকালেই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰিব। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে নতুন দিল্লীত এই কথা জনায়।


এখন সংবাদমেল সম্বোধন কৰি বৈষ্ণৱে কয় যে পশ্চিম বংগৰ হাওৰা আৰু অসমৰ গুৱাহাটীৰ মাজৰ বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনৰ ভাৰা বিমানৰ ভাৰাতকৈ যথেষ্ট কম হ'ব। তেওঁ কয়, 'এই সেৱা অহা ১৫-২০ দিনত আৰম্ভ হ'ব। ১৮ বা ১৯ জানুৱাৰীত আৰম্ভ হোৱাৰ আশা আছে। আমি প্রধানমন্ত্রীক অনুৰোধ জনাইছোঁ আৰু সকলো ঠিক হৈ আছে।


অহা দুদিন বা তিনিদিনৰ ভিতৰত মই সঠিক দিনটোৰ কথা ঘোষণা কৰিম।' বৈষ্ণৱে কয় যে গুৱাহাটী-হাওৰাৰ বিমান ভাৰা হৈছে ৬,০০০ৰ পৰা ৮,০০০ টকা। মন্ত্রীজনে জনায়, 'খাদ্যক ধৰি বন্দে ভাৰতত খ্ৰী টায়াৰ এ চিৰ ভাৰা হ'ব ২,৩০০ টকা, টু টায়াৰ এ চিৰ ৩,০০০ টকা আৰু ফার্স্ট এ চিৰ ৩,৬০০ টকা। মধ্যবিত্ত শ্ৰেণীৰ কথা ভাবিয়েই ভাৰা নিৰ্ধাৰণ কৰা হৈছে।'


বৈষ্ণৱে আৰু জনায় যে ৰে'লখনত থাকিব ১৬টা দবা। সেইবোৰৰ ভিতৰত ১১টা এ চি থ্রী টায়াৰ, ৪টা এ চিটু টায়াৰ আৰু এটা ফার্স্ট এ চি কোচ আছে। ৰে'লখনৰ মুঠ যাত্রী বহন ক্ষমতা হৈছে ৮২৩জন। আৰামদায়ক শ্লীপাৰ বাৰ্থ, স্বয়ংক্রিয় দুৱাৰ আৰু আধুনিক শৌচাগাৰকে ধৰি ৰে'লখনত থাকিব যাত্ৰীৰ লাগতিয়াল সুবিধা।


মন্ত্ৰী বৈষ্ণৱে কয় যে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনৰ পৰীক্ষা (ট্রায়েল, টেষ্টিং) আৰু প্রামাণিকৰণৰ কাম সম্পূৰ্ণ হৈছে। এই শ্লীপাৰ ৰে'লখন ১,০০০ কিল'মিটাৰৰ অধিক দূৰৈৰ যাত্ৰাৰ কথা মনত ৰাখি ডিজাইন কৰা হৈছে। এই ৰে'লখন মাজত ৮টা প্রধান ৰে'ল ষ্টেছনত ৰখাব। সেইকেইটা হৈছে ব্যাণ্ডেল, কাটোৱা, নিউ ফাৰাক্কা, মালদহ, নিউ জলপাইগুৰি, নিউ কোচবিহাৰ আৰু নিউ বঙাইগাঁও। বন্দে ভাৰত শ্লীপাৰ ৰে'লখনে ঘণ্টাত ১৮০ কিল'মিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। ইফালে বুলেট ট্রেইন সন্দৰ্ভত ৰে'ল মন্ত্ৰীয়ে জনায় যে ২০২৭ চনৰ ১৫ আগষ্টত উক্ত ৰে'লৰ যাত্ৰা আৰম্ভ হ'ব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ